ETV Bharat / bharat

ইউনিচেফ ইণ্ডিয়াত যুৱ অধিবক্তা হিচাপে নিযুক্তি অসমৰ নাহিদক - UNICEF India

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:21 AM IST

UNICEF India : ইউনিচেফ ইণ্ডিয়াত যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ নাহিদক ৷ লগতে মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানক নিযুক্তি দিয়া হৈছে নেশ্যনেল এম্বেছাদৰ হিচাপে ৷

Singer nahid afrin Appointed Youth Advocate and actress Kareena Kapoor Khan appointed UNICEF India National Ambassador
ইউনিচেফ ইণ্ডিয়াত যুৱ অধিবক্তা হিচাপে অসমৰ নাহিদ (UNICEF)

নিউজ ডেস্ক, 5 মে’ : অসমবাসীলৈ সুখবৰ ৷ ইউনিচেফ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে নিযুক্তি দিছে যুৱ অধিবক্তাক ৷ এইক্ষেত্ৰত স্থান লাভ কৰিছে অসম সন্তান তথা সুকন্ঠী গায়িকা নাহিদ আফৰিনেও ৷ শনিবাৰে ইউনিচেফ ইণ্ডিয়াই এই কথা ঘোষণা কৰে ৷

ইউনিচেফ ইণ্ডিয়াত যুৱ অধিবক্তা হিচাপে নিযুক্তি অসমৰ নাহিদক
ইউনিচেফ ইণ্ডিয়াত যুৱ অধিবক্তা হিচাপে নিযুক্তি অসমৰ নাহিদক (UNICEF)

16 ৰ পৰা 24 বছৰৰ ভিতৰত চাৰিগৰাকী যুৱ অধিবক্তাক নিযুক্তি দিছে ইউনিচেফে ৷ অসমৰ কণ্ঠশিল্পী নাহিদ আফৰিনৰ লগতে খেল আৰু বিশেষভাৱে সক্ষমসকলৰ অধিকাৰৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ গৌৰঞ্জী শৰ্মা, জলবায়ু আৰু শিশু অধিকাৰৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ কাৰ্তিক বাৰ্মা, মানসিক স্বাস্থ্য আৰু শৈশৱৰ প্ৰাৰম্ভিক বিকাশৰ ক্ষেত্ৰত নাহিদ আফৰিন আৰু তামিলনাডুৰ বিনীশা উমাশংকৰক নিযুক্তি দিয়া হৈছে উদীয়মান উদ্ভাৱক আৰু ষ্টেম অগ্ৰগামীৰ ক্ষেত্ৰত ।

সমগ্ৰ বিশ্বৰ প্ৰায় 93 গৰাকী যুৱ অধিবক্তাৰ গোটত ভাৰতৰ এই চাৰিগৰাকীক অন্তভুৰ্ক্ত কৰা হৈছে ৷ ইউনিচেফ ইণ্ডিয়াত নিযুক্তি লাভ কৰাৰ পাচতে সামাজিক মাধ্যমযোগে নিজৰ অনুভৱ প্ৰকাশ কৰিছে নাহিদে ৷

আনহাতে, ইউনিচেফ ইণ্ডিয়াই মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানক নেশ্যনেল এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে ৷ প্ৰতিটো শিশুৰ প্ৰাৰম্ভিক বিকাশ, স্বাস্থ্য, শিক্ষা আৰু লিংগ সমতাৰ অধিকাৰ আগবঢ়াই নিয়াত কৰীণা কাপুৰ খানে ইউনিচেফ ইণ্ডিয়াক সহায় কৰিব ।

ইয়াৰ পূৰ্বেও কৰীণা কাপুৰ খানে ইউনিচেফ ইণ্ডিয়াৰ তাৰকা অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ৰাষ্ট্ৰীয় এম্বেছাদৰ হিচাপে নিযুক্তি লাভ কৰাৰ পাচতে 43 বছৰীয়া অভিনেত্ৰী কৰীণা কাপুৰ খানে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “শিশুৰ অধিকাৰ, এই পৃথিৱীৰ ভৱিষ্যত প্ৰজন্মৰ দৰে গুৰুত্বপূৰ্ণ কথা কমেইহে আছে । ভাৰতৰ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰদূত হিচাপে এতিয়া ইউনিচেফৰ সৈতে মোৰ সম্পৰ্ক অব্যাহত ৰাখিবলৈ পাই মই সন্মান অনুভৱ কৰিছো ।"

লগতে পঢ়ক: যৌন শোষণৰ বিৰুদ্ধে বিশ্ব যুঁজ দিৱস ২০২৪

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.