ETV Bharat / entertainment

আজি ছবিগৃহত মুক্তি পালে য়ামী গৌতমৰ আৰ্টিকেল ৩৭০

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 4:16 PM IST

Article 370 Box Office Collection Day 1: য়ামী গৌতম অভিনীত বহু প্ৰত্যাশিত ছবি ‘আৰ্টিকেল ৩৭০’ আজি ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে ।

Article 370 Box Office Opening: Yami Gautam and Priyamani's Film off to a Good Start
আৰ্টিকেল ৩৭০ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল য়ামী গৌতমৰ ছবি ‘আৰ্টিকেল ৩৭০’ৰ বাবে। ছবিখনৰ জোৰদাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা ‘আৰ্টিকেল ৩৭০’ক লৈ চৰ্চা আৰম্ভ হৈছিল । আনকি প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ এখন ৰেলীৰ সময়ত য়ামী গৌতমৰ ‘আৰ্টিকেল ৩৭০’ৰ কথা উল্লেখ কৰিছিল, যাৰ ফলত ছবিখনক লৈ ৰাইজৰ মাজত আৰু অধিক চৰ্চাৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে আজি ছবিগৃহত মুক্তি পালে ‘আৰ্টিকেল ৩৭০’ ৷ ছবিগৃহত মুক্তি পোৱাৰ লগে লগে এই ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । এই প্ৰতিবেদনত জানো আহক 'আৰ্টিকেল ৩৭০' এ মুক্তিৰ প্ৰথম দিনা কিমান টকা উপাৰ্জন কৰিব ৷

প্ৰথম দিনটোত কিমান কোটি টকাৰে মুকলি হ’ব 'আৰ্টিকেল ৩৭০' ?

যোৱা বছৰ ‘অ’এমজি ২’ত দেখা পোৱা গৈছিল য়ামী গৌতমক ৷ ‘অ’এমজি ২’ৰ পিচত এতিয়া ‘আৰ্টিকেল ৩৭০’ত দেখা গৈছে য়ামীক । এই ছবিখন কাশ্মীৰৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ আধাৰত নিৰ্মিত । ৰাষ্ট্ৰীয় বঁটা বিজয়ী আদিত্য সুহাস জম্ভালৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে সমালোচক আৰু দৰ্শকৰ ইতিবাচক সমালোচনা লাভ কৰিছে ।

ছ’চিয়েল মিডিয়াতো এই ছবিখনক যথেষ্ট প্ৰশংসা কৰা হৈছে । বিশেষকৈ য়ামী গৌতমৰ বলিষ্ঠ অভিনয়ে ছবিখনত প্ৰাণ ঢালি দিছে । এনে পৰিস্থিতিত ছবিখন চাবলৈ চিনেমাগৃহত দেখা গৈছে দৰ্শকৰ ভিৰ । এতিয়া প্ৰকাশ পাইছে ‘আৰ্টিকেল ৩৭০’ৰ প্ৰথম দিনাৰ উপাৰ্জন ।

Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপ’ৰ্ট অনুসৰি ‘আৰ্টিকেল ৩৭০’ মুক্তিৰ প্ৰথম দিনাই এতিয়ালৈকে ৫ কোটি টকা সংগ্ৰহ কৰিছে ।

অৱশ্যে এয়া প্ৰাৰম্ভিক হিচাপহে, নিশাৰ ভিতৰত ছবিখনৰ উপাৰ্জন বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক: আৰ মাধৱনৰ ক’লা যাদুৰ পৰা কন্যাক ৰক্ষা কৰিব পাৰিবনে অজয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.