ETV Bharat / bharat

জ্ঞানবাপীৰ ৰায়ৰ বিৰুদ্ধে হাইকোৰ্টলৈ মুছলিম পক্ষ; আবেদন খাৰিজ হোৱাৰ দাবী হিন্দু পক্ষৰ অধিবক্তাৰ

author img

By ANI

Published : Feb 3, 2024, 9:21 AM IST

Gyanvapi Verdict : বৃহস্পতিবাৰে বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ মছজিদ ইন্তেজামিয়া সমিতিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে । বাৰাণসী জিলা আদালতৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়াস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হয় ।

মছজিদ সমিতিৰ আবেদন খাৰিজ হোৱাৰ দাবী হিন্দু পক্ষৰ অধিবক্তাৰ

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী : জ্ঞানবাপী গোচৰৰ হিন্দু পক্ষৰ অধিবক্তা সুভাষ নন্দন চতুৰ্বেদীয়ে বিশ্বাস ব্যক্ত কৰে যে জ্ঞানবাপীৰ ৰায়ক প্ৰত্যাহ্বান জনাই মছজিদ ইন্তেজামিয়া সমিতিয়ে দাখিল কৰা আবেদন আদালতে নিশ্চিতভাৱে খাৰিজ কৰিব ।

উল্লেখ্য যে বৃহস্পতিবাৰে বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ মছজিদ ইন্তেজামিয়া সমিতিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে । বাৰাণসী জিলা আদালতৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়াস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হয় । আদালতে হিন্দুসকলক জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশৰ ভিতৰত পূজা কৰাৰ অনুমতি প্ৰদান কৰিছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিন্দু পক্ষৰ অধিবক্তা সুভাষ নন্দন চতুৰ্বেদীয়ে কয় যে মছজিদ পক্ষই প্ৰথমে ১৭ জানুৱাৰীৰ আদেশক প্ৰত্যাহ্বান জনাব লাগে । "আদালতে মছজিদ ইন্তেজামিয়া সমিতিৰ অধিবক্তা এছ এফ এ নাকভিক সোধে, ২০২৪ চনৰ ১৭ জানুৱাৰীৰ মৌলিক আদেশক কিয় প্ৰত্যাহ্বান জনোৱা হোৱা নাছিল ? আদালতে সমিতিক প্ৰথমে ১৭ জানুৱাৰীৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাবলৈ কয় ।" তেওঁ কয় ।

"মছজিদ ইন্তেজামিয়া সমিতিয়ে ভুল পথ লৈছে । তেওঁলোক পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ গৈছে । কিন্তু প্ৰথমে তেওঁলোক উচ্চ ন্যায়ালয়লৈ যাব লাগে । জ্ঞানবাপী আদেশক প্ৰত্যাহ্বান জনাই মছজিদ ইন্তেজামিয়া সমিতিয়ে দাখিল কৰা আবেদন নিশ্চিতভাৱে খাৰিজ কৰা হ'ব ।" তেওঁ লগতে কয় ।

লক্ষণীয়ভাৱে ন্যায়ালয়ে জ্ঞানবাপী মছজিদৰ মছজিদ ইন্তেজামিয়া সমিতিৰ বাবে ১৭ জানুৱাৰীৰ আদেশৰ প্ৰত্যাহ্বান অন্তৰ্ভুক্ত কৰাৰ বাবে নিজৰ অনুৰোধ সংশোধন কৰিবলৈ ৬ ফেব্ৰুৱাৰীলৈকে সময় প্ৰদান কৰিছে । যাৰ ফলস্বৰূপে ৩১ জানুৱাৰীৰ আদেশ প্ৰদান কৰা হৈছে । পৰৱৰ্তী শুনানি এতিয়া ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

বৃহস্পতিবাৰে পুৱাতে মছজিদ ইন্তেজামিয়া সমিতি উচ্চতম ন্যায়ালয়লৈ যায় । কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁলোকক উচ্চ ন্যায়ালয়লৈ যোৱাৰ পৰামৰ্শ দিয়ে । ইফালে ৩১ জানুৱাৰীত বাৰাণসী জিলা আদালতে হিন্দু পক্ষক জ্ঞানবাপী মছজিদৰ দক্ষিণ দিশত পূজা কৰিবলৈ অনুমতি দিয়ে । আদালতে বাৰাণসী জিলা দণ্ডাধীশক হিন্দু পক্ষৰ দ্বাৰা 'পূজা' আৰু শ্ৰী কাশী বিশ্বনাথ মন্দিৰ ন্যাসৰ দ্বাৰা মনোনীত পূজাৰী (পুৰোহিত) বাবে সাত দিনৰ ভিতৰত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । আদালতৰ নিৰ্দেশৰ পিছত বৃহস্পতিবাৰে পুৱতি নিশা পূজা আৰু আৰতি সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :জ্ঞানবাপীৰ তেহখানাত পূজা আৰম্ভ; আদালতৰ ভূমিকাক লৈ প্ৰশ্ন মছজিদ সমিতিৰ যুটীয়া সচিবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.