কোন আলিয়া ভাটৰ জিগ্ৰা ? অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে সামৰণি ফটো
Alia Bhatt : অভিনেত্ৰী আলিয়া ভাটৰ আগন্তুক ছবি ‘জিগ্ৰা’ শীঘ্ৰেই মুক্তি পাব ছবিগৃহত ৷ ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হৈছে । আলিয়াই প্ৰথমবাৰৰ বাবে ছবিখনৰ পৰা নিজৰ লুক শ্বেয়াৰ কৰিছে । ছবিখনত তেওঁৰ সৈতে বেদাং ৰাইনাকো দেখা গৈছে ।

Published : February 23, 2024 at 2:18 PM IST
চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: আলিয়া ভাটে উৎকৃষ্ট অভিনয়ৰে বলীউডত নিজৰ এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে ৷ সেয়েহে, দেশৰ চুকে-কোণে আছে আলিয়াৰ অনুৰাগী ৷ ইয়াৰ উপৰিও দেশৰ লগতে বিদেশতো আছে আলিয়াৰ অনুৰাগী ৷ আলিয়াৰ অভিনয় অনুৰাগীয়ে যথেষ্ট ভাল পায় ৷ যাৰ বাবে আলিয়াৰ ইখনৰ পিচত সিখনকৈ ছবি হিট হয় ৷
ইয়াৰ উপৰিও তেওঁ এতিয়ালৈকে বহু ফিল্মফেয়াৰ বঁটাও লাভ কৰিছে । বিগত বছৰটো আলিয়া ভাটৰ বাবে এটা অতি সুন্দৰ বছৰ আছিল। কাৰণ ২০২৩ বৰ্ষত বলিষ্ঠ অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে আলিয়াই । এতিয়া এই বছৰতো ছবিগৃহত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অভিনেত্ৰীগৰাকী ৷ শীঘ্ৰেই অভিনেত্ৰীগৰাকীক দেখা যাব ‘জিগ্ৰা’ ছবিখনত ৷ ইতিমধ্যেই সমাপ্ত হৈছে ছবিখনৰ শ্বুটিং ৷
ছবিখনৰ শ্বুটিঙৰ দৃশ্য দেখুৱাইছে আলিয়াই
আলিয়া ভাটে অনুৰাগীৰ বাবে ইনষ্টাগ্ৰামত বহু ছবি পোষ্ট কৰিছে । ছবিবোৰত তেওঁক অভিনেতা বেদাং ৰাইনাৰ সৈতে দেখা গৈছে । অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এগৰাকী প্ৰযোজক তথা অভিনেত্ৰী হিচাপে তেওঁৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে অনুৰাগীক তথ্য প্ৰদান কৰে । ইনষ্টাগ্ৰাম পোষ্টত ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হোৱা বুলি শ্বেয়াৰ কৰে অনুৰাগীয়ে ।
অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘‘জিগ্ৰা অ’... আবকি তেৰি বাৰী হো, বেদাং ৰাইনা আৰু এয়া জিগ্ৰা ছবিৰ সামৰণি । সোনকালেই আপোনালোকক লগ পাম ৷’’ তেওঁ লগতে লিখিছে যে ছবিখন ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ।
বহু চেলিব্ৰিটিয়ে এই পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত আছে জাহ্নৱী কাপুৰ, ছোনী ৰাজদানকে ধৰি বহু অভিনেতা । এই তাৰকাসকলে ছবিখনৰ নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীসকলক অভিনন্দন জনাইছে । ইয়াৰ উত্তৰত বেদাঙে লিখিছে, ‘‘এতিয়ালৈকে শ্ৰেষ্ঠ ।’’ ছোনী ৰাজদানে লিখিছে, ‘‘আমাৰ জিগ্ৰাসকলক অভিনন্দন ।’’
যোৱা বছৰ ছবিখনৰ কথা ঘোষণা কৰা হৈছিল
যোৱা বছৰ আলিয়াই ‘জিগ্ৰা’ৰ কথা মোশ্যন পোষ্টাৰৰ জৰিয়তে ঘোষণা কৰিছিল ৷ য’ত তেওঁ নিজৰ এআই ছবি পোষ্ট কৰিছিল । ‘মনিকা অ’ মাই ডাৰ্লিং’ আৰু ‘পেডলাৰ্ছ’ৰ দৰে ছবিৰ বাবে পৰিচিত ভাছন বালাই এই ছবিখন পৰিচালনা কৰিছে । ছবিখনত আলিয়াই দ্বৈত চৰিত্ৰত অভিনয় কৰিছে । কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যন আৰু আলিয়াৰ নিজা প্ৰডাকশ্যন হাউছ ইটাৰ্নেল ছানশ্বাইনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ‘জিগ্ৰা’ । চলিত বৰ্ষৰ ২৭ ছেপ্টেম্বৰত মুক্তি পাব এই ছবিখন ।
লগতে পঢ়ক: অলৌকিক শক্তিৰ সন্মুখীন হৈছিল অজয় দেৱগন ! খোদ এই কথা প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে

