ETV Bharat / bharat

Weekly Horoscope For 4th Feb To 10th Feb: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 6:31 AM IST

Weekly Horoscope For 4th Feb To 10th Feb 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 4th Feb To 10th Feb: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: এই সপ্তাহটো মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ গাৰ্হস্থ্য জীৱনত সুখ-শান্তি থাকিব, কিন্তু কোনো বাহিৰৰ মানুহৰ বাবে জীৱনত উত্তেজনা থাকিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো উত্থান-পতন থাকিব ৷ সম্পত্তিত বিনিয়োগ কৰিব বিচৰাসকলৰ বাবে সময় ভাল ৷ শ্বেয়াৰ বজাৰতো ভাবি-চিন্তি বিনিয়োগ কৰক ৷ চাকৰি সলনিৰ বাবে এই সময় শুভ নহয় ৷ অতিমাত্ৰা আত্মবিশ্বাস পৰিহাৰ কৰক ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিব ৷ আপুনি নিজৰ ব্যস্ত দিনটোৰ পৰা পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু সময় উলিয়াব, য’ত আপুনি তেওঁলোকৰ সৈতে সুখ-দুখ ভাগ-বতৰা কৰা দেখা যাব ৷ আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে কিছু কিনা-কটা কৰিব, কিন্তু সকলো কিনা-কটা বাজেটৰ ভিতৰত কৰাটো ভাল হ’ব ৷ বন্ধু-বান্ধৱীৰ সহযোগিতা লাভ কৰিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ এই সপ্তাহটো বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি থাকিব ৷ সকলোৱে একেলগে কাম কৰা দেখা যাব ৷ পৰিয়ালত ভাইটিৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হব, যাৰ বাবে শুভ কাৰ্যৰ আয়োজন কৰা হ’ব ৷ সকলোৰে অহা যোৱা চলি থাকিব ৷ কিবা কাৰণত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত উদ্বেগ আহিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ প্ৰতিযোগিতাত সাফল্য লাভ কৰিব ৷ সন্তানৰ শিক্ষাৰ বাবেও বহু ধন ব্যয় হ’ব ৷ যিসকল লোকে চাকৰি কৰি আছে, তেওঁলোকেও অফিচৰ কামত ভ্ৰমণ কৰিব ৷ আপোনাৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’লে ভাল চিকিৎসকৰ পৰামৰ্শ লওক ৷ আপুনি নিজৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটোৱা দেখা যাব ৷ আপুনি নিজৰ সন্তানৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি থাকিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ওপৰত অধিক পাৰিবাৰিক দায়িত্ব আহিব পাৰে, যাৰ ফলত আপোনাক অলপ চিন্তিত যেন দেখা যাব ৷ ঘৰৰ সাজ-সজ্জা আৰু মেৰামতিৰ বাবে কিছু ধন ব্যয় কৰিব, কিন্তু সকলো খৰচ বাজেট মনত ৰাখি কৰিলে আপোনাৰ বাবে ভাল হ’ব ৷ চাকৰিৰ পৰিৱৰ্তন হ’ব ৷ ব্যৱসায় আগুৱাই নিয়াত সফল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব, কিন্তু মনটো অ’ত-ত’ত ঘূৰু ফুৰাত বাধা দিব লাগিব ৷ উচ্চ শিক্ষাৰ বাবে সময় অতি ভাল ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ আপুনি ভাল আৰু সতেজ অনুভৱ কৰিব ৷ ভগ্নীৰ বিবাহৰ প্ৰস্তাৱ অনুমোদিত হ'ব, যাৰ ফত পৰিয়ালত শুভ কাৰ্যৰ আয়োজন কৰা হ'ব ৷

কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি থাকিব ৷ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ আজি আপুনি প্ৰেম সম্পৰ্কত নিজৰ সংগীক বিচাৰি পাব, যাক লগ পাই আপুনি বহুত সুখী হ’ব ৷ আয় বৃদ্ধি হ’ব ৷ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷ আপুনি আপোনাৰ ধন কোনো নিৰাপদ স্থানত বিনিয়োগ কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি উপযোগী হ’ব ৷ চাকৰিয়াল লোকসকলে দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগুৱাই নিবৰ বাবে যথেষ্ট প্ৰয়াস কৰা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে এতিয়াও অধিক কষ্ট কৰিব লাগিব ৷ ঘৰত পূজা-পাঠৰ আয়োজন কৰা হ'ব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ আপুনি জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰয়াস সফল হ’ব ৷ চাকৰিত পদোন্নতিৰ সুযোগ আহিব ৷ চাকৰি সলনি হোৱাৰ সম্ভাৱনাও আছে ৷ আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা শিকিব যে কেনেকৈ ধন জমা কৰিব পাৰি ৷ পৈতৃক ব্যৱসায়ৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ’ব, যাৰ ফলত ব্যৱসায়ত অগ্ৰগতি হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব, উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলে এতিয়াও অধিক কষ্ট কৰিব লাগিব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ ভাই-ভনীৰ উচ্চ শিক্ষাৰ বাবে চিনাকি মানুহৰ লগত কথা পতা দেখা যাব ৷ অবিবাহিতসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ জীৱনত সুখ-শান্তি বিৰাজ কৰিব আৰু পৰিয়ালৰ পৰা সহায় পাব ৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটাব, যাৰ পৰা আপুনি বহু কথা শিকিব, যিবোৰ ভৱিষ্যতে আপোনাৰ কামত আহিব ৷ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ চাকৰি কৰা লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ পাব ৷ ব্যৱসায়তো লাভ অৰ্জন কৰিব ৷ কোনো ভাল মানুহৰ সহায়ত আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব ৷ ধন আগমনৰ লক্ষণ দেখা যায় ৷ সন্তানৰ পৰা সু-খবৰ পাব ৷ আজি আপুনি ঘৰুৱা প্ৰয়োজনৰ বাবে কিছু কিনা-কটা কৰিব, কিন্তু সকলো খৰচ মনত ৰাখি কৰাটো ভাল হ’ব ৷ ভ্ৰাতৃৰ বিবাহৰ বাটত আহি থকা বাধাবোৰৰ অন্ত পৰিব ৷ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক/জাতিকাসকলৰ বিষয়ে ক'বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ'ব ৷ প্ৰেম সম্পৰ্কত মধুৰতা থাকিব ৷ আপুনি জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় অতিবাহিত কৰিব ৷ আপুনি পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ সন্তানৰ দায়িত্ব পালন কৰা হ'ব ৷ শিক্ষাৰ্থীসকলে শিক্ষালাভৰ কাৰণে এখন দেশৰ পৰা আন এখন দেশলৈও যাব পাৰে ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ চাকৰিয়াল লোকসকলে চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব ৷ ব্যৱসায়ীসকলে ব্যৱসায়টো আগবঢ়াই নিয়াত সফল হ'ব ৷ এতিয়া আপুনি নিজৰ খৰচৰ বাজেট তৈয়াৰ কৰাটো ভাল হ'ব ৷ হঠাতে আপোনাৰ কিছুমান ব্যয় বৃদ্ধি হ'ব, যিটো আপুনি নিবিচাৰিলেও বহন কৰিব লাগিব ৷ এগৰাকী ভাল লোকৰ সহায়ত, আপুনি আপোনাৰ ফচি থকা ধনো প্ৰাপ্ত কৰিব ৷ আপুনি নিজৰ বাবে এখন নতুন বাহনো কিনিব পাৰে ৷ ঘৰ বা যিকোনো মাটি কিনাৰ ইচ্ছা পূৰণ হ'ব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক/জাতিকাসকলে পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আজি আপোনাক পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে আৰু কিছুমান পাৰিবাৰিক দায়িত্ব অৰ্পণ কৰিব, যাৰ বাবে আপুনি অলপ চিন্তাত পৰা যেন লাগিব ৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ শিক্ষাৰ্থীসকলে শিক্ষালাঙৰ বাবে বাহিৰলৈ যাব পাৰে ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে সাফল্য লাভ কৰিব ৷ ধন আগমনৰ লক্ষণ আছে ৷ এই সময়ত আপুনি আপোনাৰ আবদ্ধ ধন প্ৰাপ্ত কৰিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ ব্যৱসায়ীসকলে নতুন লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব, যাৰ ফলত ব্যৱসায় আগবঢ়াই নিয়াত সাফল্য লাভ কৰিব ৷ চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ থাকিব ৷ ঘৰত কোনো শুভ কাৰ্যৰ আয়োজন কৰা হ'ব ৷ নতুন অতিথিৰ আগমনৰ লগে লগে পৰিয়ালত সুখৰ পৰিৱেশ বিৰাজ কৰিব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, পৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ প্ৰেম সম্পৰ্ক উন্নত হ'ব ৷ আৰ্থিক স্থিতিত উত্থান-পতন থাকিব ৷ অধিক ব্যয়ৰ ফলত আপোনাক চিন্তিত দেখা যাব ৷ স্বাস্থ্যৰ ওপৰতো ব্যয় অধিক হ’ব পাৰে ৷ সন্তানৰ শিক্ষাৰ প্ৰতিও গুৰুত্ব দিব লাগিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ চাকৰি কৰা লোকসকলে নিজৰ পদবী আৰু প্ৰতিপত্তি বৃদ্ধি হোৱা দেখিব ৷ ব্যৱসায় কৰা লোকসকলে নতুন লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব, যাৰ ফলত ব্যৱসায় আগুবঢ়াই নিয়াৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ প্ৰতিযোগিতাতো সাফল্য লাভ কৰিব ৷ ভ্ৰাতৃৰ বিবাহৰ ক্ষেত্ৰত অহা বাধাবোৰৰ অন্ত পৰিব ৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভ হ’ব ৷ যদি আপুনি ৰিয়েল এষ্টেট বা মাটি-বাৰীৰ ক্ষেত্ৰত বিনিয়োগ কৰে, তেন্তে লাভাণ্বিত হ’ব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত যথেষ্ট আকৰ্ষণ থাকিব আৰু আপোনালোকৰ সম্পৰ্কত মৰম আৰু বিশ্বাস দেখা যাব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলে নিজৰ সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব, য’ত তেওঁলোকে প্ৰেমৰ কথা পাতি থকা দেখা যাব ৷ পৰস্পৰক উপহাৰো দিব পাৰে ৷ দুয়োৰে মাজত প্ৰেম আৰু বিশ্বাস বাঢ়িব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ সকলোৱে একেলগে কাম কৰা দেখা ভ্ৰাতৃৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধাবোৰৰ অন্ত পৰিব ৷ ঘৰত শুভ কাৰ্যৰ আয়োজন কৰা হৈছিল, য’ত সকলোৰে অহা-যোৱা হৈছিল ৷ পৰিয়ালৰ সকলো সদস্যই একেলগে বজাৰ কৰিবলৈ যাব ৷ বহুত ফূৰ্তি কৰা দেখা যাব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব ৷ যদি আপুনি নিজৰ ৰুটিনলৈ কিছু পৰিৱৰ্তন আনে, তেন্তে সেয়া আপোনাৰ বাবে ভাল হ’ব ৷ এই সপ্তাহটো কৰ্মৰত লোকসকলৰ বাবে শুভ হ’ব ৷ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি হ’ব ৷ এই সপ্তাহত আপুনি সম্পত্তিত বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে ৷ ব্যৱসায় কৰা লোকসকলে আকাংক্ষিত লাভ অৰ্জন কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক স্থিতি সবল হ’ব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে সাফল্য লাভ কৰিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ গাৰ্হস্থ্য জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ কৰা হ’ব, যি আপোনাক সাফল্য লাভ কৰাত সহায় কৰিব ৷ চাকৰি কৰি থকা লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব, যাৰ ফলত অধিক আয় হ’ব আৰু পদবী বৃদ্ধি পাব ৷ আপুনি নিজৰ লগতে পৰিয়ালৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ বস্তু কিনিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি লোৱাসকলে সাফল্য লাভ কৰিব ৷ ঘৰ-প্লট কিনাৰ হেঁপাহ পূৰণ হ’ব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ ঘৰত ভজন-কীৰ্ত্তন আদিৰ আয়োজন কৰা হ'ব, য'ত সকলোৰে অহা-যোৱা চলিব ৷ আপুনি কথা-বতৰাত মধুৰতা বজাই ৰাখিব লাগিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.