ETV Bharat / bharat

বাছ চালকৰ অসৎ কামনাৰ বলি মহিলা

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 9:45 PM IST

Woman raped in HRTC bus: হিমাচলৰ চিমলাৰ ৰামপুৰৰ এগৰাকী মহিলাই HRTC ৰ বাছ চালকৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগ অনুসৰি মহিলাগৰাকীক চালকজনে তেওঁক নয়া বাছ আড্ডা ৰামপুৰত বাছৰ ভিতৰত মাতি আনি ধৰ্ষণ কৰিছিল ।

Woman raped in HRTC bus
HRTC বাছত চালকে মহিলাক ধৰ্ষণৰ অভিযোগ

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: হিমাচল প্ৰদেশৰ চিমলা জিলাৰ ৰামপুৰত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এখন HRTC বাছত এগৰাকী মহিলাক বাছ চালকে ধৰ্ষণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । মহিলাগৰাকী খানেৰীৰ বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীয়ে বাছ চালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে ।

মহিলাগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি, তেওঁ নিউ বাছ ষ্টেণ্ড ৰামপুৰত বাছ চালকজনক লগ পাইছিল ৷ চালকজনে তেওঁক বাছৰ ভিতৰলৈ মাতিছিল আৰু বলপূৰ্বকভাৱে তেওঁৰ সৈতে অপকৰ্মত লিপ্ত হৈছিল । ইতিমধ্যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বাছ চালকজনৰ বিৰুদ্ধে আইপিচিৰ অধীনত U/S 376 এটা গোচৰ ৰুজু কৰিছে ।

চালকগৰাকীক পূৰ্বতে চিনি পাইছিল মহিলাগৰাকীয়ে: ৰামপুৰৰ বাসিন্দা মহিলাগৰাকী বিবাহিত আছিল ৷ তেওঁ হিমাচল প্ৰদেশ পথ পৰিবহন নিগমৰ চালক কেশৱ ৰামৰ সৈতে পূৰ্বতে পৰিচিত আছিল । ইয়াৰ সুযোগ লৈ কেশৱ ৰামে মহিলাগৰাকীক লগ কৰিবলৈ মাতিছিল আৰু অসৎ অভিপ্ৰায় সিদ্ধি কৰিছিল । কেশৱে ৰামে তেওঁক অজুহাত দেখুৱাই বাছৰ ভিতৰলৈ মাতি লৈ গৈছিল ।

এই ঘটনা আজিৰ পৰা প্ৰায় 2 মাহৰ পূৰ্বে 2 মাহৰ পূৰ্বেই সংঘটিত হৈছিল যদিও মহিলাগৰাকীয়ে ভয়তে একো প্ৰকাশ কৰা নাছিল ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে, এই বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

ৰামপুৰৰ ষ্টেচন হাউচ অফিচাৰ (এছএইচঅ') যশৱন্তে কৈছিল যে, মহিলাগৰাকীয়ে শনিবাৰে HRTC ৰ বাছ চালকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল । চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ৷ বিষয়টো সন্দৰ্ভত তদন্তৰ পিচতহে প্ৰকাশ কৰা হ'ব ৷

লগতে পঢ়ক: চুপাৰ পাৱাৰ দেশৰ হ’ল নে ভাৰত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.