ETV Bharat / bharat

সূৰ্যগ্ৰহণৰ প্রভাৱত ভাগ্য উদয় হ'ব এই ৫ ৰাশিৰ - Solar Eclipse Impacts

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:21 PM IST

Solar eclipse impacts on zodiac sign : সূৰ্যগ্ৰহণৰ প্রভাৱত কোন কেইটা ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য উদয় হ'ব ? আনহাতে কোনকেইটা ৰাশিয়ে বাধাৰ সন্মুখীন হ'ব ? জানক জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীৰ মুখেৰে ।

which zodiac signs will emerge under the influence of the solar eclipse
সূৰ্যগ্ৰহণৰ প্রভাৱত ভাগ্য উদয় হ'ব এই ৫ ৰাশিৰ

সূৰ্যগ্ৰহণৰ প্রভাৱত ভাগ্য উদয় হ'ব এই ৫ ৰাশিৰ

গুৱাহাটী, 2 এপ্ৰিল : অহা ৮ এপ্ৰিলত ২০২৪ বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ দেখা যাব । প্ৰায় ৫০ বছৰৰ পিচত এনে এক আশ্চৰ্যকৰ মহাজাগতিক পৰিঘটনা দেখা পোৱা যাব আকাশত । ভাৰতীয় সময়মতে নিশা ৯.১২ ৰ পৰা ২.২২ মিনিটলৈ প্ৰায় ৫ ঘণ্টা ১০ মিনিট সূৰ্যগ্ৰহণৰ চলিব । সূৰ্যগ্ৰহণৰ প্রভাৱ ভাৰতবৰ্ষত নপৰে যদিও সূৰ্যগ্ৰহণৰ ফলত ভাগ্য উদয় হ'ব ৫ ৰাশিৰ জাতক-জাতিকাসকলৰ । এই ৰাশিকেইটা হ’ল হ'ল মেঘ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি আৰু ধনু ৰাশি । আনহাতে কৰ্কট ৰাশি, তুলা আৰু মকৰ ৰাশিৰ জাতক-জাতিকাসকলে বাধাৰ সন্মুখীন হ'ব পাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলৰ উপাৰ্জনৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব । ব্যৱসায়ৰ ক্ষেত্ৰতো এই ৰাশিৰ জাতক-জাতিকাসকলে ভাল ফল লাভ কৰিব । ভ্ৰমণৰো যোগ আছে ।

মিথুন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে বিনিয়োগৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব । ব্যৱসায়-বাণিজ্য বা শ্বেয়াৰ মাৰ্কেট আদিত বিনিয়োগ কৰিলে হঠাৎ লাভবান হ'ব পাৰে ৷

সিংহ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব । চাকৰিত পদন্নোতিৰ যোগ আছে লগতে ব্যৱসায়-বাণিজ্য আদিতো ভাল ফল লাভ কৰিব ।

কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰত ভাগ্য উদয় হ'ব । লগতে সাংসাৰিক দিশতো ভাল ফল লাভ কৰিব ।

ধনু ৰাশি : ধনু ৰাশিৰ লোকসকলে বিনিয়োগৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব । লগতে কিবা সমগ্রী ক্ৰয় অথবা বিক্ৰীৰ ক্ষেত্ৰত লাভান্বিত হ'ব । প্ৰেম-প্ৰণয়, সাংসাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব ।

লগতে পঢ়ক: আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 2nd April

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.