ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা; বিজাপুৰত গ্ৰেপ্তাৰ ১৪ মাওবাদী, দান্তেৱাড়াত দুজনৰ আত্মসমৰ্পণ - Naxalites arrested in Chhattisgarh
Naxalites arrested in Bijapur : বস্তাৰত মাওবাদীৰ বিৰুদ্ধে সুৰক্ষা বাহিনীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে । বিজাপুৰত সুৰক্ষা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে ১৪ জন মাওবাদীক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা আটাইকেইজন মাওবাদীৰ ওপৰত মুঠ ৪০ লাখতকৈও অধিক পুৰস্কাৰ ঘোষণা কৰা হৈছিল । ইয়াৰ উপৰি দান্তেৱাড়াত দুই মাওবাদীয়ে আত্মসমৰ্পণ কৰে ।

Published : May 13, 2024 at 8:54 PM IST
নিউজ ডেস্ক, ১৩ মে' : ছত্তীশগড়ত চলি থকা মাওবাদী-বিৰোধী অভিযানত নিৰাপত্তা বাহিনীৰ বহৎ সফলতা । ৰাজ্যখনৰ বস্তাৰ বিভাগত নিৰাপত্তা বাহিনীয়ে চলাই থকা নিৰন্তৰ অভিযানৰ বাবে কেইবাটাও ৰক্তক্ষয়ী সন্ত্ৰাসৰ কৌশল বিফল হৈছে । তাৰ মাজতে সোমবাৰে বিজাপুৰত ১৪ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰে ভিতৰত কেইবাজনো মাওবাদীৰ ওপৰত পুৰস্কাৰ ঘোষণা কৰি হৈছিল । আনহাতে, দান্তেৱাড়াত দুজন মাওবাদীয়ে আত্মসমৰ্পণ কৰে । দুয়োজনেই মাওবাদীৰ বন্ধৰ সময়ত ৰাস্তা খন্দা, গছ কটা আৰু মাওবাদীৰ বেনাৰ-পোষ্টাৰ লগোৱা কামত জড়িত আছিল ।
উল্লেখ্য যে বিজাপুৰত চলি থকা মাওবাদী-বিৰোধী অভিযানৰ অধীনত দেওবাৰে ডিআৰজি বিজাপুৰ আৰু গংগালুৰ আৰক্ষী থানাৰ এটা দল এক অনুসন্ধানমূলক অভিযানত মুটৱেন্দি-পেদিয়া অভিমুখে যায় । অনুসন্ধান অভিযানৰ অন্তত উভতি অহাৰ সময়ত আৰক্ষীয়ে পেদিয়া-মুতাভেন্দিৰ মাজৰ অৰণ্যত ১৪ জন নক্সালবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰে । তাৰ পিচত চলোৱা অভিযানত সোমবাৰে কাৰ্যত ১৪ নক্সালবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা ১১ জন মাওবাদীৰ ওপৰত মুঠ ৪১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । গ্ৰেপ্তাৰ হোৱা মাওবাদীকেইটা হৈছে-
ৰেণু কোৱাচী, সামৰিক কোম্পানী নং 2 (8 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল)
মঙ্গলী আভালম, গংগালুৰ এলেকা সমিতি (8 লাখ টকাৰ পুৰস্কাৰ)
বিচেম উইকা, গংগালুৰ এলেকা সমিতি, (5 লাখ টকাৰ পুৰস্কাৰ)
গংগালুৰ অঞ্চল সমিতিৰ সদস্য শৰ্মিলা কুৰ্চামে (5 লাখ টকাৰ পুৰস্কাৰ)
গংগালুৰ অঞ্চল সমিতিৰ সদস্য লক্ষ্মী তাঁতী (5 লাখ টকাৰ পুৰস্কাৰ)
ববিতা হেমলা, সামৰিক কোম্পানী নং 2 (2 লাখ টকাৰ পুৰস্কাৰ)
সাবিত্ৰী পুনেম, সামৰিক কোম্পানী নং 2 (2 লাখ টকাৰ পুৰস্কাৰ)
মাইনু ওয়াম ওৰফে লাচু, ডিভিজন টেলাৰ দল (2 লাখ টকাৰ পুৰস্কাৰ)
পিকি মাদৱী, সামৰিক কোম্পানী নং 2 (2 লাখ টকাৰ পুৰস্কাৰ)
তোকালু মাদৱী, গংগালুৰ এলঅ'এছ সদস্য (1 লাখ টকাৰ পুৰস্কাৰ)
চান্নু লেকাম, ডিএকেএমএছৰ সভাপতি পেদিয়া (1 লাখ টকাৰ পুৰস্কাৰ)
বিক্কেম কুঞ্জম, মিলিছিয়া প্লাটুন সদস্য (আৰপিচি কোৰচোলি)
লাখু পুনেম, জিআৰডি কমাণ্ডাৰ (ইটাবৰ)
পাণ্ডু মুচাকি, ভুমকাল মিলিছিয়া ডেপুটি কমাণ্ডাৰ, পেদিয়া
লগতে কোৱা হৈছে যে গ্ৰপ্তাৰ হোৱা এই ১৪ জন মাওবাদী মাওবাদীৰ ২নং সামৰিক কোম্পানী আৰু গংগালুৰ আঞ্চলিক সমিতিৰ অধীনত সক্ৰিয় আছিল । মাওবাদীকেইটাক জেৰা কৰাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ দ্বাৰা সংস্থাপিত কৰা আইইডি, ৪টা টিফিন বোমা, ২ টা কুকাৰ বোমা, ডিটনেটৰ, কাৰ্ডেক্স তাঁৰ, জিলেটিন ষ্টিক আৰু প্ৰচাৰ সামগ্ৰী জব্দ কৰে ।
আনহাতে, দান্তেৱাড়াত চলি থকা এক অভিযানৰ সময়তে সোমবাৰে দুজন মাওবাদীয়ে আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণ কৰা মাওবাদী দুজন মাওবাদীয়ে দিয়া বন্ধৰ সময়ত ৰাস্তা খন্দা, গছ কটা আৰু মাওবাদীৰ বেনাৰ-পোষ্টাৰ লগোৱা কাৰ্যত জড়িত আছিল । মাওবাদী দুটাৰ নাম মতিৰাম কুঞ্জম আৰু ৰাজেশ অয়াম । তেওঁলোক দুয়ো বেচাপালৰ বাসিন্দা । তেওঁলোক দুয়োজনে ডিআৰজি কাৰ্যালয়ত আত্মসমৰ্পণ কৰে । আনহাতে, চৰকাৰৰ পুনৰ্সংস্থাপন আঁচনিৰ অধীনত দুয়োকে ২৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে । উল্লেখ্য যে এতিয়ালৈকে ১৮০ টাকৈ পুৰস্কাৰ ঘোষণা কৰি থোৱা মাওবাদীকে ধৰি মুঠ ৮০১ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে আৰু পুনৰ্সংস্থাপন আঁচনিত যোগদান কৰিছে ।
লগতে পঢ়ক :নিৰ্বাচনৰ মাজতে পশ্চিমবংগত টিএমচি কৰ্মীক হত্যা - Lok Sabha Election 2024

