ETV Bharat / entertainment

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে অজয় দেৱগণৰ শুভেচ্ছামূলক বাৰ্তা - PM MODI oath taking ceremony

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 5:11 PM IST

PM Modi swearing in ceremony : আজি অৰ্থাৎ ৯ মে'ত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল'ব । শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বলীউড অভিনেতা অজয় দেৱগনে মোদীলৈ শুভকামনা প্ৰেৰণ কৰিছে ।

PM Modi swearing in ceremony
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে অজয় দেৱগণৰ শুভেচ্ছামূলক বাৰ্তা (ETV BHARAT HINDI)

নেশ্যনেল ডেস্ক, 9 জুন : ৯ মে'ত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব । আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । মোদীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে অভিনেতা অজয় দেৱগনে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ ল’বৰ বাবে অভিনন্দন জনায় ।

'সিংঘম' তাৰকাগৰাকীয়ে দেওবাৰে তেওঁৰ এক্স একাউণ্টক অভিনন্দন জনাই লিখিছিল যে, " প্ৰধানমন্ত্ৰী পদত পুনৰ নিৰ্বাচিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছো । তেওঁৰ জ্ঞান আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আমাৰ ভাৰতক সমৃদ্ধি আৰু মহানতাৰ দিশে লৈ যোৱাত তেওঁৰ সফলতা কামনা কৰিছো ।

নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিচত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদী দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হ’ব ৷ তেওঁৰ সৈতে, তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলেও শপত ল'ব । এই শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, নেপাল, শ্ৰীলংকা আৰু মালদ্বীপৰ নেতাকে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকিব । তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সমগ্ৰ ৰাজধানী চহৰখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

অজয় দেৱগানৰ চলচ্চিত্ৰৰ বিষয়ে ক'বলৈ গ'লে, অজয় দেৱগন অভিনীত ছবি চৈতান আৰু মৈদান শেহতীয়াকৈ মুক্তি লাভ কৰিছিল ৷ চৈতান ছবিখনত আৰ মাধৱন আৰু জ্যোতিকাৰ সৈতে অজয়ে স্ক্ৰীণ শ্বেয়াৰ কৰিছিল ৷ চৈতান ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছিল ৷ আনহাতে সমালোচকসকলেও এই ছবিখনক প্ৰশংসা কৰিছিল । তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ৰোহিত ছেট্টীৰ 'সিংঘম এগেইন' ৷

লগতে পঢ়ক: হায়দৰাবাদত এদিনৰ বাবে বন্ধ 'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণ - New assamese film rudra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.