ETV Bharat / bharat

পৰীক্ষাৰ পূৰ্বে কি কৰিলে পঢ়াত মনোযোগ বাঢ়িব ?

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:37 PM IST

How students can get good results: পৰীক্ষাৰ পূৰ্বে কি কৰিলে শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰিব বা পঢ়াত মনোযোগ বাঢ়িব এই সম্পৰ্কে জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

How students can get good results
পৰীক্ষাৰ পূৰ্বে কি কৰিলে পঢ়াত মনোযোগ বাঢ়িব ?
সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক বা অন্যান্য প্ৰৱেশিকা পৰীক্ষা সমূহ সমাগত ৷ এইসময়ছোৱাত দেখা ছাত্র-ছাত্ৰীসকল পৰীক্ষাক লৈ ভিন্ন ধৰণৰ চিন্তাত থকা দেখা যায় ৷ আনহাতে সংখ্যাত্ববিদ সকলৰ মতে এই বর্ষটো অৰ্থাৎ ২০২৪ টো যদি যোগ কৰা যায় তেন্তে ৮ নম্বৰত থাকে ৷ ৮ নম্বৰটো শনিৰ নম্বৰ হিচাপে ধৰা হয় ৷ শনিৰ নম্বৰ বা শনিৰ প্রভাৱৰ বাবে মানুহৰ মনত ভয় বা শংকা বৃদ্ধি হয় ৷ শিক্ষাৰ্থীসকলৰো পৰীক্ষাকলৈ ভয় বা শংকা বৃদ্ধি পাব পাৰে ৷

কি কৰিলে শিক্ষাৰ্থীসকলে ভাল ফলাফল লাভ কৰিব বা পঢ়াত মনোযোগ বাঢ়িব ?

শিক্ষাৰ্থীসকলে যেতিয়া পঢ়া টেবুললৈ যাব তাৰ পূৰ্বে যদি তেওঁলোকৰ ১০ মিনিট হলেও মেডিটেশ্যন বা ধ্যান কৰিব লাগে ৷ কাৰণ মেডিটেশ্যনৰ পৰা তেওঁলোকৰ পঢ়াত মনোযোগ বাঢ়িব, স্মৃতিশক্তি বৃদ্ধি পাব ৷ লগতে পঢ়া সময়ত সৰস্বতীৰ এটা মন্ত্ৰ " ঔম শ্ৰীম ৰিম সৰস্বতী দেৱী ঐ নমঃ" এই মন্ত্ৰটো ধ্যান কৰি জপ কৰিলে পঢ়াত মনোযোগ বাঢ়িব ৷

ইয়াৰোপৰি পৰি অন্য এটা পদ্ধতিৰেও শিক্ষৰ্থীসকলে পঢ়াত মনোযোগ বৃদ্ধি কৰিব পাৰে ৷ যাৰ বাবে লাগিব ১১টা ময়ূৰৰ পাখী ৷ এই পাখি কেইটাত ৰঙা ফিটা বান্ধি পঢ়া টেবুলৰ কাষত থৈ পঢ়িলেও পঢ়াত মনোযোগ বৃদ্ধি পাব ৷ লগতেই যিটো বিষয়ত টান পায় আছে, সেইবিষয়টোৰ কিতাপৰ ভিতৰত এটা ময়ূৰৰ পাখী থৈ দিলেও ভাল ফলাফল লাভ কৰিব ৷

স্মৃতি শক্তি বৃদ্ধি বাবে সপ্তাহৰ যিকোনো বৃহস্পতি বাৰে ৫ বিধ যিকোনো বেলেগ বেলেগ ধৰণৰ মিঠাই , দুটা ইলাচী আৰু অকমান গুৰ লৈ যিকোনো আঁহত গছৰ তলত অৰ্পণ কৰিলে হ'ল ৷ কিন্তু অৰ্পণ কৰাৰ পূৰ্বে এটা কথা মনত ৰাখিব যে যাৰ পৰীক্ষা আহি আছে তেওঁৰ মূৰৰ ওপৰত এই সামগ্রীখিনি ৭ বাৰ এন্টি ক্লকত ঘূৰাই অপৰ্ণ কৰিব ৷ লগতে ঘিউৰ চাকি, ধূপ জ্বলাই ভালদৰে প্ৰাৰ্থনা কৰিলে হ'ল ৷ এনেদৰে তিনিটা বৃহস্পতিবাৰে কৰিলে ভাল ফল লাভ কৰিব ৷

লগতে পঢ়ক: ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে ফিট হৈ থাকিবলৈ কি কৰে ? তেওঁৰ ডায়েট প্লেনৰ বিষয়ে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.