ETV Bharat / bharat

ছেলা পাছ সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ; ফেব্ৰুৱাৰীত মুকলি হোৱাৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 8:07 PM IST

Sela Pass Tunnel : ভাৰত-চীন সীমান্ত সংযোগী অৰুণাচল প্ৰদেশৰ ছেলা পাছ সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ । এতিয়া অপেক্ষা মাথোঁ মুকলিৰ দিন-ক্ষণৰ ।

ছেলা পাছ সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ
ছেলা পাছ সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ
ফেব্ৰুৱাৰীত মুকলি হোৱাৰ সম্ভাৱনা ছেলা সুৰংগ

তেজপুৰ, ২৯ জানুৱাৰী : এতিয়া সুগম হৈছে ভাৰত-চীন সীমান্তলৈ যোৱা পথ । যাৰ বাবে এতিয়াৰে পৰা কম সময়ৰ ভিতৰতে সীমান্তত উপস্থিত হ'ব পাৰিব ভাৰতীয় সেনাৰ লগতে বিভিন্ন সুৰক্ষা বাহিনী । লগতে পৰ্যটকৰ বাবেও এক ভাল খবৰ । ছেলা পাছৰ দুৰ্গম বৰফৰে আৱৰা পথত বাহনৰ চকাত এতিয়াৰে পৰা লগাব নালাগিবও পাৰে চেইন ।

উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সংলগ্ন হোৱাকৈ 13,000 ফুট উচ্চতাৰ ছেলা পাছ সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে । অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলি হ'লে স্থানলাভ কৰিব গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত । কাৰণ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই ।

সীমান্ত পথ সংস্থাৰ ভৰ্টক প্ৰকল্পৰ অধীনত এই সুৰংগ অহা ফেব্ৰুৱাৰী মাহত দেশৰ বাবে উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে । বিগত সময়ছোৱাত প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত প্ৰবল বৰষুণৰ বাবে পথৰ সংলগ্নকৈ ব্লেক টেপিং কৰাত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছিল যদিও সেই কাম বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে । বৰ্তমান প্ৰচণ্ড তুষাৰপাতৰ মাজতে বহু প্ৰত্যাহ্বান নেওচি পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বিআৰঅ'ৰ প্ৰচেষ্টা আৰু অগ্ৰগতিৰে সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে এই ছেলা সুৰংগ ।

আনহাতে, যথেষ্ট কঠোৰ পৰিশ্ৰমৰ মাজত এই সুৰংগৰ নিৰ্মাণকাৰ্য চলি আছে । বিআৰঅ'ৰ এই প্ৰকল্পৰ লগত জড়িত এগৰাকী বিষয়াই কয় যে সাগৰপৃষ্ঠৰ পৰা 13,000 ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লেনযুক্ত পথ সুৰংগ হিচাপে পৰিগণিত হৈছে । প্ৰকল্পটোত ৪৭৫ মিটাৰ আৰু ১৭৯০ মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগ থাকিব । এই সুৰংগই পশ্চিম অৰুণাচল প্ৰদেশৰ দিৰাঙৰ পৰা টাৱাঙলৈ প্ৰায় ৯.২২০ কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব ।

প্ৰকল্পটোত 1,790 মিটাৰ আৰু 475 মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগৰ লগতে 980 মিটাৰ এস্কেপ টিউব ব্যৱহাৰ কৰা হৈছে । সুৰংগটোৰ ভিতৰত আছে অত্যাধুনিক প্ৰযুক্তিৰ লাইট, চিচি কেমেৰা আৰু কেইবাখনো প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ দায়িত্বত থকা বিষয়াই । লগতে যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে চোকা দৃষ্টি ৰাখিব । সীমান্ত পথ সুৰক্ষা সংস্থা ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ সঞ্চালকে 2021 চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ইটানগৰ ভ্ৰমণৰ সময়ত বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰৰ সংযোগ প্ৰদান কৰাৰ বাবে 2019 চনৰ 19 ফেব্ৰুৱাৰীত ছেলা টানেলৰ আধাৰশিলা ৰিম'ট কণ্ট্ৰোলৰ জৰিয়তে স্থাপন কৰিছিল । সুৰংগটোৰ নিৰ্মাণ 1 এপ্ৰিল, 2019 তাৰিখে আৰম্ভ হয় আৰু ইয়াৰ প্ৰথমতো বিস্ফোৰণ 31 অক্টোবৰ, 2019 তাৰিখে সংঘটিত কৰা হয় ।

জানিব পৰা মতে, ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ অহাৰ সম্ভাৱনা আছে । সেই সময়তে ১৯ ফেব্ৰুৱাৰীত এই সুৰংগ মুকলি হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে । অৱশ্যে এইক্ষেত্ৰত বৰ্তমানলৈকে কোনো চৰকাৰী তথ্য লাভ কৰা হোৱা নাই । আনহাতে, এই একেটা পথত নেচিফু সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হৈ ইতিমধ্যে যাতায়াতৰ বাবে মুকলি কৰা হৈছে ।

মুঠ 500 মিটাৰ দীঘল এই সুৰংগ চেঁচা আৰু জিৰ' পইণ্টৰ মাজত সঘনাই সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে নিৰ্মাণ কৰা হৈছে । ঘন ডাঠ কুঁৱলীৰ বাবে যান-বাহনৰ চলাচল কৰাত সেনাবাহিনীৰ লগতে পৰ্যটকেও সকলো সময়তে অসুবিধাৰ সন্মুখীন হ'বলগা হয় । উল্লেখ্য যে ছেলা পাছৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷

১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধত ভাৰতীয় সৈন্যই এই অঞ্চলৰ বৰফাবৃত্ত পাহাৰৰ পৰা যুদ্ধৰ বাবে সহায় পাইছিল ৷ তাৰ পাছত ভাৰতীয় সৈন্যই সম্পূৰ্ণ সীমান্ত অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ৷ ছেলা পাছৰ এই সুৰংগৰ কাষেৰে ভাৰত-ভূটান সংলগ্ন পথ । আনহাতে, টাৱাঙৰ পৰা পশ্চিম দিশলৈ ভাৰত-তীব্বত সীমান্ত লুমলা ৰাজহ চক্ৰৰ অন্তৰ্গত ৷

ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন চমুকৈ বিআৰঅ'ৰ প্ৰজেক্ট ভৰ্টকৰ অধীনত ইতিমধ্যে চাৰিদুৱাৰ-ভালুকপুম-টাৱাং সংলগ্ন পথটো দ্বৈত-লেনযুক্তৰ ৰাষ্টীয় ঘাইপথৰ কামো সম্পূৰ্ণ হোৱাৰ দিশে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ছেলা পাছৰ সুৰংগ নিৰ্মাণৰ আঁৰত আছে এগৰাকী মহিলা অভিযন্তা । অতিৰিক্ত কাৰ্যকৰী অভিযন্তা নিকিতা চৌধুৰীৰ দায়িত্বত নিৰ্মাণ হৈছে এই সুৰংগৰ কাম । এই সুৰংগ নিৰ্মাণৰ বাবে ব্যয় হৈছে মুঠ ৮২৫ কোটি টকা ।

লগতে পঢ়ক :এসপ্তাহৰ ভিতৰত বংগকে ধৰি সমগ্ৰ দেশতে কা' কাৰ্যকৰী হ'ব: শান্তনু ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.