ETV Bharat / bharat

সংসদৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ অন্তৱৰ্তীকালীন জামিনৰ আবেদন কাৰাৰুদ্ধ সঞ্জয় সিঙৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:38 PM IST

Sanjay Singh sought interim bail: দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰী গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সংসদৰ অধিৱেশনত উপস্থিত থাকিবলৈ আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰে ৷

Etv BharatSanjay Singh sought interim bail
সংসদৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ অন্তৱৰ্তীকালীন জামিনৰ আবেদন কাৰাৰুদ্ধ নেতা সঞ্জয় সিঙৰ

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰ গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সংসদৰ অধিৱেশনত উপস্থিত থাকিবলৈ অন্তৱৰ্তীকালীন জামিন বিচাৰি ৰাউজ এভিনিউ আদালতত এখন আবেদন দাখিল কৰিছে । তাৰ পিচতে সঞ্জয় সিঙৰ আবেদনৰ শুনানিৰ সময়ৰ বাবে আদালতে ইডিক জাননী জাৰি কৰিছে । গোচৰটোৰ পৰৱৰ্তী শুনানি অহা 3 ফেব্ৰুৱাৰীত হ'ব বুলি জানিব পৰা গৈছে ।

সঞ্জয় সিঙে সংসদৰ অধিৱেশনত উপস্থিত থাকিবলৈ অহা 4 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈ অন্তৱৰ্তীকালীন জামিন বিচাৰিছে ৷ আবেদনখনত সঞ্জয় সিঙে উল্লেখ কৰিছে যে, তেওঁ ৰাজ্যসভাৰ সদস্যপদৰ শপত ল'ব লাগিব । এনে পৰিস্থিতিত, তেওঁক অন্তৱৰ্তীকালীন জামিন দিয়া উচিত । সঞ্জয় সিঙে দিল্লী উচ্চ ন্যায়ালয়ত নিয়মীয়া জামিন আবেদন দাখিল কৰিছে , যাৰ ওপৰত উচ্চ ন্যায়ালয়ে ৰায় সংৰক্ষিত ৰাখিছে ।

ৰাউজ এভিনিউ আদালতে 22 ডিচেম্বৰ 2023 ত সঞ্জয় সিঙৰ জামিনৰ আবেদন নাকচ কৰিছিল । উল্লেখ্য যে, বিগত বৰ্ষৰ 4 অক্টোবৰত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল আম আদমি পাৰ্টীৰ (আপ) ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক । ৰাজধানী দিল্লীত থকা তেওঁৰ বাসগৃহত তালাচী চলোৱাৰ পিছতে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক ED য়ে গ্ৰেপ্তাৰ কৰে । সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আপৰ তৃতীয়জন হ’ল সঞ্জয় সিং ।

ED ৰ অভিযোগ যে দীনেশ অৰোৰাৰ এজন কৰ্মচাৰীয়ে 50 লাখ টকা ডেলিভাৰী কৰে । দুবাৰকৈ সঞ্জয় সিঙৰ ঘৰলৈ 2 কোটি টকা দিয়াৰ লগতে সংস্থাটোৱে ডিজিটেল প্ৰমাণ দাখিল কৰিছিল । ED য়ে অভিযোগ কৰিছে যে কিছুমান ব্যক্তিগত কোম্পানীক পাইকাৰী ব্যৱসায়ৰ 12% লাভ দিয়াৰ ষড়যন্ত্ৰৰ অংশ হিচাপে এই আবকাৰী নীতি কাৰ্যকৰী কৰা হৈছিল ।

লগতে পঢ়ক: Delhi Liquor Scam Case: দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আপ সাংসদ সঞ্জয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.