ETV Bharat / business

ডিজেলত প্ৰতি লিটাৰত 3 টকা লোকচান; পেট্ৰ’লৰ লাভো হ্ৰাস তেল কোম্পানীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 12:58 PM IST

Petrol Diesel Prices : ভাৰতীয় চৰকাৰী ইন্ধন খুচুৰা বিক্ৰেতাসকলে ডিজেলত প্ৰতি লিটাৰত প্ৰায় 3 টকা লোকচান ভৰিছে । আন্তৰ্জাতিক তেলৰ মূল্যৰ তাৰতম্যৰ বাবে পেট্ৰ’লতো লাভৰ পৰিমাণ হ্ৰাস হৈছে ।

Petrol Diesel Prices
ডিজেলত প্ৰতি লিটাৰত 3 টকা লোকচান তেল কোম্পানীৰ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় মালিকানাধীন ইন্ধনৰ খুচুৰা বিক্ৰেতাসকলে ডিজেল বিক্ৰীত প্ৰতি লিটাৰত প্ৰায় 3 টকা হেৰুৱাইছে । আনহাতে, শেহতীয়াকৈ আন্তৰ্জাতিক তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে পেট্ৰ’লৰ লাভো হ্ৰাস পাইছে । খুচুৰা মূল্য ক্ৰমাগতভাৱে একে ৰখাৰ কাৰণৰ বিৱৰণ দি ঔদ্যোগিক বিষয়াসকলে এই তথ্য প্ৰদান কৰিছে ।

ভাৰতৰ ইন্ধন বজাৰৰ প্ৰায় 90 শতাংশ নিয়ন্ত্ৰণ কৰা ইণ্ডিয়ান অইল কৰ্প'ৰেচন (আইঅ'চি), ভাৰত পেট্ৰ’লিয়াম কৰ্প'ৰেচন লিমিটেড (বিপিচিএল) আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প'ৰেচন লিমিটেডে (এইচপিচিএল) প্ৰায় দুবছৰ ধৰি নিজস্বভাৱে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ (এলপিজি) মূল্যৰ সলনি কৰা নাই । যাৰ ফলত আভ্যন্তৰীণ ব্যয় অধিক হ'লে লোকচান হয় আৰু কেঁচামালৰ মূল্য কম হ'লে লাভ হয় ।

সাধাৰণতে আন্তৰ্জাতিক তেলৰ মূল্যৰ বিপৰীতে ঘৰুৱা মূল্যৰ হাৰ নিৰ্ধাৰণ কৰা হয় । কিয়নো ভাৰতে নিজৰ তেলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমদানিৰ ওপৰত 85 শতাংশ নিৰ্ভৰশীল । অৱশ্যে বিগত বছৰৰ শেষৰ ফালে ই হ্ৰাস পাইছিল যদিও জানুৱাৰীৰ দ্বিতীয়াৰ্ধত পুনৰ বৃদ্ধি হয় ।

ইয়াৰ পূৰ্বে তেল কোম্পানীবোৰে তেলৰ মূল্য এদিন বৃদ্ধি আৰু এদিন হ্ৰাস কৰিছিল । কিন্তু কোম্পানীবোৰে বৰ্তমান দৈনিক মূল্য সংশোধনলৈ ঘূৰি যাব বিচৰা নাই আৰু আন্তৰ্জাতিক মূল্যবোৰ অত্যন্ত অস্থিৰ হৈ থকা সত্বেও গ্ৰাহকসকলৰ বাবে মূল্যৰ হাৰ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ বাবে তেওঁলোকৰ পূৰ্বতে হোৱা লোকচান সম্পূৰ্ণৰূপে পূৰণ হোৱা নাই ।

"ডিজেলত লোকচান হৈছে ।" উদ্যোগটোৰ এগৰাকী বিষয়াই কয় । "ই ইতিবাচক হৈ পৰিছে । কিন্তু বৰ্তমান তেল কোম্পানীবোৰে প্ৰতি লিটাৰত প্ৰায় ৩ টকা হেৰুৱাইছে ।" তেওঁ লগতে কয় । আনহাতে, পেট্ৰ’লৰ লাভৰ সীমাও প্ৰতি লিটাৰত প্ৰায় ৩-৪ টকালৈ হ্ৰাস পাইছে ।

আনহাতে, ইন্ধনৰ মূল্য সংশোধনৰ বিষয়ে সোধাত তেল মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ভাৰত শক্তি সপ্তাহৰ সময়ত সাংবাদিকৰ আগত কয় যে চৰকাৰে ইন্ধনৰ মূল্য নিৰ্ধাৰণ নকৰে । ইয়াৰ বিপৰীতে তেল কোম্পানীবোৰে সকলো অৰ্থনৈতিক দিশ বিবেচনা কৰি তেওঁলোকৰ সিদ্ধান্ত লয় । "তেওঁলোকে কয় যে এতিয়াও (বজাৰত) অস্থিৰতা আছে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :২৯ ফেব্ৰুৱাৰীৰ পিচত Paytmৰ এইবোৰ সেৱা বন্ধ হ'ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.