ETV Bharat / bharat

গৈছিল বিয়া খাবলৈ : ঘৰলৈ উভতি আহিল 9 দুৰ্ভগীয়াৰ নিথৰ দেহ - Rajasthan Jhalawar Road Accident

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 8:35 AM IST

Updated : Apr 21, 2024, 2:24 PM IST

Road accident in Jhalawar , nine people died
তীব্ৰবেগী অনিয়ন্ত্ৰিত ট্ৰলীৰ খুন্দাত মৃত্যু 9 জনৰ

Jhalawar Road Accident: তীব্ৰবেগী অনিয়ন্ত্ৰিত ট্ৰলীৰ খুন্দাত মৃত্যু 9 জন লোকৰ । বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল আটাইকেইজন লোক । ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত ৷

নেশ্যনেল ডেস্ক, 21 এপ্ৰিল: ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ অকলেৰা থানা এলেকাত সংঘটিত হৈছে এই হৃদয় বিদাৰক দুৰ্ঘটনাটো । দ্ৰুতগতিত অহা ট্ৰলী এখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ভেনত খুন্দা মৰাৰ ফলত একেটা অঞ্চলৰ 9 জনকৈ লোকৰ মৃত্যুৰ ঘটে ।

দেওবাৰৰ পুৱাই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । ঘটনা সন্দৰ্ভত জানিব পৰা মতে আটাইকেইজন লোক মধ্যপ্ৰদেশৰ পৰা এখন ভেনেৰে দুগৰগাঁৱত থকা নিজৰ ঘৰলৈ উভতি আহিছিল । সেই সময়তে পচোলাৰ সমীপত এখন ট্ৰলীয়ে নিয়ন্ত্ৰণ হেৰুৱায় ভানখনত খুন্দা মাৰে ।

অকলেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ বিষ্ণৈয়ে জনোৱা মতে, শনিবাৰে অকলেৰাৰ সমীপৰ ডুংগাৰ গাঁৱৰ বাগৰি সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ আত্মীয়ৰ বিবাহ অনুষ্ঠানৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল । উক্ত বিবাহ কাৰ্যসূচীৰ পৰা ঘৰ অভিমুখে গৈ থাকোতে ভ্যানখনত তীব্ৰবেগী ট্ৰলী এখনে খুন্দা মাৰে । এই দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু ঘটিছে । বৰ্তমান আৰক্ষীয়ে মৃতদেহবোৰ অকলেৰাৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ৰাখিছে ।

ঘটনা সন্দৰ্ভত ষ্টেচন ইনচাৰ্জে জনোৱা মতে মৃত সকলো লোক বাগৰি সম্প্ৰদায়ৰ । বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । এই দুৰ্ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকক অৱগত কৰা হৈছে বুলি ষ্টেচন ইনচাৰ্জে জনায় । পৰিয়ালৰ সদস্যৰ অভিযোগৰ ভিত্তিতহে আৰক্ষীয়ে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব ।

উল্লেখ কৰা প্ৰয়োজন যে বিগত কিছুদিনৰ ভিতৰত জিলাখনত সংঘটিত হোৱা এইটো দ্বিতীয়টো বৃহৎ দুৰ্ঘটনা ৷ ইয়াৰ পূৰ্বে গংগাধৰ আৰক্ষী এলেকাত ডাম্পাৰৰ সৈতে হোৱা সংঘৰ্ষত 5 জন লোকে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক: গুজৰাটত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত ১০ - Accident in Gujarat

Last Updated :Apr 21, 2024, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.