ETV Bharat / bharat

কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়ান চিতাই জন্ম দিলে তিনিটা পোৱালি

author img

By PTI

Published : Jan 23, 2024, 11:18 AM IST

Kuno National Park: মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ এটা চিতাই তিনিটা পোৱালি জন্ম দিছে ৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে X যোগে খবৰটো প্ৰকাশ কৰি আনন্দ প্ৰকাশ কৰিছে ৷

cubs born to Namibian cheetah
cubs born to Namibian cheetah

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী: মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ এটা চিতাই তিনিটা পোৱালি জন্ম দিছে ৷ এটা চিতাৰ পৰা তিনিটা পোৱালি জন্ম দিয়াৰ কেইসপ্তাহমানৰ পিছতে জন্ম পাইছে এই পোৱালি তিনিটা ।

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে X যোগে এই খবৰটো প্ৰকাশ কৰি কয়, "কুনোৰ নতুন পোৱালি ! জ্ৱালা নামৰ নামিবিয়ান চিতাই তিনিটা পোৱালি জন্ম দিছে । নামিবিয়াৰ চিতা আছাই নিজৰ পোৱালি জন্ম দিয়াৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে নামিবিয়ান চিতাই তিনিটা পোৱালি জন্ম দিছে ।"

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীগৰাকীয়ে পোষ্টটোত আৰু কয় যে, "দেশৰ সকলো বন্যপ্ৰাণী সংৰক্ষণ যোদ্ধা আৰু বন্যপ্ৰাণী প্ৰেমীলৈ অভিনন্দন । ভাৰতৰ বন্যপ্ৰাণী লাভৱান হওক ।"

  • Kuno’s new cubs!

    Namibian Cheetah named Jwala has given birth to three cubs. This comes just weeks after Namibian Cheetah Aasha gave birth to her cubs.

    Congratulations to all wildlife frontline warriors and wildlife lovers across the country.

    May Bharat’s wildlife thrive… pic.twitter.com/aasusRiXtG

    — Bhupender Yadav (@byadavbjp) January 23, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

3 জানুৱাৰীত কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকলে নামিবিয়াৰ চিতা আছাই তিনিটা পোৱালি জন্ম দিয়াৰ খবৰ দিছিল । ইয়াৰ পূৰ্বে জ্ৱালাই (নামিবিয়ান নাম ছিয়ায়া) যোৱা মাৰ্চ মাহত চাৰিটা পোৱালি জন্ম দিছিল । অৱশ্যে তাৰে এজনহে বাচিল ।

স্বাধীন ভাৰতত বিলুপ্ত হোৱা একমাত্ৰ বৃহৎ মাংসভোজী প্ৰজাতিৰ পুনৰ প্ৰৱৰ্তনৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘প্ৰজেক্ট চিতা’ৰ অধীনত নামিবিয়াৰ পৰা ভাৰতলৈ স্থানান্তৰিত হোৱা চিতাসমূহৰ ভিতৰত জ্ৱালা আৰু আছা অন্যতম । 2022 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতলৈ পোনপ্ৰথমবাৰৰ অনা হৈছিল আঠটা চিতা ।

ইয়াৰ পিচত, বিগত ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা উৰাজাহাজেৰে অনা হৈছিল 12 টা চিতাৰ দ্বিতীয়টো গোট ।

উল্লেখ কৰা প্ৰয়োজন যে, কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া চিতাবোৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত 3 টা চিতাৰ মৃত্যু ঘটাৰ পিছত উচ্চতম ন্যায়ালয়ে চিতাবোৰ ৰাজস্থানলৈ স্থানান্তৰৰ পৰামৰ্শ দিছিল ।

লগতে পঢ়ক: বিলকিছ বানো গোচৰৰ ১১ দোষীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.