ETV Bharat / bharat

হনুমানক উপাসনা কৰাৰ সময়ত মহিলাসকলে মানি চলক এই নিয়ম

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 5:15 PM IST

Hanuman Puja vidhi: কোৱা হয় যে, হনুমানৰ নাম জপ কৰিলেই ভক্তৰ সকলো দুখ-কষ্ট নিবাৰণ হয় । শ্ৰীৰামৰ অতি প্ৰিয় হনুমানক আৰু অষ্ট সিদ্ধি আৰু ন নিধিৰ দাতা বুলি গণ্য কৰা হয় । সেয়েহে হনুমানৰ উপাসনা কৰিলে ৰোগ, দুখ-দুৰ্যোগ আদি দূৰ হয় ৷ অৱশ্যে যদি মহিলাসকলে হনুমানক উপাসনা কৰিবলৈ বিচাৰে তেন্তে তেওঁলোকে কেতবোৰ বিশেষ নিয়ম অনুসৰণ কৰিব লাগিব ৷ আজি এই বিষয়ে জানো আহক-

These are the rules that women should follow when worshiping Hanuman
হনুমানক উপাসনা কৰাৰ সময়ত মহিলাসকলে মানি চলক এই নিয়ম

মঙলবাৰৰ দিনটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয় ৷ এই দিনটোত হনুমানৰ উপাসনা কৰিলে ৰোগ, দুখ-দুৰ্যোগ আদি দূৰ হয় ৷ কোৱা হয় যে তেওঁৰ নাম জপ কৰিলেই ভক্তৰ সকলো দুখ-কষ্ট নিবাৰণ কৰে । শ্ৰীৰামৰ অতি প্ৰিয় হনুমানক আৰু অষ্ট সিদ্ধি আৰু ন নিধিৰ দাতা বুলি গণ্য কৰা হয় । যদি কোনো ব্যক্তিয়ে হনুমানৰ আশীৰ্বাদ লাভ কৰে, তেন্তে তেওঁ যিকোনো আপদ-বিপদ কাষলৈও আহিব নোৱাৰে । যিসকল লোকৰ ৰাশিত শনি সদে সতী বা ধৈয়া আছে, তেওঁলোকক বিশেষভাৱে হনুমানক পূজা কৰিবলৈ পৰামৰ্শ দিয়া হয় । অৱশ্যে যদি মহিলাসকলে হনুমানক উপাসনা কৰিবলৈ বিচাৰে তেন্তে তেওঁলোকে কেতবোৰ বিশেষ নিয়ম অনুসৰণ কৰিব লাগিব ৷ আজি এই বিষয়ে জানো আহক-

হনুমানক উপাসনা কৰোতে এইসমূহ কথা মনত ৰাখিব

  • কোনো কোনো ক্ষেত্ৰত বিশ্বাস কৰা হয় যে, হনুমান ব্ৰহ্মচাৰী আছিল ৷ তেওঁ সীতাক মাতৃ হিচাপে গণ্য কৰিছিল ৷ যাৰ বাবে প্ৰতিগৰাকী মহিলাকে হনুমানজীয়ে মাতৃত্বৰ স্থান দিছিল ৷ হনুমানে নিজেই মহিলাৰ সন্মুখত হাতজোৰ কৰিব, কিন্তু তেওঁৰ সন্মুখত আন মহিলাই হাতজোৰ কৰাটো তেওঁ একেবাৰেই পছন্দ নকৰিছিল ৷ সেয়েহে, যদি আপুনি হনুমানক উপাসনা কৰিবলৈ বিচাৰে, তেন্তে তেওঁৰ সন্মুখত হাতযোৰ আৰু মূৰ দোৱাই উপাসনা নকৰিব ৷
  • হনুমানৰ উপাসনাত মহিলাসকলে কেতিয়াও সেন্দুৰ প্ৰদান কৰিব নালাগে আৰু তেওঁৰ ভৰি স্পৰ্শ কৰিব নালাগে ৷ হনুমানক যিকোনো বস্তু আগবঢ়ালে তেওঁৰ সন্মুখত ৰাখিব লাগে ৷
  • মহিলাসকলে কেতিয়াও হনুমানক পানী আৰু কাপোৰ আগবঢ়াব নালাগে ৷
  • শাস্ত্ৰত কোৱা হৈছে যে, মহিলাসকলে হনুমানৰ উপাসনা কৰিব নালাগে ৷ যদি এগৰাকী মহিলাই হনুমানৰ ৯টা উপবাস একেলগে কৰিব নোৱাৰে, তেনেহ’লে এই উপবাস কৰাৰ ফল নধৰে ৷
  • মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত হনুমান চালিচা পাঠ কৰা উচিত নহয় ৷ কোৱা হয় যে এনে সময়ত মহিলাসকলে হনুমানক স্মৰণ কৰিলে তেওঁ অসন্তুষ্ট হয় ৷

লগতে পঢ়ক: দেশৰ ৫০ টা দেৱ বাদ্যযন্ত্ৰৰ ধ্বনিৰে মুখৰিত অযোধ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.