ETV Bharat / bharat

কালৰূপী জীপ, 7 গৰাকী লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:52 PM IST

Tragic road accident : বিজাপুৰ আৰু ওড়িশা সীমান্তত শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত 7 জন লোকৰ মৃত্যু হৈছে । এই পথ দুৰ্ঘটনাত আহতসকলক ওড়িশাৰ কোৰাপুটৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Tragic road accident
শোকাৱহ পথ দুৰ্ঘটনা, 7 গৰাকী লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : কৰ্ণাটকৰ বিজাপুৰ আৰু ওড়িশা সীমান্তত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ওড়িষাৰ বৰিগুমা অঞ্চলত দ্ৰুত গতিৰে গৈ থকা এখন যাত্ৰীবাহী জীপ বাহন আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত ৭ জন লোকৰ মৃত্যু হয় ।

ছত্তীশগড়ৰ জগদলপুৰৰ পৰা ওড়িশা অভিমুখে গৈ থকা জীপখন বিজাপুৰৰ সমীপতে বিপৰীত দিশৰ পৰা অহা বাইকখনৰ সৈতে সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত বাইক আৰোহীজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে বাইক আৰোহীজনক খুন্দা মৰাৰ পিচতে যাত্ৰীবাহী জীপখনে যাত্ৰীভৰ্তি অট’ এখনৰ সৈতে খুন্দা মাৰে । এই দুৰ্ঘটনাত বাইক আৰোহীসহ তিনিজন লোকৰ ঘটনাস্থলীত মৃত্যু হয় । আন চাৰিজন লোক হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়ত মৃত্যুবৰণ কৰে ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সংঘৰ্ষৰ পিচত জীপ আৰু অট’ দুয়োখনে পথৰ কাষতে থকা গছত খুন্দা মাৰে। লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ ওড়িশাস্থিত কোৰাপুটলৈ লৈ যায় ৷ আহতসকলৰ ভিতৰত চাৰিজনে চিকিৎসাৰ সময়ত কোটাপুটৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে ৷ এই সমগ্ৰ দুৰ্ঘটনাটোৰ দৃশ্যাংশ চিটিটিভি কেমেৰাত বন্দী হৈছে ৷ দুৰ্ঘটনাটোৰ সময়ত জীপখনত পাঁচজন লোক আছিল । জীপখনত থকা সকলো আৰোহী সুকলমে আছে বুলি জানিব পৰা গৈছে ।

আনহাতে খুন্দিওৱা অট’খনত 15 গৰাকী যাত্ৰী আছিল ৷ দুৰ্ঘটনাটোৰ পিচত জীপখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত মৃত্যু হোৱা সকলো লোক ওড়িশাৰ বিভিন্ন স্থানৰ লোক আছিল । সম্প্ৰতি বস্তাৰ আৰক্ষীয়ে জীপৰ গৰাকীক বিচাৰি উলিয়াবলৈ অভিযান অব্যাহত ৰাখিছে ৷ দুৰ্ঘটনা সংঘটিত কৰা জীপখন পঞ্জীয়ন নং ছত্তীশগড়ৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বিহাৰত ৰাজনৈতিক ধুমুহা; নীতিবাগীশ নীতিশক আদৰিবলৈ মালা গাঁঠিছে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.