ETV Bharat / entertainment

ভিডিঅ’ মেছেজৰ জৰিয়তে অক্ষয়-টাইগাৰে জনালে শুভেচ্ছা

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 2:17 PM IST

Akshay Kumar On Ram Mandir: আজি অযোধ্যাত সম্পন্ন হৈছে ৰাম মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা । এই ঐতিহাসিক ক্ষণত অংশগ্ৰহণ কৰিছে বহু চেলিব্ৰিটিয়ে ৷ কিন্তু এই বিশেষ ক্ষণত দেখা নগ’ল অক্ষয় কুমাৰক ৷ এতিয়া এটা ভিডিঅ’ মুকলি কৰি অক্ষয় কুমাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ।

Akshay Kumar likely to miss Ram Lalla consecration ceremony, shares video
ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: আজি ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে অযোধ্যাত । বলীউড আৰু দক্ষিণৰ চলচ্চিত্ৰ জগতৰ বহু তাৰকাই ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই ঐতিহাসিক ক্ষণত অংশগ্ৰহণ কৰিছে। বলীউডৰ বহু চলচ্চিত্ৰ তাৰকাই ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল । সেয়েহে, বহু চেলিব্ৰিটিক ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ অৱশ্যে এই শুভ ক্ষণত দেখা নগ’ল অক্ষয় কুমাৰক । এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় যে অক্ষয় কুমাৰ কিয় অযোধ্যালৈ নগ’ল ? এইবোৰ প্ৰশ্নৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ মুকলি কৰি ৰাম মন্দিৰক লৈ এক বিবৃতি প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে ।

২২ জানুৱাৰীত অৰ্থাৎ আজি অযোধ্যাত এক ঐতিহাসিক অনুষ্ঠানৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় । বলীউডৰ বহু চেলিব্ৰিটিয়ে প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰে । কিন্তু অভিনেতা অক্ষয় কুমাৰক দেখা নগ’ল এই অনুষ্ঠানত ৷ যাৰ বাবে নেটিজেনে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় অক্ষয় কুমাৰক অযোধ্যাত উপস্থিত থকা দেখা নগ’ল । এনে পৰিস্থিতিত অক্ষয় কুমাৰে এটা ভিডিঅ’ মুকলি কৰি নিজৰ মত প্ৰকাশ কৰিছে । শেহতীয়াকৈ পোৱা খবৰ অনুসৰি অক্ষয় কুমাৰ বৰ্তমান জৰ্ডানত আছে । এতিয়া জৰ্ডানৰ পৰাই তেওঁ টাইগাৰ শ্ৰফৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

ভিডিঅ’টোত দুয়োজন অভিনেতাই হাতযোৰ কৰি জয় শ্ৰী ৰাম ধ্বনি দিয়ে ৷ তাৰ পিচত অক্ষয়ে কয়, “নমস্কাৰ, মই অক্ষয় কুমাৰ আৰু মোৰ বন্ধু টাইগাৰ শ্ৰফ মোৰ লগত আছে... আমাৰ দুয়োৰে পৰা আপোনালোক সকলোকে জয় শ্ৰী ৰাম । আজিৰ দিনটো ভাৰতৰ বাবে বহুত বহুত ডাঙৰ দিন । প্ৰায় এশ বছৰৰ প্ৰতিশ্ৰুতিৰ পিচত আজি ৰামলালা আহি আছে অযোধ্যাৰ মন্দিৰলৈ ।’’ ইয়াৰ পিচতে টাইগাৰে কয়, ‘‘আমি সকলোৱে সৰুৰে পৰাই শুনি আহিছো, কিন্তু এতিয়া এয়া বাস্তবায়িত হ’ল ৷ আমি সকলোৱে বন্তি জ্বলাই শ্ৰীৰামক উদযাপন কৰিম ।’’ ইয়াৰ পিচত পুনৰ অক্ষয়ে কয়, ‘‘আমাৰ দুয়োৰে পৰা আমি আপোনালোক আৰু আপোনাৰ পৰিয়ালক ৰামোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷”

উল্লেখ্য যে, অক্ষয় কুমাৰ বৰ্তমান তেওঁৰ ছবি বাড়ে মিঞা ছোটে মিঞাৰ শ্বুটিঙত ব্যস্ত হৈ আছে । যাৰ বাবে তেওঁ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ৷

লগতে পঢ়ক: প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ নকৰে অক্ষয় কুমাৰে ! আঁৰৰ কাৰণ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.