ETV Bharat / bharat

হেমন্ত ছোৰনৰ জামিন আবেদন নাকচ - Hemant bail plea rejected

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 3:25 PM IST

Hemant bail plea rejected: ভূমি কেলেংকাৰী গোচৰত কাৰাগাৰত বন্দী ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদন নাকচ কৰিলে ৰাঁচীৰ এখন বিশেষ আদালতে । ছোৰেনক ৰাজনৈতিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ অধিবক্তাৰ ।

Hemant bail plea rejected
হেমন্ত চোৰনৰ জামিন আবেদন নাকচ (ETV Bharat)

নেশ্যনেল ডেস্ক,১৩ মে': ভূমি কেলেংকাৰীৰ গোচৰত বৰ্তমান কাৰাগাৰত থকা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন আবেদন ৰাঁচীৰ এখন বিশেষ আদালতে নাকচ কৰে । জামিন আবেদনৰ ওপৰত ১ মে'ত শুনানি চলিছিল । ইয়াৰ পিচত ন্যায়াধীশ ৰাজীৱ ৰঞ্জনে দুয়োপক্ষক ৪ মে'ৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দি আদেশটো সংৰক্ষিত ৰাখিছিল ।

শুনানিৰ সময়ত, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হেমন্ত ছোৰেনৰ হৈ যুক্তি দৰ্শাইছিল । তেওঁ কৈছিল যে হেমন্ত ছোৰেনৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা অভিযোগনামাত কোনো প্ৰমাণ উপস্থাপন কৰা হোৱা নাই । এনে পৰিস্থিতিত, তেওঁৰ বিৰুদ্ধে অনুসূচীত অপৰাধৰ গোচৰ কৰা নহয় । ছোৰেনক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আক্ৰমণ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । এনে পৰিস্থিতিত তেওঁক জামিন প্ৰদান কৰা উচিত বুলিও অধিবক্তাগৰাকীয়ে যুক্তি দিয়ে ।

আনহাতে ইডিৰ অধিবক্তাই জামিনৰ দাবীৰ বিৰোধিতা কৰি কয় যে হেমন্ত ছোৰেন এজন প্ৰভাৱশালী ব্যক্তি । যদি তেওঁ জামিন লাভ কৰে তেন্তে তেওঁ সাক্ষীসকলক প্ৰভাৱিত কৰিবলৈ নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰিব পাৰে । আদালতত ইডিয়ে উপস্থাপন কৰা নথিপত্ৰসমূহে স্পষ্ট কৰে যে ভূমি কেলেংকাৰীত তেওঁ পোনপটীয়াকৈ জড়িত আছে ।

উল্লেখ্য যে ৩১ জানুৱাৰীত ইডিয়ে ৰাঁচীৰ বেডগেন অঞ্চলৰ ৮.৬৬ একৰ ভূমি অবৈধভাৱে দখল কৰা আৰু ধন আত্মসাৎ সম্পৰ্কীয় এটা গোচৰত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰে । ছোৰেনৰ উপৰিও ইডিয়ে ৩০ মাৰ্চত এই গোচৰটোত কেইবাগৰাকী লোকৰ বিৰুদ্ধে গোচৰটোত অভিযোগনামা দাখিল কৰে । ইয়াত কোৱা হৈছে যে হেমন্ত ছোৰেনে কেৱল অবৈধভাৱে ভূমি অধিগ্ৰহণ কৰাই নহয়, তদন্ত আৰম্ভ হোৱাৰ সময়ত প্ৰমাণ ধ্বংস কৰাৰ চেষ্টাও কৰিছিল ।

লগতে পঢ়ক :ইলেক্টৰেল বণ্ড আৰু ৰাজনৈতিক দল : কেলেংকাৰি বিজড়িত এক অধ্যায় - MODI GOVERNMENT ELECTORAL BOND
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.