ETV Bharat / entertainment

বন্ধুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু প্ৰাক্তন বিগ বছৰ প্ৰতিযোগীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:21 PM IST

Bigg Boss fame actress files FIR against friend for alleged rape
বিগ বছৰ প্ৰতিযোগীয়ে বন্ধুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ তৰে

Bigg Boss fame actress files FIR : বিগ বছত দেখা পোৱা এগৰাকী অভিনেত্ৰীয়ে নিজৰ বন্ধুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে । বিবাহৰ অজুহাতত বন্ধুগৰাকীয়ে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ।

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: টেলিভিশ্যনৰ আটাইতকৈ জনপ্ৰিয় তথা বিতৰ্কিত শ্ব’ হৈছে বিগ বছ ৷ এই শ্ব’টো বিতৰ্কৰ বাবেই পৰিচিত ৷ এতিয়া এই শ্ব’টোৰ প্ৰাক্তন প্ৰতিযোগীৰ বিষয়ে এটা চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে ৷ বিগ বছত ১১ দেখা পোৱা এগৰাকী অভিনেত্ৰী-মডেলে দিল্লীৰ তিগ্ৰী থানাত বন্ধুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে । ভুক্তভোগী অভিনেত্ৰী তথা মডেলগৰাকীৰ মতে, অভিযুক্ত বন্ধুগৰাকীয়ে বিবাহৰ অজুহাতত তেওঁৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ।

ঘটনাৰ বিৱৰণী

আৰক্ষীক দিয়া এজাহাৰত অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছে যে অভিযুক্ত ব্যক্তিজনে তেওঁক ২০২২ চনৰ পৰা চিনি পাইছিল । ২০২৩ চনত, যেতিয়া অভিনেত্ৰীগৰাকী দিল্লীত আছিল, তেতিয়া অভিযুক্তই অভিনেত্ৰীগৰাকীক কৈছিল যে মোৰ বন্ধুৱে আপোনাক লগ কৰিব বিচাৰে আৰু অভিযুক্তই অভিনেত্ৰীগৰাকীৰ লগ কৰিবলৈ জোৰ দিয়ে ।

ভুক্তভোগী অভিনেত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি অভিযুক্তই যেতিয়া অভিনেত্ৰীগৰাকীক লগ কৰিবলৈ আহিছিল তেতিয়া তেওঁৰ সৈতে কিছু সামগ্ৰী লৈ আনিছিল, য’ত কিছু খাদ্য সামগ্ৰীও আছিল, তাৰ পিচত অভিনেত্ৰীগৰাকীক মদ্যপান কৰোৱাই । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে অস্বীকাৰ কৰাৰ পিচতো অভিযুক্তই তেওঁ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে । ইয়াৰ পূৰ্বে অভিযুক্তই তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল । ভুক্তভোগী অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে অভিযুক্তই বিবাহৰ নামত তেওঁৰ নগ্ন ভিডিঅ’ আৰু ছবি অহৰহ বিচাৰিছিল । যেতিয়াই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ লগত বিয়াৰ কথা পাতিছিল তেতিয়াই তেওঁ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল ।

আক্ৰমণ আৰু ধন লোৱাৰ অভিযোগ

অভিযুক্তই গৰ্ভপাত কৰাইছিল বুলিও অভিযোগ কৰে ভুক্তভোগী অভিনেত্ৰীগৰাকীয়ে । লগতে অভিযুক্তৰ বিৰুদ্ধে মাৰপিট কৰা আৰু ধন লোৱাৰো অভিযোগ উত্থাপন কৰে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৩৭৬/৫০৬ আইপিচি ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: ডংৰিত হোৱা বিপুল জনসমাগমৰ বাবেই বিপদত পৰিব পাৰে মুনাৱাৰ ফাৰুকী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.