ETV Bharat / bharat

নীতিশ কুমাৰক তেজপিয়াৰে তুলনা RJD ৰ বিধায়ক তেজ প্ৰতাপৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:35 PM IST

Tej Pratap On Nitish Kumar: নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ ৷ বিহাৰত নীতিশ কুমাৰে আৰজেডি এৰি এতিয়া পুনৰ বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিছে । যাৰ বাবে বহু সমালোচনাৰ সন্মুখীন হৈছে নীতিশ ৷

Tej Pratap On Nitish Kumar
মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ

নেশনেল ডেস্ক, 28 জানুৱাৰী : বিহাৰত আকৌ এবাৰ নীতিশ কুমাৰে এন ডি এত যোগদান কৰিছে । আজি তেওঁ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ইয়াত তেওঁক মহাগঠবন্ধনৰ নেতাসকলে অহৰহ লক্ষ্য কৰি লৈছে । আৰজেডিৰ বিধায়ক তথা লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱেও নীতিশ কুমাৰৰ X একাউণ্টত পোষ্ট দি আক্ৰমণ কৰে ।

তেজ প্ৰতাপে নিজৰ পোষ্টত লিখিছে যে নীতিশ কুমাৰক ‘তেজপিয়া ৰত্ন’ৰে সন্মানিত কৰিব লাগে । লিখিছে- 'তেজপিয়া এনেই বদনামী ! ৰং সলনিত সিদ্ধহস্ত পল্টিছ কুমাৰকো ‘তেজপিয়া ৰত্ন’ৰে সন্মানিত কৰা উচিত (गिरगिट तो बस यूं ही बदनाम है..! रंग बदलने की रफ्तार से तो पलटिस कुमार को भी 'गिरगिट रत्न' से सम्मानित करना चाहिए) ৷

  • “गिरगिट” तो बस यूँ ही बदनाम है..! रंग बदलने की रफ़्तार से तो पलटिस कुमार को भी “गिरगिट रत्न“ से सम्मानित करना चाहिए।

    — Tej Pratap Yadav (@TejYadav14) January 28, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

নীতিশ কুমাৰৰ এন ডি এত যোগদান :

বিগত এসপ্তাহ ধৰি বিহাৰত মহাজোটবন্ধন চৰকাৰৰ পতনৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে । ৰাজনৈতিক অস্থিৰতা মাজতে নীতিশ কুমাৰক পতিয়ন নিয়াবলৈও RJD-এ বহু প্ৰচেষ্টা চলাইছিল । কংগ্ৰেছেও তেওঁক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ।

মহাজোঁটবন্ধনৰ নেতাসকলৰ লক্ষ্য :

এতিয়া নীতিশে পুনৰ এন ডি এত যোগদান কৰাৰ লগে লগে RJD আৰু কংগ্ৰেছে তেওঁক আক্ৰমণকাৰী কৰে ৷ ইয়াৰ পূৰ্বে লালু যাদৱৰ কন্যা ৰোহিনী আচাৰ্যইও নীতিশৰ বিষয়ে এটা পোষ্টত লিখিছে যে, ‘‘জাৱৰ আকৌ ডাষ্টবিনলৈ গৈছে’’ ৷ কংগ্ৰেছৰ অধ্যক্ষ মল্লিকা অৰ্জুন খৰ্গে কয় যে যদি ৰাজনীতিত ৰাম আহিছে, ৰাম গৈছে হৈ আছে । আমি তেওঁক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ ৷ এতিয়া তেওঁ গ’ল ৷ এই বিষয়ে আমি কি ক’ম ?’’

১৯ বছৰ ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আছে :

নীতিশ কুমাৰে আজি নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । প্ৰথমবাৰৰ বাবে ২০০০ চনৰ ৩ মাৰ্চত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰে । সেই চৰকাৰখনে মাত্ৰ ৭ দিনহে চলিব পাৰিছিল । ইয়াৰ পিচত ২০০৫ চনৰ ২৪ নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশে ।

২০১৪ চনৰ ২০ মে’ৰ পৰা ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীলৈকে সময়ছোৱাৰ বাহিৰে নীতিশে ধাৰাবাহিকভাৱে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰি আহিছে । মাত্ৰ ২৭৮ দিনৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল জিতন ৰাম মাঝি । অৰ্থাৎ নীতিশ কুমাৰে একেৰাহে ১৯ বছৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদত আছে ।

লগতে পঢ়ক : বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি; মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.