ETV Bharat / bharat

ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হেমন্ত ছোৰেনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 2:08 PM IST

SC on Hemant Soren Plea : এইবাৰ দেশৰ শীৰ্ষ ন্যায়ালয়ত বিমুখ হ'ল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন আত্মসাতৰ গোচৰ সন্দৰ্ভত ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাবৰ বাবে ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কৈছে ।

SC on Hemant Soren Plea
হেমন্ত ছোৰেনৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২ ফেব্ৰুৱাৰী : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দ্বাৰা বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে তেওঁক কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । শীৰ্ষ ন্যায়ালয়ে ছোৰেনৰ অধিবক্তা, জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু এ এম সিংভিক এই আবেদন ঝাৰখণ্ড উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ কয় ।

ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে চিব্বালক কয় যে আদালতবোৰ সকলোৰে বাবে মুকলি আৰু ছোৰেনে উচ্চ ন্যায়ালয়লৈ যোৱা উচিত । উল্লেখ্য যে বৃহস্পতিবাৰে চিব্বালে বিষয়টোৰ জৰুৰী শুনানি বিচাৰি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সন্মুখত আবেদন কৰে । মুখ্য ন্যায়াধীশে শুকুৰবাৰে বিষয়টো তালিকাভুক্ত কৰিবলৈ সন্মত হৈছিল ।

চিব্বাল আৰু সিংভিয়ে বিচাৰপীঠৰ সন্মুখত হেঁচা দিয়ে লগতে ন্যায়াধীশ এম এম সুন্দৰেশ আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত বিচাৰপীঠক বিষয়টোৰ শুনানি ল'বলৈ কয় । অৱশ্যে ন্যায়াধীশ খান্নাই কয় যে উচ্চ ন্যায়ালয়বোৰ হৈছে সাংবিধানিক আদালত আৰু যদি আমি এজন ব্যক্তিক অনুমতি দিওঁ, তেন্তে আমি সকলোকে অনুমতি দিব লাগিব ।

উল্লেখ্য যে ছোৰেনক 'অবৈধ'ভাৱে বৃহৎ পৰিমাণৰ ভূমি বিক্ৰীৰ লগত সম্পৰ্কিত ধন আত্মসাত আৰু 'ভূ-মাফিয়া'ৰ সৈতে সম্পৰ্ক থকাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, ছোৰেনে শীৰ্ষ আদালতত দাখিল কৰা তেওঁৰ আবেদনত আদালতক তেওঁৰ গ্ৰেপ্তাৰক অবাঞ্ছিত, স্বেচ্ছাচাৰী আৰু তেওঁৰ মৌলিক অধিকাৰ উলংঘন বুলি ঘোষণা কৰিবলৈ আহ্বান জনায় ।

আবেদনখনত কোৱা হয় যে ইডি বিষয়াসকলে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে । কিয়নো আবেদনকাৰী ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা, এক বিশিষ্ট বিৰোধী দল আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ সক্ৰিয় অংশীদাৰ ।

ছোৰেনে লগতে আদালতক তেওঁক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ ইডিক নিৰ্দেশনা জাৰি কৰিবলৈও আহ্বান জনায় । কিয়নো তেওঁ দাবী কৰে যে তেওঁ গ্ৰেপ্তাৰ হৈছে এক সু-পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ, যাক কেইমাহমানৰ ভিতৰত অনুষ্ঠিত হ'বলগা সাধাৰণ নিৰ্বাচনত ব্যৱহাৰ কৰিবলৈ ৰচনা কৰা হৈছে ।

আবেদনখনত লগতে কোৱা হৈছে যে তেওঁক ৰাজভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৷ য'ত তেওঁ জেএমএম বিধায়ক আৰু ৰাজ্যিক বিধানসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰা সহযোগী দলসমূহৰ সৈতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰিবলৈ গৈছিল । ছোৰেনে কয় যে 31 জানুৱাৰীৰ নিশা প্ৰায় 10.10 বজাত তেওঁক কৰা গ্ৰেপ্তাৰ অবৈধ আৰু অধিকাৰবিহীন ।

ছোৰেনে এইটোও অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আৰম্ভ কৰা ইডিৰ পদক্ষেপৰ উদ্দেশ্য হৈছে তেওঁৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটোৱা ।

লগতে পঢ়ক : আজি উচ্চতম ন্যায়ালয়ত হেমন্ত ছোৰেনৰ অগ্নি পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.