ETV Bharat / bharat

চিকিৎসালয়ত ইমেইলযোগে বোমাৰ ভাবুকি অজ্ঞাত চক্ৰৰ - Bomb Threat Email

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 7:55 PM IST

BOMB THREAT IN DELHI : দুখন চিকিৎসালয়ত দেওবাৰে ই-মেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ একাধিক বিদ্যালয়ে বোমাৰ ভাবুকি পোৱাৰ কেইদিনমান পিচত এই ঘটনা সংঘটিত হৈছে ৷

BOMB THREAT IN DELHI
ইমেইলযোগে বোমাৰ ভাবুকি (ETV BHARAT DELHI DESK)

নেশ্যনেল ডেস্ক, 12 মে’ : চিকিৎসালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ দিল্লীৰ দুখন চিকিৎসালয় দেওবাৰে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ই-মেইলযোগে লাভ কৰা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে ৷

আৰক্ষী বিষয়াগৰাকীৰ মতে বুৰাৰী চৰকাৰী চিকিৎসালয় আৰু সঞ্জয় গান্ধী চিকিৎসালয়ত বোমাৰ ভাবুকিৰ ই-মেইল আহিছিল ৷ ভাবুকি দিয়া ই-মেইলসমূহৰ সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

দিল্লী অগ্নি নিৰ্বাপক বিভাগে এক বিবৃতিত কয়- "বুৰাৰী চৰকাৰী চিকিৎসালয় আৰু মংগলপুৰীৰ সঞ্জয় গান্ধী চিকিৎসালয়ত বোমাৰ ভাবুকিৰ ইমেইল লাভ কৰা হৈছে, তালাচী অভিযান চলি আছে ৷"

দিল্লী আৰক্ষীয়ে জনোৱা মতে- "বুৰাৰী হাস্পতালত বোমাৰ ভাবুকিৰ সন্দৰ্ভত এটা ইমেইল আহিছিল ৷ স্থানীয় আৰক্ষী আৰু বোমা নিষ্কাশন দল (বি ডি টি) চিকিৎসালয়ত আছে, কোনো সন্দেহজনক কাৰ্যকলাপৰ বাবে পৰীক্ষা কৰি আছে ৷ এতিয়ালৈকে একো পোৱা হোৱা নাই ৷"

উল্লেখ্য যে, কেইদিনমান পূৰ্বে দিল্লীৰ একাধিক বিদ্যালয়ে বোমাৰ ভাবুকি পোৱাৰ কেইদিনমান পিচত এই ঘটনা সংঘটিত হৈছে ৷ দিল্লী আৰক্ষীৰ মতে, মুঠ 131 খন বিদ্যালয়ে 1 মে'ত বোমাৰ ভাবুকিৰ ই-মেইল লাভ কৰিছিল ৷

অৱশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিযোগে এই ই-মেইলটোক “প্ৰৱঞ্চনা” বুলি অভিহিত কৰে ৷ গৃহ মন্ত্ৰালয়ৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে- "আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ৷ মেইলটো এটা প্ৰৱঞ্চনা যেন লাগে ৷ প্ৰট'কল অনুসৰি দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷"

লগতে পঢ়ক : চাইবাৰ অপৰাধ ৰোধ কৰাৰ উদ্দেশ্যে সহস্ৰাধিক ম'বাইল ব্লক কৰাৰ নিৰ্দেশ - Thousands Of Mobile Phons Block

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.