ETV Bharat / bharat

অযোধ্যাৰ ৰামকথা উদ্যানত অসমৰ শিল্পীৰ দ্বাৰা মঞ্চস্থ ৰামলীলা

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 8:41 AM IST

Ayodhya Ram Katha Park Ramleela : অযোধ্যাৰ ৰামকথা উদ্যানত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় শিল্পীয়ে মঞ্চস্থ কৰে ৰামৰ লীলা । ইণ্ডোনেছিয়া, ছিংগাপুৰ, শ্ৰীলংকা আদি দেশৰ শিল্পীসকলৰ লগতে অসম, মহাৰাষ্ট্ৰ আদিৰ শিল্পীয়েও মঞ্চস্থ কৰে ৰামলীলা ৷

Ayodhya Ram Katha Park Ramleela
অসমৰ শিল্পীয়ে মঞ্চস্থ কৰে ৰাম লীলা

নেশ্যনেল ডেস্ক, ২৫ জানুৱাৰী : ৰাম উৎসৱৰ ৰঙেৰে ৰঙীন হৈ পৰিছে অযোধ্যাৰ ৰামকথা উদ্যান ৷ বুধবাৰে এই অযোধ্যাৰ ৰামকথা উদ্যান আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় শিল্পীয়ে মঞ্চস্থ কৰে ভগৱান ৰামৰ লীলা । ২৪ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমটো অনুষ্ঠানত অসমৰ শিল্পীয়ে মঞ্চস্থ কৰে ৰাম লীলা ৷

Ayodhya Ram Katha Park Ramleela
ৰাম উৎসৱৰ ৰঙেৰে ৰঙীন হৈ পৰিছে অযোধ্যাৰ ৰামকথা উদ্যান

য’ত উপস্থাপন কৰা হয় বিশ্বমিত্ৰ মুনিৰ পৰা ৰাম-লক্ষ্মণে লোৱা অস্ত্ৰ-শস্ত্ৰ শিক্ষা, তাৰ পিচত ৰজা জনকৰ দৰবাৰলৈ গৈ ধনু ভাঙি মাতৃ সীতাক বিয়া কৰোৱাৰ কাহিনী ৷ শিল্পীসকলৰ নৃত্য তথা সংলাপত মোহিত হৈ পৰে দৰ্শকে ৷ একপ্ৰকাৰে দৰ্শকৰ হাত চাপৰিৰে প্ৰতিধ্বনিত হৈ পৰিল অযোধ্যাৰ ৰামকথা উদ্যানৰ বাকৰি ৷

পৰৱৰ্তী সময়ত পৰম্পৰাগত কোলি নৃত্য উপস্থাপনৰ জৰিয়তে মহাৰাষ্ট্ৰৰ পৰা অহা শিল্পীসকলে ভগৱান ৰাম আৰু নিছাদৰ বন্ধুত্বক চিত্ৰিত কৰে ৷ আনকি ছিংগাপুৰৰ পৰা অহা শিল্পীসকলে ভাৰতনাট্যম শৈলীৰ জৰিয়তে বাল্মীৰকি ৰামায়ণৰ সাৰমৰ্ম দৰ্শকৰ আগত দাঙি ধৰে ।

Ayodhya Ram Katha Park Ramleela
অসমৰ শিল্পীয়ে মঞ্চস্থ কৰে ৰাম লীলা

এই অনুষ্ঠানত শিল্পীসকলৰ নৃত্য আৰু প্ৰকাশভংগীয়ে সকলোকে মুগ্ধ কৰি তোলে । ইয়াৰ পিচত শ্ৰীলংকাৰ পৰা অহা শিল্পীয়ে অৰণ্য কাণ্ডৰ ঘটনা, লক্ষ্মণে সুৰ্পনাখাৰ নাক কাটি দিয়াৰ পৰা কিষ্কিন্দা কাণ্ড, সুন্দৰ কাণ্ড, লংকা কাণ্ড সকলো মঞ্চস্থ কৰে ।

আনকি তেওঁলোকৰ দ্বাৰা ভগৱান ৰামৰ দ্বাৰা ৰাৱণ বধৰ কাহিনীও মঞ্চত সুন্দৰকৈ মঞ্চস্থ কৰা হয় । ইয়াৰ পিচত ৰামৰ ৰাজ অভিষেকেৰে উপস্থাপনৰ সামৰণি মাৰে শ্ৰীলংকাৰ শিল্পীসকলে । অৱশ্যে শ্ৰীলংকাৰ শিল্পীসকলৰ পাচত ইণ্ডোনেছিয়াৰ শিল্পীসকলে ৰামৰ লীলা উপস্থাপন কৰে ।

উল্লেখ্য যে, ভাৰতীয় নৃত্য শৈলীৰ মাজেৰে ৰাম ৰাজ্যৰ ধাৰণাটো ৰামৰ জীৱনৰ প্ৰতিটো ঘটনাই সুন্দৰ্কৈ উপস্থাপন কৰা হয় ৷ সাজ-পোছাক আৰু অস্ত্ৰ-শস্ত্ৰৰ লগতে শিল্পীসকলৰ অভিনয়ে সকলোৰে মন মোহিত কৰি তোলে ৷ এই অনুষ্ঠানৰ শেষৰ ভাগত ঝাৰখণ্ডৰ পৰা অহা ৰামলীলাৰ শিল্পীসকলেও তেওঁলোকৰ অভিনয় উপস্থাপন কৰে ।

লগতে পঢ়ক : মাদুৰাইত বিশ্বৰ প্ৰথম জাল্লিকাট্টু মূৰ্তি উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.