ছানী দেওলৰ লাহোৰ ১৯৪৭ত খলনায়কৰ ভূমিকাত দেখা যাব এইজন অভিনেতাক
Lahore 1947: ছানী দেওলৰ ‘লাহোৰ ১৯৪৭’ৰ সন্দৰ্ভত প্ৰতিদিনে নতুন নতুন আপডেট আহিছে । এতিয়া ছবিখনত আন এজন ডাঙৰ তাৰকাৰ নাম সংযোজন হৈছে, যিজনক খলনায়কৰ চৰিত্ৰত দেখা যাব ।

Published : February 16, 2024 at 5:26 PM IST
চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: বহু প্ৰত্যাশিত ছবি ‘লাহোৰ ১৯৪৭’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ ছুপাৰষ্টাৰ ছানী দেওলে । প্ৰতিদিনে আহিছে ছবিখনৰ সৈতে জড়িত নতুন নতুন আপডেট । এতিয়া ছবিখনৰ খলনায়কৰ নাম প্ৰকাশ কৰিছে নিৰ্মাতাই ।
বলীউডৰ অভিনেতা অভিমন্যু সিঙক ছানী দেওলৰ 'লাহোৰ ১৯৪৭' ছবিত খলনায়কৰ চৰিত্ৰত দেখা যাব ৷ এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে কয়, “সাধাৰণতে আমি যেতিয়াই কোনো খলনায়কৰ চৰিত্ৰৰ কথা ভাবো তেতিয়াই আমাৰ মনলৈ প্ৰথমে আহে অমৃশ জী আৰু ডেনি জীৰ নাম । কিন্তু আমি আগলৈ চাব লাগিব কোনে সন্মুখৰ পৰা ইয়াৰ দায়িত্ব লয় ।’’
তেওঁ লগতে কয়,‘‘আমোদজনক কথাটো হ’ল আমি অভিমন্যু সিঙক ৰছীৰে বান্ধি দিছো, যিয়ে ১৯৪৭ চনৰ লাহোৰত খলনায়ক হিচাপে জোৰদাৰ আৰু মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব । তেওঁৰ কণ্ঠ আৰু তেওঁৰ দৃঢ়তা সঁচাকৈয়ে অতুলনীয় । তেওঁ নিশ্চিতভাৱে আমাৰ উদ্যোগৰ অন্যতম প্ৰতিভাৱান অভিনেতা ।’’
এই ছবিবোৰত দেখা গৈছে অভিমন্যু
উল্লেখ্য যে, হিন্দীৰ উপৰিও অভিমন্যু সিঙে তেলুগু আৰু তামিল ভাষাতো কাম কৰি আহিছে । তেওঁ সদায় নিজৰ ভূমিকাৰে দৰ্শকক আপ্লুত কৰি আহিছে । লক্ষ্য, ওৱান্স আপন এ টাইম ইন মুম্বাই দোবাৰা, ৰাম লীলাৰ দৰে বহুকেইখন ছবিত অভিনয়ৰে তেওঁ দৰ্শকক আপ্লুত কৰিছে ।
‘লাহোৰ ১৯৪৭’ৰ কথা ক’বলৈ আমিৰ খানে নিজৰ প্ৰডাকশ্যন বেনাৰত এই ছবিখন প্ৰযোজনা কৰিছে । এই ছবিখনত দেখা যাব ছানী দেওল আৰু প্ৰীতি জিন্টাৰ যুটি । উল্লেখ্য যে, ১২ ফেব্ৰুৱাৰীৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে । এতিয়া অনুৰাগীয়ে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।
লগতে পঢ়ক: ভক্ষকত উৎকৃষ্ট অভিনয়ৰ বাবে মাতৃয়ে ভূমিক দিলে এক বিশেষ উপহাৰ

