ETV Bharat / entertainment

এক দীঘলীয়া বিৰতিৰ মূৰত পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে গায়ত্ৰী মহন্ত ; দেখা পোৱা যাব এইখন বোলছবিত

১২ ছেপ্টেম্বৰত আহি আছে এখন নতুন অসমীয়া ছবি "হোমৱৰ্ক"। দেওবাৰে মহানগৰীৰ টাউন ক্লাৱত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ আৰু এটা গীত।

assamese movie homework
নতুন অসমীয়া ছবি "হোমৱৰ্ক" (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 18, 2025 at 11:24 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ঘোষণা হ'ল আহিবলগীয়া নতুন অসমীয়া ছবি "হোমৱৰ্ক"ৰ মুক্তিৰ দিন । পৰিচালক অচিন্ত শংকৰৰ পৰিচালনাৰে অহা ১২ ছেপ্টেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব ছবিখনে । আউট ৰীচ এডভাৰটাইজিং প্ৰাইভেট লিমিটেডৰ বেনাৰত শিশুৰ লগতে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই বাণিজ্যিক ছবিখন । আনহাতে ছবিখনৰ লগত খাপ খোৱাকৈ নতুনকৈ সজাই লোৱা হৈছে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত "যন্ত্ৰ" ৷

দেওবাৰে মহানগৰীৰ টাউন ক্লাৱত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ আৰু এটি গীত । উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক জগতখনৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি । ছবিখন মূলত শিশুক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে যদিও অভিভাৱক, শিক্ষকৰ লগতে পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা এখন ছবি বুলি ছবিখনৰ লগত সকলোৱে জানিবলৈ দিছে । বৰ্তমান শিশুৰ মনস্তাত্বিক পৰিস্থিতিৰ সৈতে পিতৃ-মাতৃৰ দায়ৱদ্ধতা সম্পৰ্কেও ইয়াত চিত্ৰায়ন কৰা হৈছে।

পৰিচালক-তাৰকাৰ মন্তব্য (ETV Bharat Assam)

ছবিখন সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত পৰিচালক অচিন্ত শংকৰে কয়, "এনেধৰণৰ ছবি খুব কমকৈ নিৰ্মাণ কৰা হৈছে এতিয়ালৈকে, যিমান নিৰ্মাণ হ'ব লাগিছিল সিমান হোৱা নাই। ছবিখনৰ মুখ্য চৰিত্ৰত যদিও এগৰাকী শিশু আছে কিন্তু ছবিখন শিশুকেন্দ্ৰিক নহয় । ছবিখনৰ জৰিয়তে প্ৰাপ্তবয়স্কসকলে তেওঁলোকৰ শৈশৱক বিচাৰি পাব । প্ৰতিটো বয়স আৰু প্ৰতিটো স্তৰৰ লোকৰ বাবে এই ছবিখন । শিক্ষাৰ লগতে সংস্কাৰৰ কথাও ছবিখনত আছে ।"

assamese movie homework
নতুন অসমীয়া ছবি "হোমৱৰ্ক" ৰ কলা-কুশলী (Photo : ETV Bharat Assam)

আনহাতে ছবিখনত দেখিবলৈ পোৱা যাব এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তক ৷ কেইবাবছৰৰ বিৰতিৰ মূৰত পুনৰ ৰূপালী পৰ্দালৈ উভতি আহিছে অভিনেত্ৰী গায়ত্ৰী মহন্ত । উল্লেখ্যে যে, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মহন্তৰ সুপুত্ৰ সূৰ্যাংগ জিউ মাৰ্ঘেৰিটাই ।

assamese movie homework
নতুন অসমীয়া ছবি "হোমৱৰ্ক"ৰ পোষ্টাৰ (Photo : ETV Bharat Assam)

ছবিখন সন্দৰ্ভত গায়ত্ৰী মহন্তই কয়,"বহুত বছৰৰ মূৰত এটা সৰু চৰিত্ৰত অভিনয় কৰিছোঁ । মুখ্য চৰিত্ৰত মোৰ সন্তান সূৰ্যাংগ জিউ মাৰ্ঘেৰিটাই অভিনয় কৰিছে । মই জীউৰ মামীয়েকৰ চৰিত্ৰত অভিনয় কৰিছোঁ । ছবিখন শিশুকেন্দ্ৰিক বুলি ক’লে ভুল হ'ব । সকলোৰে উপভোগ্য এখন ছবি । "হোমৱৰ্ক" এ আমাৰ সকলোৰে অন্তৰ চুব বুলি আশা কৰিছোঁ ।"

assamese movie homework
নতুন অসমীয়া ছবি "হোমৱৰ্ক" ৰ কলা-কুশলী (Photo : ETV Bharat Assam)

ছবিখনত অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেবজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, গায়ত্ৰী মহন্ত, শিশু শিল্পী সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ, অলংকৃতা পদ্মৰাগ গোস্বামী আদিকে ধৰি বহুত ন-পুৰণি শিল্পীয়ে ৷ হোমৱৰ্কৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ । সংগীতত আছে জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱা ।

লগতে পঢ়ক : শিশুকেন্দ্ৰিক ছবি "হোমৱৰ্ক" ৰ বাবে ন ৰূপত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত “যন্ত্ৰ”