উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগ দিলে ভগ্নী প্ৰিয়ংকাই
Bharat Jodo Nyay Yatra in Moradabad:কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত শনিবাৰে যোগদান কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । আগ্ৰাত হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণৰ বাবে সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱক ব্যক্তিগতভাৱে আমন্ত্ৰণ জনায় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই । মুৰাদাবাদত ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ কৰ্মী-সমৰ্থকৰ মাজত দেখা গৈছে ব্যাপক উছাহ ৷

By ANI
Published : February 24, 2024 at 2:08 PM IST
নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী: ভাৰত জোড়ো ন্যায় যাত্ৰাই অতিক্ৰম কৰিলে এমাহৰো অধিক সময় ৷ উত্তৰ প্ৰদেশৰ মুৰাদাবাদত দলটোৰ সাংসদ তথা ভাতৃ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাত শনিবাৰে যোগদান কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।
দলটোৰ কাৰ্যকৰ্তাসকলে জনোৱা মতে, মুৰাদাবাদৰ পৰা প্ৰিয়ংকা গান্ধীয়ে ৰাহুল গান্ধীৰ সৈতে থাকিব ৷ কাৰণ যাত্ৰাটোৱে আমৰোহা, সম্ভাল, বুলন্দশহৰ, আলিগড়, হাথৰছ আৰু আগ্ৰা হৈ ফতেহপুৰ চিক্ৰীৰে পাৰ হৈ যাব । চন্দৌলি জিলাৰ মাজেৰে উত্তৰ প্ৰদেশত প্ৰৱেশ কৰা প্ৰিয়ংকাই বিগত সপ্তাহত এই যাত্ৰাত যোগদান কৰাৰ কথা আছিল শাৰিৰীক যদিও অসুস্থতাৰ বাবে বাদ দিবলগীয়া হৈছিল ।
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কংগ্ৰেছ দলৰ সৈতে হোৱা আসন চুক্তিৰ অন্তত 25 ফেব্ৰুৱাৰীত আগ্ৰালৈ যাত্ৰা কৰাৰ সময়তে ৰাহুল গান্ধীৰ বহু প্ৰচাৰিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে একত্ৰিত হ’বলৈ সাজু হৈছে । মুৰাদাবাদৰ পাৰ্টি সাংসদ এছ টি হাছানকে ধৰি সমাজবাদী পাৰ্টিৰ কৰ্মীসকলে এই যাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ব্যক্তিগতভাৱে অখিলেশ যাদৱক ৰাহুল গান্ধীৰ নেতৃত্বত আগ্ৰাত হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় ।
বুধবাৰে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ চুক্তি ঘোষণা কৰে। ই বিৰোধী ব্লক INDIA ৰ বাবে এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে বিবেচিত হৈছে ৷ মিত্ৰজোঁটত কংগ্ৰেছে 17 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সমাজবাদী পাৰ্টী আৰু ইয়াৰ অন্যান্য মিত্ৰশক্তিয়ে বাকী 63 খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু সাংসদ এছ.টি. হাছানৰ ছবি সম্বলিত ফটোৰে মুৰাদাবাদত ভাৰত জোড়ো ন্যায় যাত্ৰাক আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক: মানহানি গোচৰ, ৰাহুল গান্ধীক জামিন প্ৰদান

