ETV Bharat / bharat

অমিতৰ শিৰত জিলিকিল বাসুৰ নামত সেন্দুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:42 PM IST

Updated : Feb 9, 2024, 10:23 PM IST

Same sex marriage: প্ৰেমৰো থাকে ভিন্ন ৰূপ, ভিন্ন ৰং, ভিন্ন ভাষা ৷ সমাজৰ সকলো বাধাকো নেওচি বিবাহপাশত আৱদ্ধ হ’ল বাসু আৰু অমিত ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন....

Same sex marriage
অমিতৰ শিৰত জিলিকিল বাসুৰ নামৰ সেন্দুৰ

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী : এয়া প্ৰেমৰ বতৰ ৷ চাৰিওদিশে কেৱল প্ৰেমৰ বতাহ ৷ সকলোৰে বাবে প্ৰেমৰ সংজ্ঞা বেলেগ বেলেগ যদিও প্ৰেমৰ সম্পৰ্কটোক সামাজিক স্বীকৃতি দিয়াৰ সপোননো কাৰ নাথাকে ? কিন্তু ইয়াৰ মাজতো থাকে কিছু ব্যতিক্ৰমী প্ৰেম কাহিনী ৷ কিছু কাহিনীত নাথাকে কোনো নায়ক আনহাতে কিছু কাহিনীত নাথাকে কোনো নায়িকা, তাৰ পিচতো আৰম্ভ হয় এটা পূৰ্ণ কাহিনী ৷

আজি আমি আপোনালোকক ক’বলৈ ওলোৱা কাহিনীটোও ঠিক তেনেকুৱাই ৷ নায়িকা নোহোৱা দুই নায়কৰ প্ৰেম কাহিনী ৷ এয়া বাসুদেৱ আৰু অমিতৰ কাহিনী ৷ পশ্চিমবংগৰ চিউৰিৰ নিবাসী বাসুদেৱ চক্ৰৱৰ্তী (37) ৰ জীৱনলৈ পত্নীৰ ৰূপে আহিল অমিত ৷ শিৰত সেন্দুৰ দি অমিতক চিৰদিনৰ বাবে পত্নীৰূপে স্বীকাৰ কৰিলে বাসুদেৱে ৷ বাসুদেৱ আৰু অমিতে বন্ধু আৰু শুভাকাংক্ষীৰ উপস্থিতিত এক ব্যক্তিগত অনুষ্ঠানত চিৰজীৱনৰ বাবে এক হয় । ইতিমধ্য়ে তেওঁলোকৰ বিবাহৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

বাসুদেৱৰ পৰিয়ালে দুয়োৰে বিবাহৰ সিদ্ধান্তক সন্মতি জনাই দুয়োৰে এই সম্পৰ্কক সাদৰে গ্ৰহণ কৰিছে ৷ ইফালে ওচৰ চুবুৰীয়াসকলে হাওৰাত তেওঁলোকৰ বিবাহৰ অনুষ্ঠানটো আয়োজন কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছে ৷

বাসুদেৱৰ পৰিয়ালৰ এজন সদস্যই কয়,"মই দেখিছো যে দুয়োৰে এই সিদ্ধান্তত সকলো সুখী । আমাৰ পৰিয়ালৰ লগতে, বাসুৰ বন্ধুবৰ্গসকল অত্যন্ত সুখী ৷ আমাৰ বাবে ইয়াতকৈ গুৰুত্বপূৰ্ণ একো হ’ব নোৱাৰে ৷"

বাসুৱে এবছৰৰ পূৰ্বে পৰিয়ালৰ কথা শুনি বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু পত্নীৰে সঘনাই কাজিয়া হোৱাত দুয়োৰে সম্পৰ্কত ফাঁট মেলে ৷ অৱশেষত বাসুৱে নিজ পত্নীৰ সৈতে বিচ্ছদ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তাৰ পিচতে বাসুৱে অমিতক লগ পায় আৰু দুয়োৰে মাজত সম্পৰ্ক গাঢ় হয় ৷ এই সম্পৰ্কক স্থায়ী কৰিবলৈ বাসুৱে পৰিয়ালৰ সৈতে কথা পাতি অমিতৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সিদ্ধান্তমৰ্মেই পৰিয়ালৰ আশীৰ্বাদ লৈ দুয়োৱে নতুন জীৱনৰ পাতনি মেলিছে ৷

লগতে পঢ়ক: সুকলমে সমাপন দুই যুৱতীৰ আঙুঠি পিন্ধোৱা পৰ্ব, কন্যাক ত্যাজ্য ঘোষণা ক্ষোভিত পিতৃৰ

Last Updated : Feb 9, 2024, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.