ETV Bharat / bharat

কিষাণগঞ্জত মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ; জাতিগত লোকপিয়লৰ বিষয় উত্থাপন

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:55 PM IST

বিহাৰত মোদী চৰকাৰক আক্ৰমণ ৰাহুল গান্ধীৰ
বিহাৰত মোদী চৰকাৰক আক্ৰমণ ৰাহুল গান্ধীৰ

Bharat Jodo Nyay Yatra : কিষাণগঞ্জত ৰাহুল গান্ধীয়ে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । লগতে অ'বিচি আৰু জাতিগত লোকপিয়লৰ বিষয়টোও উত্থাপন কৰে । তেওঁ কয় যে দেশত কিমানজন অ'বিচি, দলিত, জনজাতীয় লোক আছে সেয়া জানিবলৈ এক জাতিগত লোকপিয়লৰ প্ৰয়োজন ।

বিহাৰত মোদী চৰকাৰক আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ২৯ জানুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিহাৰত প্ৰৱেশ কৰিছে । এই যাত্ৰাৰ সময়ত কিষাণগঞ্জত ৰাইজক সম্বোধন কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । ৰাহুল গান্ধীয়ে কয়, আৰএছএছ আৰু বিজেপিৰ আদৰ্শই দেশত হিংসা আৰু ঘৃণা বিয়পাইছে । এটা ধৰ্মৰ ব্যক্তি আন এটা ধৰ্মৰ ব্যক্তিৰ সৈতে কাজিয়াত লিপ্ত হৈছে । অৱশ্যে এই সময়ছোৱাত তেওঁ পোনপটীয়াকৈ নীতিশ কুমাৰৰ নাম উল্লেখৰ পৰা বিৰত থাকে ।

একে সময়তে ৰাহুল গান্ধীয়ে অ'বিচি আৰু জাতিগত লোকপিয়ল সন্দৰ্ভতো মন্তব্য কৰি এক ডাঙৰ দাবী উত্থাপন কৰে । তেওঁ কয় যে দেশত কিমান সংখ্যক অ'বিচি, দলিত আৰু আদিবাসী লোক আছে সেয়া জনাটো প্ৰয়োজন । এই কামটো কৰিবলৈ এক জাতিগত লোকপিয়ল কৰা প্ৰয়োজন । যিদিনা লোকপিয়ল সম্পন্ন হ'ব, তেতিয়া সকলোৱে জানিব যে তেওঁলোকৰ কিমান অধিকাৰ আছে ।

ৰাহুল গান্ধীয়ে লগতে কয়, দেশত ভাষাক লৈ কাজিয়া হৈছে । আমি সকলোৱে জানো যে এইখন প্ৰেমৰ দেশ । ইয়াত মই পুনৰ কওঁ, ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিব লাগে । আমি যাত্ৰাটোত লাখ লাখ লোকক লগ পাইছোঁ । এয়া হৈছে চেলফিৰ যুগ, সেয়ে হাজাৰ হাজাৰ লোকৰ সৈতে চেলফি তোলা হৈছে ।

"আমি সাত ঘণ্টা খোজ কাঢ়িছিলোঁ । তেওঁলাকে আমাক কৃষক, শ্ৰমিক, শিক্ষাৰ্থী, মাতৃ আৰু ভগ্নীসকলৰ বেদনাৰ বিষয়ে কৈছে । আমি সন্ধিয়া 15-20 মিনিট কথা পাতোঁ । কংগ্ৰেছ সাংসদগৰাকীয়ে কয় ।

ৰাহুল গান্ধীয়ে তেওঁৰ যাত্ৰাটোৰ অৰ্থ জনসাধাৰণক ব্যাখ্যা কৰি কয় যে ভাৰতৰ ৰাজনীতিত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিছে । বিজেপিয়ে প্ৰতিদিনে দেশৰ সন্মুখত ৰখা এক আদৰ্শ ৰাখিবলৈ চেষ্টা কৰিছে । সেয়া হৈছে ঘৃণা আৰু হিংসা । ইয়াৰ বিৰুদ্ধে আন এক নতুন দৃষ্টিভংগীৰ উদ্ভৱ হৈছে, এক নতুন আদৰ্শ, প্ৰেমৰ বাতাৱৰণ সৃষ্টি হৈছে । আপোনালোকে যিমানেই চেষ্টা নকৰক কিয়, ঘৃণাই ঘৃণাক আঁতৰাব নোৱাৰে । ঘৃণাক কেৱল প্ৰেমৰ দ্বাৰাহে বশ কৰিব পাৰি ।

ৰাহুল গান্ধীয়ে লগতে কয় যে বিজেপিয়ে দেশক বিভক্ত কৰাৰ কথা কয় । আমি প্ৰেম, ভাতৃত্ববোধৰ বিষয়ে কওঁ । যেতিয়া আমি যাত্ৰা সমাপ্ত কৰিছিলোঁ, বহু লোকে আমাৰ ওচৰলৈ আহি কৈছিল যে ৰাহুল আপুনি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা সমাপ্ত কৰিছে । বহু লোকে আমাক কৈছিল যে এটা যাত্ৰা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মহাৰাষ্ট্ৰলৈ হ'ব লাগে । সেইকাৰণে আজি মই আপোনালোকৰ সন্মুখত থিয় হৈছোঁ বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :নতুন চৰকাৰ গঠনৰ এদিন পিচতে ৰাহুল গান্ধীৰ বিহাৰত প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.