ETV Bharat / bharat

Weekly Horoscope For 11th Feb To 17th Feb: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 6:06 AM IST

Weekly Horoscope For 11th Feb To 17th Feb 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 11th Feb To 17th Feb: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো তেওঁলোকৰ বাবে শুভ হ’ব ৷ আপুনি আপোনাৰ জীৱন সংগীক তেওঁৰ কামত সহায় কৰিব লাগিব ৷ আপুনি আপোনাৰ ব্যৱসায়তো মনোনিৱেশ কৰিব লাগিব ৷ প্ৰেম সম্পৰ্কত প্ৰেম দেখা যাব ৷ এই সপ্তাহত আৰ্থিক বিষয়ক লৈ কৰা অত্যধিক চিন্তাই আপোনাৰ মূৰৰ বিষ কৰিব পাৰে ৷ আপোনাৰ ভাগ্য সবল হৈ থাকিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি ক্ৰমান্বয়ে উন্নত হ’ব ৷ অংশীদাৰী ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে নিজৰ অংশীদাৰৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় ৷ চাকৰি কৰা লোকসকলে নতুন চাকৰিৰ কথা ভাবিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল সাফল্য লাভ কৰিব পাৰে ৷ আপোনাৰ প্ৰিয় বিষয়বোৰ পঢ়াৰ সুযোগ পাব ৷ আত্মবিশ্বাস অতি উচ্চ হৈ থাকিব ৷ স্বাস্থ্যৰ কোনো বিশেষ উন্নতি নহ’ব ৷ আপুনি নিজৰ দৈনন্দিন জীৱনলৈ কিছু পৰিৱৰ্তন আনিব ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো গতানুগতিকতকৈ ভাল হ’ব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলে এই সময়ত প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব ৷ বিবাহিত লোকসকলৰ জীৱনত প্ৰেম দেখা যাব ৷ যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়খিনিত ভাল সম্পৰ্ক আহিব, যি তেওঁলোকক যথেষ্ট সুখী কৰা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ চাকৰি কৰা লোকসকলে কনিষ্ঠ সহকৰ্মীসকলৰ লগত তৰ্ক-বিতৰ্ক এৰাই চলা উচিত ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব ৷ আৰ্থিক স্থিতিৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ এই সপ্তাহত আপোনাৰ খৰচ বহুত বেছি হ’ব, যাৰ ফলত আপুনি অলপ চিন্তিত অনুভৱ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব, তাতো আপুনি বহুত বেছি খৰচৰ সন্মুখীন হ’ব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ এই সপ্তাহত আপুনি নেতিবাচকতাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগিব ৷ যদি আপুনি নতুন সম্পৰ্কত জড়িত হ’ব বিচাৰে, তেন্তে সিদ্ধান্তটো অতি ভাবি-চিন্তি ল’ব লাগিব ৷ বিবাহিত লোকসকলক বৈবাহিক জীৱনত সুখী যেন লাগিব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো তেওঁলোকৰ বাবে শুভ হ’ব ৷ যদি আপুনি নিয়ম অনুসৰি পঢ়া-শুনা কৰে, তেন্তে পৰীক্ষাত ভাল ফলাফল পাব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ কৰ্মৰত লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখি অতি আনন্দিত হ’ব ৷ ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায়ক আগবঢ়াই নিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰিব লাগিব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ আপোনাৰ খৰচ বেছি হ’ব ৷ ভ্ৰমণ, খোৱা-বোৱা আদিৰ ওপৰত খৰচ হ’ব ৷ বিনিয়োগৰ বাবে সময় শুভ ৷

কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এইটো এটা অতি শুভ সপ্তাহ হ’ব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন দেখা যাব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ যদি শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে তেওঁলোকে নিজৰ কঠিন পৰিশ্ৰমৰ জৰিয়তে সাফল্য লাভ কৰিব ৷ বতৰ সলনি হোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে ৷ চাকৰি কৰা লোকসকলে নিৰ্ধাৰিত কাম সম্পূৰ্ণ কৰি পদোন্নতি লাভ কৰিব ৷ আৰ্থিক স্থিতিৰ উন্নতি হ’ব৷ নতুন বাহন কিনিবৰ বাবেও ধন ব্যয় কৰিব পাৰে ৷ ঘৰৰ সাজ-সজ্জাৰ বাবেও অধিক খৰচ কৰিবলগীয়া হ’ব ৷ অবিবাহিতসকলৰ সম্পৰ্কৰ কথা চলিব পাৰে ৷ ঘৰত শুভ কাৰ্য্যৰ আয়োজন কৰা হ’ব ৷ মাতৃ, মামা, ককা আৰু আইতাৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনাৰ বাবে অতি শুভ হ’ব ৷ বন্ধু-বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন দেখা যা ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে সাফল্য লাভ কৰিব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ দৈনন্দিন জীৱনত যোগাভ্যাস আৰু ধ্যান অন্তৰ্ভুক্ত কৰাটো ভাল হ’ব ৷ এই সময়ত আপোনাৰ ব্যয়ো বেছি হ’ব ৷ আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজন অনুসৰি কিছু বজাৰ কৰিব ৷ নতুন বাহনো কিনিব পাৰে ৷ চৰকাৰী খণ্ডৰ পৰা আপুনি কিছু ডাঙৰ লাভ অৰ্জন কৰিব পাৰে ৷ এই সপ্তাহত আপুনি যিকোনো ধৰণৰ কাজিয়া বা আইনী কামত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকিব লাগিব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ চাকৰি কৰা লোকসকলে সময়মতে কাম সম্পূৰ্ণ কৰিব লাগিব ৷ ব্যৱসায়তো লাভ অৰ্জন কৰিব ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলক প্ৰেমাস্পদৰ সৈতে বেচ সুখী যেন দেখা যাব ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত ভ্ৰমণলৈ গৈ আনন্দ লোৱা দেখা যাব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্রতিযোগিতাৰ প্রস্তুতিৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলে পঢ়া-শুনাতো সম্পূর্ণ মনোযোগ দিব৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ ভাল চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল ৷ চাকৰি কৰা লোকসকলে নিজৰ দক্ষতা দেখুৱাবলৈ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ নতুন প্ৰযুক্তি গ্ৰহণ কৰিব ৷ আপোনাৰ আৰ্থিক স্থিতিও সুদৃঢ় হৈ থাকিব ৷ বিনিয়োগৰ বাবে সময় বিশেষ ভাল নহয় ৷ এই সপ্তাহত আপুনি যিকোনো ধৰণৰ লেনদেন অতি সাৱধানে কৰিব লাগিব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব ৷ এজন জ্যেষ্ঠ সদস্যৰ পৰা আৰ্থিক লাভৰ ইংগিত পোৱা যায় ৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰা দেখা যাব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ আপুন নিজৰ প্ৰিয় বিষয়টো পঢ়াৰ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াত সফল হ’ব ৷ চাকৰিয়াল লোকসকলে চাকৰিত পদোন্নতিৰ সুযোগ পাব ৷ আৰ্থিক স্থিতি সবল হৈ থাকিব, কিন্তু কাৰোবাৰ লগত কোনো লেনদেন ভাবি-চিন্তি কৰাটো ভাল হ’ব ৷ আপুনি আপোনাৰ বাকী থকা ধন লাভ কৰিব ৷ নতুন বাহনৰ সুখ লাভ কৰিব ৷ অযথা ব্যয় আৰু অধিক হ’ব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সন্তুষ্ট যেন লাগিব আৰু পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনাও কৰিব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আপুনি আপোনাৰ প্ৰেমাস্পদক নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে চিনাকিও কৰাই দিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ স্বাস্থ্যৰ কোনো বিশেষ পৰিৱৰ্তন দেখা নাযায় ৷ আৰ্থিক দিশৰ পৰা আপোনাৰ বাবে সপ্তাহটো শুভ হ’ব ৷ আপুনি নতুন বিনিয়োগ কৰাৰ সুযোগ পাব, যিয়ে আপোনাৰ আৰ্থিক স্থিতি অধিক সুদৃঢ় কৰিব ৷ চাকৰি কৰা লোকসকলক চাকৰিত পদোন্নতি পোৱাৰ পিছত সুখী যেন দেখা যাব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা দেখা যাব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ জ্যেষ্ঠ সদস্যসকলে আপোনাৰ ব্যৱসায়ত কিছু ধন ব্যয় খৰচ কৰিব ৷ ঘৰত পূজা-পাঠৰ আয়োজন কৰা হ’ব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে মিশ্ৰিত হ’ব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে কিছু সময় কটাব আৰু আপোনাৰ মনত চলি থকা সমস্যাবোৰ ভাগ-বতৰা কৰিব, যাৰ ফলত আপোনালোক দুয়োৰে মাজত মৰম বাঢ়িব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ এই সপ্তাহত আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিব, যাৰ বাবে আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ পৰা আৰ্থিক সহায় ল’ব লাগিব ৷ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে সম্পূৰ্ণ মনোযোগেৰে পঢ়া-শুনা কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ যদি আপুনি আপোনাৰ দৈনন্দিন জীৱনলৈ কিছু পৰিৱৰ্তন আনে, তেন্তে সেয়া আপোনাৰ বাবে ভাল হ’ব ৷ চাকৰি কৰা লোকসকলে অফিচৰ কামত ভ্ৰমণলৈ যাব, যিটো তেওঁলোকৰ বাবে লাভজনক হ’ব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ বন্ধুৰ পৰা সহায় ল’ব ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক/জাতিকাসকলৰ প্ৰেম সম্পৰ্কৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ’ব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে লং ড্ৰাইভত যাব, য’ত আপোনালোকে পৰস্পৰক অধিক জানিবলৈ সুযোগ পাব ৷ বিবাহিত লোকসকলে তেওঁলোকৰ গাৰ্হস্থ্য জীৱনত কোনো বন্ধুৰ আগমনত সুখী হ’ব আৰু তেওঁৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব ৷ পৰিয়ালক সময় নিদিয়াৰ বাবে সকলোৰে আপোনাৰ ওপৰত খং উঠি থকা যেন লাগিব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ হ’ব ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনো কথাত মতানৈক্য হ’ব ৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব ৷ এই সপ্তাহত আপুনি নিজৰ মনোৰঞ্জনৰ বাবে অধিক ধন ব্যয় কৰিব ৷ আপুনি নতুন বাহনৰ সুখো প্ৰাপ্ত কৰিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ চাকৰি কৰি থকা লোকসকলে কৰ্মক্ষেত্ৰত সকলো কাম সময়মতে সম্পন্ন কৰিব লাগিব ৷ বিদেশৰ পৰা আমদানি-ৰপ্তানি কৰা কাম কৰা লোকসকলে সু-খবৰ শুনিবলৈ পাব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে সাফল্য লাভ কৰিব ৷ এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে, চাকৰিয়াল লোকসকলে চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পাব ৷ ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব, য’ত আপোনালোকক মৰমেৰে কথা পতা দেখা যাব ৷ আৰ্থিক স্থিতি অধিক সবল হ’ব ৷ উপাৰ্জনৰ বহু সুযোগ থাকিব ৷ ঘৰলৈ নতুন অতিথি আহিব, যাৰ ফলত পৰিয়ালত এক সুখময় পৰিৱেশৰ সৃষ্টি হ’ব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত হ’ব ৷ আপুনি পৰিকল্পনা কৰা ঘৰ আৰু প্লট কিনাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ এই সপ্তাহত আপোনাৰ ব্যয়ো বৃদ্ধি হ’ব, কিন্তু যদি আপোনাৰ আৰ্থিক স্থিতি সবল হৈ থাকে, তেন্তে আপুনি মন খুলি খৰচ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.