ETV Bharat / entertainment

বিগ বছ ১৭ৰ পিচতে ডাঙৰ অফাৰ লাভ অংকিতা লোখাণ্ডেৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:00 PM IST

Ankita Lokhande on Swatantrya Veer Savarkar Film: বিগ বছ ১৭ৰ পিচত এতিয়া অংকিতা লোখাণ্ডে ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ শীৰ্ষক জীৱনীমূলক ছবিৰে বলীউডত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে ।

Ankita Lokhande set for Bollywood return with Randeep Hooda starrer film Swatantrya Veer Savarkar
স্বতন্ত্ৰ বীৰ সাৱৰকাৰ ছবিৰে বলীউডত পুনৰ প্ৰত্যাৱৰ্তন কৰিব অংকিতা লোখাণ্ডে

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: ৰণদ্বীপ হুড্ডাৰ পৰিচালিত ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ ছবিখন ২০২৪ বৰ্ষৰ মাৰ্চ মাহত ছবিগৃহত মুক্তি পাব । অৱশ্যে এতিয়া ছবিখনে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ কিন্তু কিয় বাতৰিৰ শিৰোনাম দখল কৰিছে সেয়া জনোৱাৰ পূৰ্বে উল্লেখ কৰিব বিচাৰো যে বিগত কেইবামাহৰ পৰা বিগ বছ ১৭ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে টেলিভিজনৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখাণ্ডেই ৷ শেহতীয়াকৈ ঘোষণা হ’ল শ্ব’টোৰ বিজয়ীৰ নাম ৷ কিন্তু শ্ব’টোৰ বিজয়ী নহ’ল অংকিতা লোখাণ্ডে ৷ অৱশ্যে শ্ব’টোৰ পৰা ওলোৱাৰ পিচতে অংকিতাই লাভ কৰিলে ডাঙৰ অফাৰ ৷

দৰাচলতে ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব অংকিতা লোখাণ্ডেক ৷ অৰ্থাৎ ৰণদ্বীপ হুড্ডাৰ বিপৰীতে ছবিখনত অংকিতা লোখাণ্ডেক মুখ্য চৰিত্ৰত দেখা যাব ।

বিগ বছ ১৭ৰ পিচত এতিয়া এই ছবিখনত দেখা যাব অংকিতাক

বিগ বছ ১৭ ৰ পিচত এতিয়া অংকিতা লোখাণ্ডে ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ শীৰ্ষক জীৱনীমূলক ছবিৰ জৰিয়তে বলীউডত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে । ‘পবিত্ৰ ৰিস্তা’ খ্যাত অভিনেত্ৰীগৰাকীয়ে ৰণদ্বীপ হুড্ডাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ অংশ হিচাপে কাম কৰিব, য’ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ ছবিখন ঐতিহাসিক ব্যক্তিৰ জীৱনৰ আধাৰত নিৰ্মিত । এই ছবিখনত ৰণদ্বীপ হুড্ডাৰ পৰিচালনাই ইয়াক অধিক বিশেষ কৰি তুলিছে । অৰ্থাৎ এই ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব ৰণদ্বীপে ৷ অভিনেতাগৰাকীয়ে মুক্তিৰ তাৰিখ ঘোষণা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি লিখিছিল, ‘‘শ্ৰী সাৱৰকাৰৰ সৈতে কালাপানীত প্ৰায় দুবছৰ কটোৱাৰ পিচত এতিয়া তেওঁ স্বাধীনতাৰ দিশত খোজ দিয়াৰ সময় আহি পৰিছে। কিন্তু ই মোক অভিনেতা হিচাপে নিজৰ বাহিৰলৈ গৈ চলচ্চিত্ৰ পৰিচালক হ’বলৈ আৰু বহুতো কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।’’

ৰণদ্বীপ হুড্ডা, অংকিতা লোখাণ্ডে আৰু অমিত ছিয়াল অভিনীত ছবিখন ২০২৪ চনৰ ২২ মাৰ্চত ছবিগৃহত মুক্তি পাব ৷ হিন্দী আৰু মাৰাঠী দুটা ভাষাত মুক্তি পাব ছবিখন ৷ উল্লেখ্য যে, ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ ভাৰতৰ স্বাধীনতা সংগ্ৰামী বীৰ সাৱৰকাৰৰ বায়’পিক ।

লগতে পঢ়ক: ডংৰিত হোৱা বিপুল জনসমাগমৰ বাবেই বিপদত পৰিব পাৰে মুনাৱাৰ ফাৰুকী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.