আমিৰ খান - ‘‘চিটাৰে জমীন পৰ’’ৰ নিউৰ'ডাইভাৰ্জেণ্ট ল'ৰা-ছোৱালীবোৰে আচলতে আমাৰ দৰে নিউৰ’টিপিকেল মানুহৰ আচৰণ উন্নত কৰিলে !
‘‘চিটাৰে জমীন পৰ’’ ছবিখনত প্ৰকৃত নিউৰ’ডাইভাৰ্জেণ্ট শিশুৱে অভিনয় কৰা দেখিবলৈ পোৱা যাব ৷ আমিৰ খানে এই শিশুসকলৰ বিষয়ে কিছু বিশেষ কথা কৈছে ।

By ETV Bharat Entertainment Team
Published : June 17, 2025 at 1:58 PM IST
মুম্বাই : আমিৰ খানৰ নতুন ছবি চিটাৰে জমীন পৰ দৰ্শকৰ মাজলৈ আহি আছে এক মৰ্মস্পৰ্শী আৰু প্ৰেৰণাদায়ক কাহিনীৰ সৈতে । এই ছবিখনে ‘‘বিশেষভাৱে সক্ষম’’ শিশুৰ সংগ্ৰাম আৰু তেওঁলোকৰ আত্মবিশ্বাসৰ এক অনন্য আভাস দিব । ছবিখনে ১০গৰাকী নিউৰ’ডাইভাৰ্জেণ্ট শিশুৰ জৰিয়তে সমাজলৈ এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে যে পৰিৱৰ্তন কেৱল বুজাবুজি আৰু প্ৰেমৰ দ্বাৰাহে সম্ভৱ । যেনেকৈ আমিৰে ‘তাৰে জমীন পৰ’ত ঈশানক সমৰ্থন কৰিছিল, এই ছবিখনত এই বিশেষভাৱে সক্ষম শিশুসকলে তেওঁলোকৰ প্ৰশিক্ষকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সাধন কৰে ।
ইয়াত আমিৰ খানে কঠোৰ অথচ স্পৰ্শকাতৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে । বিশেষ কথাটো হ’ল যে এই ছবিখনৰ শিশুসকল প্ৰকৃততে নিউৰ’ডাইভাৰ্জেণ্ট শিল্পী, যিয়ে ছবিখনক অধিক প্ৰামাণিক স্পৰ্শ দিয়ে । আৱেগ, অনুভূতি, আশাৰে ভৰা এই ছবিখনে নিশ্চিতভাৱে দৰ্শকৰ হৃদয় চুই যাব । সৃষ্টিশীলতা আৰু মানৱতাৰ সংগম ‘চিটাৰে জমীন পৰ’ ছবিখন । এই ছবিখনৰ প্ৰচাৰৰ সময়ত ই টিভি ভাৰতৰ সাংবাদিক কীৰ্তিকুমাৰ কদমে আমিৰ খানৰ সৈতে বিশেষ মত বিনিময় কৰে ।

সাংবাদিক : আপোনাৰ ছবি এখনৰ মুক্তিৰ সময় কাষ চাপি আহিলে আপোনাৰ কি অনুভৱ হয় ?
আমিৰ খান : আচলতে এটা নতুন সৃষ্টিক জীৱন দিয়াৰ দৰে অনুভৱ হয় । অৱশ্যে সন্তান জন্ম দিলে মাতৃৰ যি অনুভৱ হয়, পুৰুষে কেতিয়াও অনুভৱ কৰিব নোৱাৰিব কিন্তু মোৰ বাবে মোৰ ছবিখন মোৰ সন্তান । যি অনুভৱ এজন পিতৃয়ে নিজৰ সন্তানৰ প্ৰতি কৰে, মই মোৰ ছবিবোৰৰ প্ৰতি অনুভৱ কৰো । যেতিয়া ছবিখনৰ মুক্তিৰ সময় ওচৰ চাপি আহে, তেতিয়া এক অজ্ঞাত ভয় আৰু উত্তেজনাই মোৰ মনটো ভৰাই তোলে । মই বিচাৰো সকলোৱে মোৰ সন্তানক চাওক, শলাগ লওক । আমাৰ ছবিখন যিমানেই দৰ্শকেই ভাল পাই, সিমানেই এই অনুভৱ তীব্ৰতৰ হৈ পৰে – কৌতুহল আৰু চিন্তা দুয়োটা নাইকিয়া হৈ পৰে । ‘‘মানুহে ভাল পাবনে ?’’ মোৰ মনত ঘূৰি গৈ থাকে এই চিন্তা ।
সাংবাদিক : ‘‘কয়ামত ছে কয়ামত তক’’ মুক্তি পোৱাৰ পূৰ্বেও একেধৰণৰ অনুভৱ হৈছিল নেকি ?
আমিৰ খান : হয়, ঠিক একেই ভয় আৰু উত্তেজনা । আৰু এই কথা মই বাৰে বাৰে অনুভৱ কৰিছো, মোৰ প্ৰতিখন নতুন ছবি মুক্তি পোৱাৰ সময়ত ।
সাংবাদিক : এই ছবিখন বহুত বেলেগ কাৰণ ইয়াত ‘বিশেষভাৱে সক্ষম’ শিশুৱে অভিনয় কৰিছে, যিসকল পেছাদাৰী অভিনেতা নহয় । তেওঁলোকৰ সৈতে শ্বুটিং কৰাত আটাইতকৈ কঠিন কামটো কি আছিল ?
আমিৰ খান : যোৱা ৩০-৩৫ বছৰ ধৰি এই ক্ষেত্ৰত কাম কৰি আহিছো আৰু প্ৰায় ৪৫ খন ছবি কৰিছো । আমি সৃষ্টিশীল মানুহ আৰু আমাৰ লগত আন সৃষ্টিশীল মানুহ আছে, পৰিচালক, লেখক, চিনেমাটোগ্ৰাফাৰ, প্ৰডাকশ্যন ডিজাইনাৰ ইত্যাদি ৷ গতিকে প্ৰায়ে মতানৈক্য, প্ৰতিযোগিতা, সংঘাতৰ সৃষ্টি হয় । সকলোতে এইটো সাধাৰণ কথা । কিন্তু এই ছবিখন নিৰ্মাণৰ সময়ত এনেকুৱা একো হোৱা নাছিল আৰু মই এই কথাত আচৰিত হৈছিলো । আমি যেতিয়া শেষৰ কেইটামান দৃশ্যৰ শ্বুটিং কৰি আছিলো, প্ৰায় গোটেই শ্বুটিং শেষ হ’বলৈ ওলাইছিল তেতিয়া মই পৰিচালক প্ৰসন্নক ক’লো, ‘‘আপুনি উপলব্ধি কৰিলেনে যে এই ছবিখনত আমি সাধাৰণ সমস্যা, মানুহক চম্ভালিব বা যিকোনো বস্তুৰ সৈতে মোকাবিলা কৰিব লগা নহ’ল ?’’ তেওঁ সুধিলে, ‘‘আপুনি কিয় তেনেকৈ ভাবে ?’’ মই ক’লো – ‘‘এই ১০গৰাকী ল’ৰা-ছোৱালী ! যেতিয়া এই ১০গৰাকী নিউৰ’ডাইভাৰ্জেণ্ট ল’ৰা-ছোৱালীয়ে ছেটত আহে, তেতিয়া তেওঁলোকে এটা বেলেগ শক্তি আনে । সকলোকে সাৱটি ধৰে, সকলোকে চুমা খাই, বৰ উত্তেজিত হৈ পৰে তেওঁলোক । তেওঁলোকৰ শক্তি সমগ্ৰ পৰিৱেশতে বিয়পি পৰে । ইয়াৰ পিছত ছেটত কোনেও ডাঙৰকৈ কথা কোৱা নাছিল, কোনেও তৰ্ক কৰা নাছিল, কেতিয়াও কাজিয়া হোৱা নাছিল । সকলো সুকলমে, শান্তভাৱে হৈ গ’ল । আৰু ইয়াৰ কাৰণ তেওঁলোকৰ ধনাত্মক শক্তি । তেওঁলোকৰ উপস্থিতিয়ে আমাৰ দৰে নিউৰ’টিপিকেল মানুহৰ আচৰণ উন্নত কৰিছে ।’’ এই কথা মই অন্তৰেৰে কৈছো ।

সাংবাদিক : আপুনি ছবিখনৰ ৰাফ কাট বিতৰক আৰু প্ৰদৰ্শকক দেখুৱাইছে । গতিকে ছবিখনৰ প্ৰতি তেওঁলোকৰ সঁহাৰি কেনেকুৱা ?
আমিৰ খান : সঁচা কথা ক’বলৈ গ’লে মই প্ৰতিখন ছবিৰ বাবে বহুত টেষ্ট স্ক্ৰীণিং কৰো । কিন্তু মই ছবি জগতৰ মানুহক নিমন্ত্ৰণ নকৰো । সাধাৰণ দৰ্শকক আমন্ত্ৰণ জনাইছো । কাৰণ ছবিখন নিৰ্মাণ কৰা ব্যক্তি আৰু ছবিখন চোৱা ব্যক্তি দুটা বেলেগ বেলেগ ব্যক্তিত্ব । গতিকে মই ভাবো যদি আপুনি সৎ প্ৰতিক্ৰিয়া বিচাৰে তেন্তে ছবিখনৰ সৈতে সম্পৰ্ক নোহোৱা মানুহৰ পৰাহে পায় । এই চিনেমাখনত এই পদ্ধতি ব্যৱহাৰ কৰিলো আৰু ইয়াৰ ফলত বহুত সুন্দৰ ফলাফল পোৱা গ’ল । এই ছবিখনৰ ১০ গৰাকী স্মাৰ্ট আৰু প্ৰতিভাশালী শিশুক মানুহে সঁচাকৈয়ে ভাল পাইছে । এতিয়া দৰ্শকেও বুজিবলৈ আৰম্ভ কৰিছে যে এই শিশুসকল সঁচাকৈয়ে নিউৰ’ডাইভাৰ্জেণ্ট । দৰ্শকে যদি বহুত মৰম দিয়ে তেন্তে ছবিখনৰ বাৰ্তা সহজেই তেওঁলোকৰ হৃদয়ত সোমাই পৰিব ।
When someone like @SmtSudhaMurty says it’s a must-watch… you know it’s special. See you in theatres on 20th June! 😉#SitaareZameenPar #SabkaApnaApnaNormal, 20th June Only In Theatres.@geneliad @r_s_prasanna @DivyNidhiSharma @aparna1502 @AroushDatta #GopiKrishnanVarma… pic.twitter.com/Sy8jIcbmm2
— Aamir Khan Productions (@AKPPL_Official) June 10, 2025
সাংবাদিক : ২০০৭ চনত যেতিয়া ‘তাৰে জমীন পৰ’ মুক্তি পাইছিল, তেতিয়া আপুনি এটা ইতিবাচক চৰিত্ৰত অভিনয় কৰিছিল । এতিয়া এই ছবিখনত আপুনি বিপৰীত চৰিত্ৰত অভিনয় কৰিছে । এনে সময়ত সৃষ্টিশীল স্বাধীনতা কেনেকৈ পৰিচালনা কৰিছিল ?
আমিৰ খান : এই ছবিখন ‘‘তাৰে জমীন পৰ’’ৰ দ্বিতীয় খণ্ড, কিন্তু দহ খোজ আগত আছে । এই কাহিনীটো যেতিয়া মোৰ ওচৰলৈ আহিছিল, তেতিয়া মই বুজিলো যে ই একেটা বিষয়বস্তুৰ অধিক বিস্তাৰিত, চহকী সংস্কৰণ । ‘‘তাৰে জমীন পৰ’’ত নিকুম্ভই ঈশানক সহায় কৰে, কাৰণ ঈশান বিপদত পৰিছে । কিন্তু এই ছবিখনত এই দহগৰাকী নিউৰ’ডাইভাৰ্জেণ্ট শিশুৱে নিজৰ প্ৰশিক্ষকক সহায় কৰে । গতিকে ই এক বিপৰীত ছবি । প্ৰথম খণ্ডত ঈশানৰ বিকাশ ঘটে, ইয়াত প্ৰশিক্ষকৰ ৰূপান্তৰৰ যাত্ৰা দেখুওৱা হৈছে । তেওঁ কয়, “আপ কোচ বড়ে আচ্ছে হো, লেকিন আদমী ছুৱৰ হো”- এইটো সেই প্ৰশিক্ষকজনৰ ‘মানৱতা’ বিচাৰি উলিওৱাৰ কথা । আৰু আমি সাধাৰণতে তুচ্ছজ্ঞান কৰা এই দহগৰাকী ল’ৰা-ছোৱালীয়েই প্ৰকৃত নায়কৰ ভূমিকা পালন কৰিছে । সেইবাবেই মই কওঁ, ‘‘তেওঁলোক সকলো আমাৰ পৰা দহ খোজ আগুৱাই গৈছে !’’
সাংবাদিক : যেতিয়া এই ছবিখনৰ প্ৰস্তুতি আৰম্ভ হৈছিল, তেতিয়া নিশ্চয় এই ‘‘বিশেষভাৱে সক্ষম’’ শিশুসকলৰ বাবে কৰ্মশালা অনুষ্ঠিত হৈছিল । তেওঁলোকৰ আইকিউ লেভেলৰ সন্দৰ্ভত কোনো অসুবিধা হৈছিল নেকি ?
আমিৰ খান : নাই... মই কেতিয়াও তেনেকুৱা অনুভৱ কৰা নাছিলো । তেওঁলোকে আন সকলোৰে দৰে অধ্যৱসায়ীভাৱে আখৰা কৰিছিল, নিজৰ সংলাপ মুখস্থ কৰিছিল, শ্বটৰ সময়ত কেতিয়াও এটাও ভুল কৰা নাছিল । ইয়াৰ বিপৰীতে মোৰ বা জেনেলিয়াৰ সৰু সৰু ভুলবোৰ প্ৰায়ে হৈছিল, যাৰ বাবে আমি টেকটো পুনৰ ল’বলগীয়া হৈছিল — কিন্তু এই ল’ৰা-ছোৱালীবোৰে কেতিয়াও পলম কৰা নাছিল । সকলোৱে জনা মতে শ্বুটিঙৰ সময়ত মই বহুত টেক লওঁ । এবাৰ এটা লাইন মিছ কৰি ক’লো, “ক্ষমা কৰিব, ক্ষমা কৰিব, মোৰ ভুল হ’ল ।” তেনেতে আশীষ যিয়ে ছবিখনত সুনীলৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ শান্তভাৱে উত্তৰ দিলে, “কোনো সমস্যা নাই ছাৰ, ইমান সৰু সৰু ভুলবোৰ ডাঙৰ মানুহৰ লগত সাধাৰণ কথা !” সঁচাকৈয়ে সেই কথা শুনি মই থতমত খালো । তেওঁৰ ভাষণত ইমানেই মৰম আৰু সহজতা আছিল যে মই আপ্লুত হৈ পৰিলো ।
Watch #SitaareZameenPar, 20th June Only in Theatres. Trailer out now.
— Aamir Khan Productions (@AKPPL_Official) June 1, 2025
🔗Link: https://t.co/KDvqrzHjGi@geneliad @r_s_prasanna @DivyNidhiSharma @aparna1502 @AroushDatta #GopiKrishnanVarma #VedantSharmaa #NamanMisra #RishiShahani #RishabhJain #AshishPendse #SamvitDesai… pic.twitter.com/DsrZdPWA64
সাংবাদিক : এই ছবিখনৰ বাবে বাস্কেটবলক খেল হিচাপে কিয় বাছি লোৱা হ’ল ?
আমিৰ খান : বাস্কেটবল এটা সহজ আৰু সুলভ খেল । কিছুমান খেল অতি জটিল যিবোৰ নিউৰ'ডাইভাৰ্জেণ্ট শিশুক বুজাবলৈ আৰু শিকাবলৈ কঠিন হ’ব পাৰে । সেইবাবেই আমি বাস্কেটবল বাছি লৈছিলোঁ । ক্ৰিকেটৰ দৰে খেলৰ জটিল নিয়ম আছে, যাৰ বাবে খেলাটো কঠিন হৈ পৰে । কিন্তু বাস্কেটবল হৈছে সহজে বুজিব পৰা, দ্ৰুতগতিত চলি থকা আৰু অংশগ্ৰহণমূলক খেল ।
সাংবাদিক : ছবিখনৰ চিত্ৰনাট্য পঢ়ি আপোনাৰ চৰিত্ৰটোৰ বিষয়ে জানিব পাৰি এই চৰিত্ৰটোত অভিনয় কৰিবলৈ ভাল হ’ব বুলি ভাবিছিল নেকি ?
আমিৰ খান : অন্তৰেৰে ! সাধাৰণতে এনে অভদ্ৰ, ধূসৰ চৰিত্ৰত অভিনয় কৰিবলৈ নাপাওঁ (হাঁহি) । কাৰণ মোৰ সংস্কৃতিবান ঘৰুৱা পৰিৱেশ আৰু নিজৰ ব্যক্তিত্বই মোক কাৰো প্ৰতি অভদ্ৰ হ’বলৈ নিদিয়ে । কিন্তু এই ছবিখনত মই সকলোকে চিঞৰিবলগীয়া হৈছিল, অভদ্ৰ হ'বলগীয়া হৈছিল আৰু এই দৃশ্য কৰি বহুত মজা লাগিছিল…
সাংবাদিক : আপুনি পৰিচালনা কৰিছিল ‘তাৰে জমীন পৰ’। ‘চিটাৰে জমীন পৰ’ পৰিচালনাৰ ধাৰণাটো এনেই আপোনাৰ মনলৈ আহিছিল নেকি ?
আমিৰ খান : নাই, অনিবাৰ্য সংকটৰ বাবে মই ‘‘তাৰে জমীন পৰ’’ পৰিচালনা কৰিছিলো, যেতিয়া পৰিচালনাৰ বাঘজৰী ল’বলগীয়া হৈছিল । কিন্তু মই প্ৰথমে অভিনেতা । এতিয়ালৈকে মই মাত্ৰ এখন ছবিহে পৰিচালনা কৰিছো । আৰু মই ভাবো যিদিনা মই পূৰ্ণকালীন পৰিচালনা আৰম্ভ কৰিম, সেইদিনা মই অভিনয় ত্যাগ কৰিম । পৰিচালনা কৰাটো এটা ডাঙৰ দায়িত্ব । অভিনয়তকৈ বহু ডাঙৰ সমগ্ৰ সৃষ্টিশীলতাৰ দায়িত্ব এজন পৰিচালকে লয় । গতিকে পৰিচালনাৰ পথটো অলপ দূৰত ৰাখিছো । ‘‘তাৰে জমীন পৰ’’ মোৰ পৰিচালক জীৱনৰ প্ৰথম পদক্ষেপ নাছিল, ই আছিল প্ৰয়োজনীয়তাৰ বাবে লোৱা এটা দায়িত্ব । কিন্তু যেতিয়া মই মোৰ দ্বিতীয়খন ছবি পৰিচালনা কৰিম তেতিয়া মই কেৱল পৰিচালক আৰু পৰিচালক হ’ম ।
সাংবাদিক : শুনিছোঁ ‘পিকে’ৰ ছিকুৱেল আহি আছে । সেই সন্দৰ্ভত কিবা আলোচনা চলি আছে নেকি ?
আমিৰ খান : নাই, বৰ্তমান ‘পি কে ২’ৰ দৰে কোনো প্ৰজেক্টক লৈ আলোচনা চলি থকা নাই । সেই কথাবোৰ মাথো উৰাবাতৰি । অৱশ্যে বৰ্তমান ৰাজু হিৰাণী আৰু মই একেলগে ‘দাদাছাহেব ফাল্কে’ ছবিখনৰ চিত্ৰনাট্যৰ কাম কৰি আছো ।

