ETV Bharat / bharat

হিন্দী ৰাষ্ট্ৰভাষা নহয় ! প্ৰধানমন্ত্ৰীকো আক্ৰমণ ৰাজ ঠাকৰেৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:38 PM IST

Raj Thackeray on Marathi language: মাৰাঠী ভাষাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰক অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনালে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ ঠাকৰেই । বিদ্যালয়সমূহতো মাৰাঠী ভাষা বাধ্যতামূলক কৰাৰ আহ্বান ঠাকৰেৰ । তেওঁ দাবী কৰা মতে হিন্দী ৰাষ্ট্ৰভাষা নহয় ।

Raj Thackeray on Marathi language
হিন্দী ৰাষ্ট্ৰভাষা নহয়, প্ৰধানমন্ত্ৰীকো আক্ৰমণ ৰাজ ঠাকৰেৰ

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : হিন্দী ভাষা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ ঠাকৰে । ঠাকৰেই হিন্দী ৰাষ্ট্ৰ ভাষাৰ সমৰ্থকসকলক সমালোচনা কৰি কয় যে হিন্দী ৰাষ্ট্ৰ ভাষা নহয় । দেশত কোনো একক ৰাষ্ট্ৰীয় ভাষা নাই । ৰাজ ঠাকৰেই উদ্বেগ প্ৰকাশ কৰি কয় যে মহাৰাষ্ট্ৰত, যেতিয়া মাৰাঠী লোকসকলে মাৰাঠী এৰি হিন্দী কয় তেতিয়া তেওঁৰ খং উঠে ।

ৰাজ ঠাকৰেই নৱী মুম্বাইৰ বিশ্ব মাৰাঠী সাহিত্য সন্মিলনৰ সময়ত মাৰাঠী ভাষাৰ সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁৰ মতে প্ৰধানমন্ত্ৰীয়েও তেওঁৰ নিজৰ মাতৃভাষাৰ প্ৰতি থকা প্ৰেম লুকুৱাব নোৱাৰে তেনে ক্ষেত্ৰত মহাৰাষ্ট্ৰই কিয় নিজৰ প্ৰেম লুকুৱাব লাগে বুলি তেওঁ প্ৰশ্ন কৰে ।

তেওঁ চৰকাৰক ৰাজ্যৰ সকলো বিদ্যালয়তে মাৰাঠী বাধ্যতামূলক কৰিবলৈ অনুৰোধ জনায় । তেওঁ মহাৰাষ্ট্ৰৰ লোকসকলক মাৰাঠীত ভাষণ দিবলৈও আহ্বান জনায় । ৰাজ ঠাকৰেৰ আবেদনৰ পিচতে শিক্ষা মন্ত্ৰী দীপক কেচৰকাৰেও প্ৰকাশ কৰিছে যে মহাৰাষ্ট্ৰৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিদ্যালয়তে মাৰাঠীক বাধ্যতামূলক বিষয় কৰি তোলা হৈছে ।

বিশ্ব মাৰাঠী সাহিত্য সন্মিলনত ভাষণ প্ৰদানৰ সময়ত ৰাজ ঠাকৰেয়ে কিছুমান ক্ষেত্ৰত চৰকাৰকো সমালোচনা কৰে । সভাত উপস্থিত থকা চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলক সম্বোধন কৰি তেওঁ কয় যে তেওঁ অতি গোড়া মাৰাঠী । তেওঁক ইমান গোড়া মাৰাঠী হ'বলৈ প্ৰেৰিত কৰিছে । তেওঁৰ পিতৃৰ লগতে বালাচাহেব ঠাকৰে আৰু মহাৰাষ্ট্ৰৰ বহু জ্যেষ্ঠলোকে তেওঁ প্ৰেৰণা দিছে ।

ৰাজ ঠাকৰেৰ মতে তেওঁ মাৰাঠী ভাষা বুজি পোৱাৰ লগে লগে তেওঁ এই ভাষাৰ প্ৰেমত পৰিছিল । সেয়েহে তেওঁ মাৰাঠীত কথা পাতিবলৈ জোৰ দিছে । আন ভাষাৰ প্ৰতি তেওঁৰ কোনো আপত্তি নাই বুলিও ঠাকৰেই উল্লেখ কৰে ।

ৰাজ ঠাকৰেৰ মতে যেতিয়া মহাৰাষ্ট্ৰৰ মাৰাঠী বিদ্যালয়সমূহ বন্ধ হৈ আছে, আমেৰিকাত মাৰাঠী বিদ্যালয় খোলা হৈছে । ৰাজ ঠাকৰেই এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰীকো সমালোচনা কৰে । তেওঁৰ মতে মাৰাঠী লোক গোটেই পৃথিৱীতে আছে । তেওঁৰ মতে সেয়েহে মাৰাঠী ভাষা অধিক সমৃদ্ধ । ঠাকৰেৰ মতে মাৰাঠী ভাষা সমৃদ্ধ, মাৰাঠী ভাষা য'লৈকে যায় বিয়পাই দিব লাগে । তেওঁৰ মতে ইউৰোপ দেশ মহাৰাষ্ট্ৰতকৈ সৰু । কিন্তু তেওঁলোকে তেওঁলোকৰ দেশত ব্যৱসায় কৰে, তেওঁলোকৰ ভাষাত কথা কয় ।

হিন্দী ভাষাৰ সমৰ্থকসকলক উদ্দেশ্যি তেওঁ কয় যে হিন্দী ৰাষ্ট্ৰ ভাষা নহয় । ঠিক মাৰাঠী ভাষাৰ দৰে, গুজৰাটী, তামিল, বাঙালী, অসমীয়া আৰু তেলেংগানাত তেলেগু আছে । একেদৰে, হিন্দীও এটা ভাষা । কেন্দ্ৰীয় চৰকাৰে হিন্দী আৰু ইংৰাজীক চৰকাৰী ভাষা হিচাপে ৰাখিছে । কিন্তু তেওঁ হিন্দী ভাষাৰ বিৰোধী নহয় বুলিও উল্লেখ কৰে ।

হিন্দী চলচ্চিত্ৰ আৰু ইয়াৰ গীত সংস্কৃতিত পৰিণত হৈছিল, সেয়েহে হিন্দী চৰ্চালৈ আহিছিল । তেওঁৰ মতে যেতিয়া মাৰাঠী ভাষাৰ বাবে আন্দোলন হৈছিল, হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বহুলোক মাৰাঠীৰ পক্ষত আছিল ।

লগতে পঢ়ক :109 তম মন কি বাত অনুষ্ঠানত ৰাম মন্দিৰৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.