ETV Bharat / entertainment

এই ৫টা কথাই বিশেষ কৰি তুলিছে ‘‘চিটাৰে জমীন পৰ’’ক, কিয় চাব ​​আমিৰ খানৰ নতুন ক্ৰীড়াভিত্তিক ছবিখন

২০ জুনত মুক্তি পাব আমিৰ খানৰ আগন্তুক ছবি ‘‘চিটাৰে জমীন পৰ’’ । জানো আহক এই ছবিখন কিয় চোৱা উচিত...

REASONS TO WATCH SITAARE ZAMEEN PAR
কিয় চাব ​​আমিৰ খানৰ নতুন ক্ৰীড়াভিত্তিক ছবিখন (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : June 18, 2025 at 12:27 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আগন্তুক হিন্দী ছবি ‘‘চিটাৰে জমীন পৰ’’ৰ জৰিয়তে ডাঙৰ পৰ্দালৈ ঘূৰি আহিবলৈ সাজু হৈছে আমিৰ খান । ২০২৫ চনৰ ২০ জুনত মুক্তি পাবলগীয়া এই ক্ৰীড়াভিত্তিক ছবিখনৰ পৰিচালক আৰ. প্ৰসন্ন ৷ ২০০৭ চনৰ আমিৰ খানৰ ছুপাৰহিট ছবি ‘‘তাৰে জমীন পৰ’’ৰ ছিকুৱেল এই ছবিখন ।

আমিৰ খানৰ আগন্তুক ছবিখনে দৰ্শকৰ বাবে বহু অভিজ্ঞতা কঢ়িয়াই আনিছে । মুক্তিৰ পূৰ্বে ছবিখন চোৱাৰ ৫টা কাৰণ জানি লওক ৷

  • নতুন তাৰকা অভিনেতাৰ সৈতে নতুন দৃষ্টিভংগী

চিটাৰে জমীন পৰত প্ৰকৃতাৰ্থত বিশেষভাৱে সক্ষম একাংশ ল’ৰা-ছোৱালীয়ে অভিনয় কৰিছে । সেয়েহে ছবিখনত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সংলাপ আৰু অভিনয় চাবলৈ পোৱাটো আকৰ্ষণীয় হ’ব । এক সাক্ষাৎকাৰত ছবিখনৰ বিষয়ে কওঁতে আমিৰ খানে কয় যে এই ছবিখনে মানুহৰ মনোভাৱ আৰু তেওঁলোকৰ পৰা পৃথক মানুহৰ লগত তেওঁলোকৰ আচৰণত ইতিবাচক প্ৰভাৱ পেলাব বুলি ছবিখনৰ নিৰ্মাতাই আশা কৰিছে ।

এই ছবিখনৰ জৰিয়তে আমিৰ খান তিনি বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে । এই ছবিখনত আমিৰৰ সৈতে জেনেলিয়া দেশমুখো আছে । ইয়াত দৰ্শীল ছাফাৰীয়েও বিশেষ ভূমিকা পালন কৰিছে । এওঁলোকৰ বাহিৰেও ইয়াত দহগৰাকী নতুন অভিনেতা অন্তৰ্ভুক্ত কৰা হৈছে, যিসকলে নতুন প্ৰতিভা আৰু দৃষ্টিভংগী পৰ্দাত উপস্থাপন কৰিব ।

আমিৰ খান প্ৰডাকশ্যনে এই ১০গৰাকী নতুন অভিনেতাক ছবিগৃহত উপস্থাপন কৰিবলৈ উৎফুল্লিত হৈ পৰিছে । সেই ১০টা চৰিত্ৰ হ'ল - অৰুষ দত্ত, গোপী কৃষ্ণ ভাৰ্মা, সনৱিত দেশাই, বেদান্ত শৰ্মা, আয়ুষ ভাঞ্চালী, আশীষ পেণ্ডছে, ঋষি চাহানী, ঋষভ জৈন, নমন মিশ্ৰ আৰু ছিমৰণ মংগেশকাৰ । এই ভিন্ন শিল্পীসকলক দৰ্শকে নিশ্চয় ভাল পাব ।

  • এই ছবিখনে নিউৰ’ডাইভাৰ্জেণ্ট লোকৰ জীৱনক উজ্জ্বল কৰি তুলিব

‘‘তাৰে জমীন পৰ’’ত এজন শিক্ষকে ডিছলেক্সিয়াৰে যুঁজি থকা ছাত্ৰ এজনক পঢ়া-শুনাত সহায় কৰাৰ বিপৰীতে ‘‘চিটাৰে জমীন পৰ’’ত কাহিনীটো ওলোটা হৈ পৰিছে । এই ক্ৰীড়া নাটকখনত আমিৰ খানৰ চৰিত্ৰটো নিলম্বিত হোৱা বাস্কেটবল প্ৰশিক্ষকৰ । শাস্তি হিচাপে তেওঁক নিউৰ’ডাইভাৰ্জেণ্ট কিছু লোকৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় ।

এই ছবিখনত নিউৰ’ডাইভাৰ্জেণ্ট লোকসকলৰ জীৱন কেনেকুৱা, তেওঁলোকে নিজৰ জীৱনটো কেনেদৰে কটায় আৰু মেচ এখনত জয়ী হ’বলৈ নিজকে কিমান প্ৰস্তুত কৰে, সেয়া চাবলৈ পোৱাটো লক্ষণীয় হ’ব ৷

  • মনোৰঞ্জনধৰ্মী, কমেডী আৰু আৱেগিক

আমিৰ খানৰ আগন্তুক ছবি ‘‘চিটাৰে জমীন পৰ’’ অতি মনোৰঞ্জনদায়ক হ’ব বুলি অনুমান কৰি থকা হৈছে । এই ছবিখনে আপোনাক হাঁহিবলৈ বাধ্য কৰাব যদিও ইয়াৰ কিছুমান দৃশ্যই আপোনাক আৱেগিকো কৰি তুলিব । এই ছবিখন সকলো বয়সৰ লোকেই উপভোগ কৰিব পাৰিব ৷ এই ছবিখনে দৰ্শকৰ হৃদয়ত এক নতুন চিন ৰখাৰ প্ৰতিশ্ৰুতি দিছে ।

  • আমেৰিকাৰ বাস্কেটবল প্ৰশিক্ষক ৰন জনৰ সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন

স্পেনিছ অৰিজিনেল ছবি চেম্পিয়নছৰ পৰা অনুপ্ৰাণিত হৈছে আমিৰ খানৰ ‘‘চিটাৰে জমীন পৰ’’ । এই ছবিখন ২০১৮ চনত মুক্তি পাইছিল । এই ছবিখনে আমেৰিকাৰ বাস্কেটবল প্ৰশিক্ষক ৰন জনৰ জীৱনৰ সত্য কাহিনী দেখুৱাব ।

১৯৮০ চনত মদ্যপান কৰি গাড়ী চলোৱাৰ অপৰাধত দোষী সাব্যস্ত হয় তেওঁ । এই গোচৰত তেওঁক বৌদ্ধিকভাৱে অক্ষম লোকক প্ৰশিক্ষণ দিয়াৰ শাস্তি দিয়া হৈছিল । জনে এই অদ্ভুত শাস্তিটো এখন কিতাপৰ জৰিয়তে মানুহৰ আগত উপস্থাপন কৰিছিল । এই গ্ৰন্থখনৰ নাম - বি-বল: দ্য টিম ডেট নেভাৰ লষ্ট এ গেম (১৯৯০) ।

  • শক্তিশালী বাৰ্তা

আমিৰ খানৰ চিটাৰে জমীন পৰে সমাজলৈ এক শক্তিশালী বাৰ্তা দিবলৈ সাজু হৈছে । এই ছবিখনে স্নায়ু বিকাৰৰ বিষয়ে সজাগতা বৃদ্ধিত সহায় কৰিব ।

লগতে পঢ়ক : আমিৰ খান - ‘‘চিটাৰে জমীন পৰ’’ৰ নিউৰ'ডাইভাৰ্জেণ্ট ল'ৰা-ছোৱালীবোৰে আচলতে আমাৰ দৰে নিউৰ’টিপিকেল মানুহৰ আচৰণ উন্নত কৰিলে !