ETV Bharat / bharat

ভাৰত-ৰাষ্ট্ৰসংঘৰ সম্পৰ্কৰ অগ্ৰগতি; দিল্লীত উপস্থিত ইউএনজিএৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছ

author img

By ANI

Published : Jan 22, 2024, 1:28 PM IST

দিল্লীত উপস্থিত ইউএনজিএৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছ
দিল্লীত উপস্থিত ইউএনজিএৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছ

UNGA President India Visit : ইউএনজিএৰ অধ্যক্ষগৰাকীয়ে ২২-২৬ জানুৱাৰীলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত ভাৰত ভ্ৰমণ কৰিছে । ফ্ৰান্সিছে শেহতীয়াকৈ শান্তি, সমৃদ্ধি, প্ৰগতি আৰু স্থিৰতা অন্তৰ্ভুক্ত কৰিবলৈ তেওঁৰ অধ্যক্ষতাৰ অগ্ৰাধিকাৰৰ কথা ঘোষণা কৰিছিল ।

নিউজ ডেস্ক, ২২ জানুৱাৰী : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) অধ্যক্ষ ডেনিছ ফ্ৰান্সিছ সোমবাৰে নতুন দিল্লীত উপস্থিত হয় । ভাৰত-ৰাষ্ট্ৰসংঘৰ সম্পৰ্ক আগবঢ়াই নিবলৈ ফ্ৰান্সিছৰ এয়া হৈছে পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচী । ইউএনজিএৰ অধ্যক্ষগৰাকীক বিমানবন্দৰত ভাৰতৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে আদৰণি জনায় ।

"ডেনিছ ফ্ৰান্সিছ ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণি জনাইছোঁ । এই ভ্ৰমণ হৈছে ভাৰত-ৰাষ্ট্ৰসংঘৰ সম্পৰ্ক আগবঢ়াই নিয়া আৰু 'অগ্ৰাধিকাৰ আৰু গোলকীয় প্ৰত্যাহ্বান' সন্দৰ্ভত মত বিনিময়ৰ এক সুযোগ ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সত লিখিছে ।

ইউএনজিএৰ অধ্যক্ষগৰাকীয়ে ২২-২৬ জানুৱাৰীলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত ভাৰত ভ্ৰমণ কৰিছে । ফ্ৰান্সিছে শেহতীয়াকৈ শান্তি, সমৃদ্ধি, প্ৰগতি আৰু স্থিৰতা অন্তৰ্ভুক্ত কৰিবলৈ তেওঁৰ অধ্যক্ষতাৰ অগ্ৰাধিকাৰৰ কথা ঘোষণা কৰিছিল ।

৭৮ সংখ্যক ইউএনজিএৰ তেওঁৰ অধ্যক্ষতাৰ বিষয়বস্তু হৈছে 'বিশ্বাস পুনৰ নিৰ্মাণ কৰা আৰু সংহতি ৰক্ষা কৰা' । এই ভ্ৰমণকালত অধ্যক্ষগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ মুখ্য বহুপাক্ষিক বিষয়বোৰৰ ওপৰত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব । নতুন দিল্লীত তেওঁ ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাব । ইয়াৰ উপৰি তেওঁ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰত (ডিপিআই) ভাৰতৰ অগ্ৰগতিৰ ওপৰত এক ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, তেওঁ ২৪ জানুৱাৰীত 'বহুপাক্ষিকতা আৰু শান্তি, সমৃদ্ধি, প্ৰগতি আৰু স্থিৰতা' সন্দৰ্ভত ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদত (আইচিডব্লিউএ) এক ৰাজহুৱা ভাষণ প্ৰদান কৰিব । ফ্ৰান্সিছে তাৰ পিছত জয়পুৰ আৰু মুম্বাই ভ্ৰমণ কৰিব ।

আনহাতে, মুম্বাইত তেওঁ ২৬/১১ স্মাৰকত পুষ্পাঞ্জলি জ্ঞাপন কৰিব । মুম্বাইত তেওঁৰ কাৰ্যসূচীৰ ভিতৰত থাকিব নেচনেল ষ্টক এক্সচেঞ্জ ভ্ৰমণ আৰু পৰ্যবেক্ষক গৱেষণা ফাউণ্ডেচনৰ (অ'আৰএফ) দ্বাৰা আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান ।

ইয়াৰ উপৰি 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস উপলক্ষে তেওঁ মহাৰাষ্ট্ৰৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত ৰাজ্যিক অতিথি হিচাপে অংশগ্ৰহণ কৰিব । তেওঁৰ ভাৰত ভ্ৰমণে ভাৰত-ৰাষ্ট্ৰসংঘৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে, বিশেষকৈ সাধাৰণ সভাৰ সৈতে, যি হৈছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ প্ৰতিনিধিত্বমূলক অঙ্গ ।

উল্লেখ্য যে এই ভ্ৰমণকালত হোৱা আলোচনাত উন্নয়নশীল দেশসমূহৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘ, বিশেষকৈ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে ভাৰতে আহ্বান জনাব । এই ভ্ৰমণ ভাৰতীয় অগ্ৰাধিকাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সৈতে ভাৰতৰ সহযোগিতা বৃদ্ধিৰ লগতে গ্ল'বেল ছাউথে সন্মুখীন হৈ থকা বিশ্বজনীন প্ৰত্যাহ্বানসমূহক আনুষ্ঠানিকভাৱে প্ৰকাশৰ এক ডাঙৰ সুযোগ হ'ব ।

লগতে পঢ়ক :ভাৰত-মালদ্বীপৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ বাবেই মৃত্যু ঘটিল 14 বছৰীয়া কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.