ETV Bharat / bharat

Weekly Horoscope For 28 Jan To 3rd Feb: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 6:02 AM IST

Weekly Horoscope For 28 Jan To 3rd Feb 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 28 Jan To 3rd Feb: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: ঘৰুৱা জীৱনত থাকিব শান্তি আৰু সুখ ৷ আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব, কিন্তু কিবা কাৰণত উদ্বেগো দেখা যাব ৷ যদি আপুনি নতুন ঘৰ কিনাৰ কথা ভাবিছে, তেন্তে কাগজ-পত্ৰৰ কাম খুব সাৱধানে কৰক ৷ এই সপ্তাহটো ব্যৱসায়ীসকলৰ বাবে শুভ হ’ব ৷ ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব ৷ চাকৰিয়াল লোকসকলে নিজৰ পুৰণি চাকৰিটো কৰি থকাটোৱেই ভাল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ বিদেশৰ পৰা আমদানি-ৰপ্তানিৰ কাম কৰা লোকসকলে সুখবৰ শুনিবলৈ পাব ৷ ঘৰৰ পৰা অনলাইনত কাম কৰা লোকসকলে ভাল সুবিধা নাপাব ৷ অবিবাহিতসকলৰ মাজত সম্পৰ্কৰ কথা হ’ব পাৰে ৷ শুভ কাৰ্য্য আয়োজন কৰা হ’ব ৷

বৃষ ৰাশি: দাম্পত্য জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ প্ৰেম সম্পৰ্কতো মধুৰতা থাকিব ৷ যিসকলে এই সপ্তাহত কোনো কামৰ বাবে ঋণ ল’ব বিচাৰে, তেওঁলোকে সহজেই সেয়া লাভ কৰিব ৷ বিনিয়োগৰ বাবেও এই সময়খিনি ভাল ৷ আপোনাৰ আৰ্থিক স্থিতিৰ উন্নতি হ’ব ৷ আপুনি আজি হঠাৎ কোনো এক লেনদেনৰ পৰা বহুত লাভ অৰ্জন কৰিব ৷ চাকৰিয়াল লোকসকলে চাকৰি সলনিৰ সন্দৰ্ভত খুব ভাবি-চিন্তি সিদ্ধান্ত ল’ব লাগিব ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত কম মনোনিৱেশ কৰিব, যাৰ ফলত পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব নোৱাৰিব ৷ ক্ৰীড়া প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব, য’ত তেওঁলোক জয়ী হ’ব ৷ কিছুমান বন্ধুৰ বেয়া সংগৰ ফলত এই সকলোবোৰ দেখা যাব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ নিজৰ দৈনন্দিন জীৱনশৈলীত যোগাসন আৰু ধ্যান অন্তৰ্ভুক্ত কৰক ৷

মিথুন ৰাশি: জীৱন সংগীৰ সৈতে দীৰ্ঘদিন ধৰি চলি থকা মতানৈক্যৰ অন্ত পৰিব আৰু সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব ৷ কোনো বন্ধুৰ বাবে প্ৰেম সম্পৰ্কত কিছু খেলি-মেলি হ’ব পাৰে ৷ আপুনি নিজৰ ঘৰখনৰ সাজ-সজ্জাৰ বাবে কিছু ধন ব্যয় কৰিব ৷ যিকোনো লেনদেন খুব ভাবি-চিন্তি কৰাটো ভাল হ’ব ৷ চাকৰি কৰা লোকসকলে নিজৰ জ্যেষ্ঠসকল আৰু মুৰব্বীৰ সৈতে কথা পাতোঁতে কথা-বাৰ্তাত মধুৰতা বজাই ৰাখিব লাগিব ৷ নতুন চাকৰিৰ সুযোগো পাব ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সম্পূৰ্ণ মনোনিৱেশ নকৰিব ৷ মন কোনো গহীন কথাত বিচলিত হ’ব পাৰে ৷ নতুন চাকৰিৰ বাবে সময় ভাল হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব, ভাল ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল হ’ব ৷ ভাইটীৰ বিয়াৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব ৷ শুভ কাৰ্য্য আয়োজন কৰা হ’ব ৷

কর্কট ৰাশি: প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব ৷ প্ৰেম সম্পৰ্ক আৰু অধিক ভাল হ’ব ৷ আপুনি নিজৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ এই সপ্তাহত আপুনি আপোনাৰ প্ৰয়োজনীয়তাৰ বাবে অধিক ধন ব্যয় কৰিব লাগিব ৷ যদি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে এই সময়খিনি আপোনাৰ বাবে ভাল হ’ব ৷ আয়ৰ সুযোগ উপলব্ধ হ’ব ৷ শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা দেখা যাব ৷ স্বাস্থ্যৰ লাহে লাহে উন্নতি হ’ব ৷ যদি আপুনি নিজৰ দৈনন্দিন দৃষ্টিভংগীলৈ কিছু পৰিৱৰ্তন আনে, তেন্তে আপুনি ভাল অনুভৱ কৰিব ৷ ঘৰৰ পৰা আঁতৰত কাম কৰি থকাসকলৰ আজি পৰিয়াললৈ মনত পৰিব পাৰে ৷ ঘৰলৈ নতুন আলহী আহিব, যাৰ ফলত আনন্দৰ পৰিৱেশ সৃষ্টি হ’ব ৷ আজি আপুনি এগৰাকী ভাল মানুহৰ সহায়ত আপোনাৰ আবদ্ধ হৈ থকা ধনখিনি লাভ কৰিব ৷

সিংহ ৰাশি: প্ৰেম সম্পৰ্কত থকা লোকসকলক তেওঁলোকৰ প্ৰেমাস্পদৰ লগত সুখী যেন দেখা যাব ৷ অবিবাহিতসকলৰ বাবে ভাল সম্পৰ্ক আহিব ৷ আৰ্থিক স্থিতি সুদৃঢ় হ’ব৷ খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব ৷ আপুনি সম্পত্তিত বিনিয়োগ কৰিব পাৰে ৷ চাকৰিয়াল লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত দিয়া কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব ৷ বিভাগীয় বিষয়াসকলৰ লগত কথা পাতোঁতে কথা-বাৰ্তাত মধুৰতা বজাই ৰখাটো ভাল হ’ব৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষকৰ পৰা সহায় লাভ কৰিব ৷ কোনো নতুন বিষয় অধ্যয়ন কৰাৰ ইচ্ছাও পূৰণ হ’ব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব ৷ মনৰ শান্তিৰ বাবে আপুনি ধৰ্মীয় কাম-কাজতো কিছু সময় কটাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ ৰাজনীতিত কেৰিয়াৰ গঢ়িব বিচৰা যুৱক-যুৱতীসকলৰ বাবে সময় শুভ ৷

কন্যা ৰাশি: পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ সকলোৱে মিলি কাম কৰা দেখা যাব ৷ আপোনাৰ ওপৰত আৰু অধিক পাৰিবাৰিক দায়িত্ব পৰিব ৷ আপুনি নিজৰ ঘৰ মেৰামতি কৰিবলৈ বহুত ধন ব্যয় কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণ ল’ব লাগিব পাৰে ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায়টোক আগবঢ়াই নিবৰ বাবে কঠিন পৰিশ্ৰম কৰা দেখা যাব ৷ শিক্ষাৰ্থীসকলে যদি কোনো বিষয় সলনি কৰাৰ কথা ভাবিছে, তেন্তে বেছি পলম নকৰিব ৷ চাকৰিয়াল লোকসকলে চাকৰিত পদোন্নতিৰ সুযোগ পাব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ সন্তানৰ পৰা সুখ পাব আৰু পৈতৃক সম্পত্তিও লাভ কৰিব ৷

তুলা ৰাশি: পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ আপোনাৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় সন্তানৰ সৈতে কটাব ৷ সন্তানৰ সৈতে পিকনিকলৈও যাব, য’ত তেওঁলোকে বহুত ফূৰ্তি কৰা দেখা যাব ৷ পৰিয়ালত চলি থকা বিবাদৰ অন্ত পৰিব ৷ ঘৰৰ প্ৰয়োজনীয়তাৰ বাবে কিছু বজাৰ কৰিব ৷ মাটি বা সম্পত্তিত বিনিয়োগৰ বাবে সময় শুভ ৷ আপুনি আপোনাৰ আবদ্ধ হৈ থকা ধন লাভ কৰিব ৷ বন্ধু-বান্ধৱীৰ সহায়ত উপাৰ্জনৰ বহু সুযোগ পাব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ মনৰ শান্তিৰ বাবে আপুনি কিছু সময় অকলেও কটাব ৷ আপুনি নতুন কাম পাব, যাৰ পৰা আপুনি লাভ অৰ্জন কৰিব আৰু আপোনাৰ আৰ্থিক স্থিতি সবল হ’ব ৷

বৃশ্চিক ৰাশি: পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলে নিজৰ অনুভৱ প্ৰেমাস্পদৰ আগত ক’ব পাৰে ৷ যদি আপুনি মাটি কিনিব বিচাৰে, তেন্তে এইটো এটা ভাল বিনিয়োগ হ’ব ৷ এই সপ্তাহটো শ্বেয়াৰ বজাৰৰ ক্ষেত্ৰত একো বিশেষ নহ’ব ৷ চাকৰিয়াল লোকসকলে নতুন চাকৰিৰ অফাৰ পাব, য’ত উপাৰ্জন বেছি হ’ব, কিন্তু পুৰণি চাকৰিটো কৰি থকাটোৱেই ভাল হ’ব ৷ শিক্ষাৰ্থীসকলে পঢ়াৰ সলনি বন্ধু-বান্ধৱীৰ সৈতে অধিক সময় কটাব, যাৰ ফলত তেওঁলোকৰ পঢ়া-শুনাত বাধাৰ সৃষ্টি হ’ব ৷ স্বাস্থ্যৰ কোনো বিশেষ উন্নতি নহ’ব ৷ দৈনন্দিন জীৱনশৈলীত কিছু ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰাটো ভাল হ’ব ৷ ব্যৱসায় কৰা লোকসকলে তেওঁলোকৰ স্থগিত ব্যৱসায়িক পৰিকল্পনা পুনৰ আৰম্ভ কৰাত সফল হ’ব ৷

ধনু ৰাশি: পাৰিবাৰিক জীৱনত মৰম-চেনেহ দেখা যাব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটাব ৷ চাকৰিয়াল লোকসকলে চাকৰিত পদোন্নতিৰ সুযোগ পাব ৷ খৰচ বেছি হ’ব ৷ আপুনি নতুন ঘৰ এটাও কিনিব পাৰে ৷ কোনো ধৰণৰ বিপজ্জনক বিনিয়োগ নকৰিব ৷ খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব ৷ শিক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কিছু পলম হোৱা অনুভৱ কৰিব, যাৰ বাবে তেওঁলোকক ঘৰৰ পৰা আঁতৰত পঢ়া-শুনা কৰা দেখা যাব ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷ ভাই-ভনীৰ উচ্চ শিক্ষাৰ বাবে পৰিচিত লোকসকলৰ সৈতে কথা পতা দেখা যাব ৷ অবিবাহিতসকলৰ বাবে সম্পৰ্কৰ কথা ওলাব পাৰে ৷ আপুনি আপোনাৰ ব্যস্ত দিনটোৰ পৰা নিজৰ বাবে কিছু সময় উলিয়াব, য’ত আপুনি নিজৰ প্ৰিয় কামবোৰ কৰিব ৷

মকৰ ৰাশি: বিবাহিত লোকসকলৰ জীৱনত সুখ-শান্তি দেখা যাব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ অবিবাহিতসকলৰ ক্ষেত্ৰত সম্পৰ্কৰ কথা ওলাব পাৰে ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ ভাগ্য আপোনাৰ অনুকূলে থাকিব ৷ আয়ৰ উৎস বৃদ্ধি পাব ৷ লগতে ধন আগমনৰ সম্ভাৱনাও আছে ৷ আপুনি আপোনাৰ ব্যৱসায়লৈ কিছু পৰিৱৰ্তন অনাৰ কথা ভাবিব ৷ আপোনাৰ মুৰব্বীগৰাকীৰ পৰা ভাল খবৰ শুনিব ৷ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হ’ব ৷ স্বাস্থ্যৰ উন্নতিৰ বাবে আপুনি দৈনন্দিন জীৱনশৈলীত মৰ্নিং ৱাক, যোগাসন আৰু ধ্যান অন্তৰ্ভুক্ত কৰিব ৷ ঘৰলৈ নতুন আলহী আহিব, যাৰ ফলত আনন্দময় পৰিৱেশৰ সৃষ্টি হ’ব ৷ আজি আপুনি এগৰাকী ভাল মানুহকো লগ পাব ৷

কুম্ভ ৰাশি: প্ৰেমৰ সম্পৰ্কলৈ মধুৰতা আহিব ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত আন কোনো ব্যক্তিৰ হস্তক্ষেপৰ ফলত অশান্তি পাব ৷ ঘৰৰ সাজ-সজ্জাৰ বাবে আপুনি বহুত ধন ব্যয় কৰিব ৷ আপুনি ঋণ লৈ নতুন ঘৰ কিনিব পাৰে ৷ যদি আপুনি মাটি আৰু শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে, তেন্তে ইয়াৰ পৰা আপুনি ভাল লাভ অৰ্জন কৰিব ৷ চাকৰি সলনি কৰিব বিচাৰিলে এয়া এক ভাল সময় ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব, তেতিয়াহে তেওঁলোক পৰীক্ষাত সফল হ’ব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ দৈনন্দিন জীৱনশৈলীত যোগাসন আৰু ধ্যান অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে ভাল হ’ব ৷ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷ বন্ধুৰ জৰিয়তে উপাৰ্জনৰ সুযোগ পাব ৷

মীন ৰাশি: পাৰিবাৰিক জীৱনৰ কথা ক’বলৈ গ’লে, সুখ-শান্তি বিৰাজ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ সম্পৰ্কত ভুল বুজাবুজিৰ অন্ত পৰিব ৷ তৃতীয় ব্যক্তিৰ হস্তক্ষেপে প্ৰেম সম্পৰ্কত থকা লোকসকলৰ মাজত বেমেজালি সৃষ্টি কৰিব পাৰে ৷ যদি আপুনি বেংকৰ পৰা ঋণ লোৱাৰ কথা ভাবিছে, তেন্তে আপুনি সহজেই পাব ৷ শ্বেয়াৰ বজাৰ আৰু লটাৰীৰ বাবে সময় শুভ ৷ ব্যৱসায় কৰা লোকসকলে অধিক কষ্ট কৰিব, তেতিয়াহে তেওঁলোকে সাফল্য লাভ কৰিব ৷ চাকৰি সলনি কৰা লোকসকলৰ বাবে সময় শুভ নহয় ৷ চৰকাৰী চাকৰিৰ বাবে সময় শুভ নহয় ৷ যিকোনো পৰিৱৰ্তন ভাবি-চিন্তি কৰক ৷ শিক্ষাৰ্থীসকলে নতুন বিষয় বাছি লোৱাৰ সুযোগ পাব ৷ তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত তেওঁলোক জয়ী হ’ব ৷ শিক্ষকসকলৰ সমৰ্থন লাভ কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালেই থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.