ETV Bharat / bharat

পশ্চিমবংগৰ পৰা পুনৰ যাত্ৰা আৰম্ভ ৰাহুলৰ

author img

By PTI

Published : Jan 28, 2024, 5:30 PM IST

Bharat Jodo Nyay Yatra: কংগ্ৰেছ নেতা ৰাহুল গান্ধী দেওবাৰে বাগডোগ্ৰা বিমানবন্দৰত উপস্থিত হৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰে । জলপাইগুৰিৰ পৰা ৰাহুল গান্ধীয়ে যাত্ৰা আৰম্ভ কৰে । ১ ফেব্ৰুৱাৰীত দলটোৱে পশ্চিমবংগ ত্যাগ কৰাৰ কথা আছে ।

Rahul Gandhi reaches West Bengal
পশ্চিমবংগৰ পৰা পুনৰ যাত্ৰা আৰম্ভ ৰাহুলৰ

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী : দুদিন বিৰতিৰ অন্তত পশ্চিমবংগৰ পৰা পুনৰ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হৈছে । দেওবাৰে পুৱা ৰাহুল গান্ধীয়ে ৰাজ্যখনত এই যাত্ৰাত অংশগ্ৰহণ কৰে । ৰাজ্যখনৰ উত্তৰ অংশৰ শিলিগুৰিৰ বাগডোগ্ৰা বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে তেওঁক আদৰণি জনায় ।

শিলিগুৰিৰ পৰা তেওঁ জলপাইগুৰি জিলালৈ যাত্ৰা কৰিব, য'ৰ পৰা আবেলি যাত্ৰা পুনৰ আৰম্ভ হ'ব । বাছ যাত্ৰাৰ লগতে খোজকাঢ়ি দলটো আগবাঢ়ি শিলিগুৰিৰ সমীপত নিশা কটাব । বিহাৰত প্ৰৱেশ কৰাৰ পূৰ্বে সোমবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো উত্তৰ দিনাজপুৰ জিলাৰ ইছলামপুৰলৈ যাব বুলি জানিব পৰা গৈছে । যাত্ৰাটো ৩১ জানুৱাৰীত মালদা হৈ পশ্চিমবংগত পুনৰ প্ৰৱেশ কৰাৰ কথা আছে আৰু তাৰ পিচত মুৰ্শিদাবাদৰ মাজেৰে যাত্ৰা কৰাৰ পিচত ১ ফেব্ৰুৱাৰীত পশ্চিমবংগ ত্যাগ কৰিব ।

ইফালে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ লিখি ৰাজ্যখনত এই যাত্ৰা সুচাৰুৰূপে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে । কংগ্ৰেছে পূৰ্বে অভিযোগ কৰিছিল যে জলপাইগুৰিত ৰাহুল গান্ধীৰ কিছুমান বেনাৰ পোষ্টাৰ ফালি পেলোৱা হৈছে ।

ৰাজ্যখনত যাত্ৰাৰ অংশ হিচাপে ৰাজহুৱা সভা আয়োজনৰ অনুমতি লাভ কৰাত বাধাৰ সন্মুখীন হোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখ্য যে ভাৰত জোড়ো ন্যায় যাত্ৰা পশ্চিমবংগত প্ৰৱেশ কৰাৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ঘোষণা কৰিছিল যে তেওঁৰ দল টিএমচিয়ে ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত বিৰোধী ইণ্ডিয়া ব্লক অংশ হিচাপে নহয় অকলেহে প্ৰতিদ্বন্দিতা কৰিব ।

লগতে পঢ়ক :বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি; মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.