নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: ছত্তীশগড়ৰ সুকমা জিলাৰ টেকালগুডেমত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষ ৷ চলিত সপ্তাহৰ আৰম্ভণিতে টেকালগুডেমত সংঘটিত হোৱা এই সংঘৰ্ষত 2 জনকৈ মাওবাদী বিদ্ৰোহী নেতা নিহত হোৱা বুলি দাবী কৰিছে মাওবাদী সংগঠনটোৱে ৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে কমেও ছয়জন মাওবাদী বিদ্ৰোহীৰ মৃত্যু ঘটা বুলি কয় ।
শনিবাৰে আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই মাওবাদী সংগঠনটোৱে হতাহতিৰ সংখ্যা লুকুৱাইছে বুলি জনায় । যোৱা 30 জানুৱাৰীত টেকালগুডেম গাঁৱৰ সমীপত নক্সালবাদীৰ সৈতে হোৱা তীব্ৰ গুলীয়াগুলীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশেষ জংঘল যুদ্ধ ইউনিট কোব্ৰাৰ দুজনকে ধৰি তিনিজন জোৱান নিহত হোৱাৰ লগতে আন পোন্ধৰজন আহত হয় ।
সুকমা-বিজাপুৰ জিলাৰ সীমান্তৰ মাওবাদী দুৰ্গ টেকালগুডেমত নতুন শিবিৰ স্থাপনৰ পিচত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোৰ পৰা মাওবাদীক উৎখাত কৰাৰ কামত নিয়োজিত হোৱাৰ পিচতে এই ঘটনা সংঘটিত হয় । মাওবাদীৰ ‘দক্ষিণ-চাব জ'নেল ব্যুৰো'ৰ মুখপাত্ৰ চামতাৰ স্বাক্ষৰ সম্বলিত এক বিবৃতিত এই এনকাউণ্টাৰত দুগৰাকী মহিলা মাওবাদী বিদ্ৰোহী নিহত হৈছে বুলি দাবী কৰে ।
ইয়াত মৃত যুৱকজনক কোম্পানী নং 3 ৰ মহিলা শাখাৰ কমাণ্ডাৰ মাডৱী মাংলো ওৰফে ৰাজে বুলি চিনাক্ত কৰা হৈছে । আনজন বেটেলিয়ন নং 3 ৰ কেডাৰ মদভি বজ্জা বুলি কয় ৷ বিবৃতিটোত লগতে কোৱা হৈছে যে পাডেদা গাঁৱৰ (বিজাপুৰ জিলা) ৰাজে 2008 চনৰ পৰা বিদ্ৰোহী সংগঠনটোৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে 2022 চনত পুৱৰ্তী গাঁৱৰ (সুকমা জিলা) বজ্জাই এই সংগঠনটোত যোগদান কৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
আৰক্ষী মহাপৰিদৰ্শক (বাষ্টাৰ ৰেঞ্জ) সুন্দৰৰাজ পিয়ে কয়, "টেকালগুডেম এনকাউণ্টাৰত মাওবাদীসকলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । আমাৰ পক্ষৰ পৰা তিনিজন লোকৰ মৃত্যু হোৱাৰ পিছতো আমাৰ জোৱানসকলে সাহসেৰে যুঁজিছিল ।"
উক্ত সংঘৰ্ষত ছয়জনতকৈ অধিক মাওবাদী কেডাৰৰ মৃত্যু আৰু এক ডজনৰো অধিক কেডাৰ আহত হোৱাৰ বিষয়ে আমাৰ হাতত নিৰ্ভৰযোগ্য তথ্য আছে বুলিও আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে দাবী কৰে ।
লগতে পঢ়ক: ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ, ৩ বিদ্ৰোহী আহত