ETV Bharat / bharat

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক লগত লৈ পিংক চিটিত প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব’

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 8:23 PM IST

Road show of Modi and Macron: জয়পুৰত উপস্থিত হৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পিছত দুয়োজন নেতাই পিংক চিটিত ৰোড শ্ব’ কৰে ।

Road show of Modi and Macron
PM Modi reached Jaipur

নিউজ ডেস্ক, ২৫ জানুৱাৰী: বৃহস্পতিবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে জয়পুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । জয়পুৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ৰাজ্যপাল কলৰাজ মিশ্ৰ আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই । বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ যন্তৰ মন্তৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰে ।

দুয়োজন নেতাই সাৱটি ধৰি ইজনে সিজনক উষ্ম আদৰণি জনায় । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে যন্তৰ মন্তৰ মানৱ নিৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে ।

যন্তৰ মন্তৰ ভ্ৰমণৰ পিছত দুয়োজন নেতাই জয়পুৰত ৰোড শ্ব’ কৰে । প্ৰধানমন্ত্ৰী মোদী আৰু মেক্ৰনক এখন মুকলি গাড়ীত ৰোড শ্ব’ কৰা দেখা গৈছিল । এই সময়ত জয়পুৰৰ ৰাইজে দুয়োজন নেতাক উষ্ম আদৰণি জনায় । দুয়োগৰাকী নেতাই হাত মিলাই ৰাইজৰ শুভেচ্ছাও গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে জয়পুৰত প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব’ত অংশ গ্ৰহণ কৰে । জয়পুৰত বিশেষ আদৰণি জনোৱাত আপ্লুত হোৱা যেন দেখা গ’ল ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মেক্ৰনে আমেৰ দুৰ্গও ভ্ৰমণ কৰিছিল । লগতে ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তা-লাপতো মিলিত হৈছিল । হাৱা মহলৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মাজত চাহমেলৰ কাৰ্যসূচীও অনুষ্ঠিত হয় ৷ হাৱা মহলৰ পৰা তেওঁলোক হোটেল ৰামবাঘ পেলেচলৈ যাব । হোটেল ৰামবাগ পেলেচত ৰাতিৰ আহাৰ গ্ৰহণ কৰা হ’ব । ইয়াৰ পিছত নিশা প্ৰায় ৮:২৫ বজাত ৰামবাগ পেলেচৰ পৰা জয়পুৰ বিমানবন্দৰত উপস্থিত হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ৰোড শ্ব’ক লোকসভা নিৰ্বাচনৰ আৰম্ভণি হিচাপেও গণ্যকৰা হৈছে । যদি ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টিকোণেৰে চোৱা যায় তেন্তে এই ৰোড শ্ব’ৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব লোকসভা নিৰ্বাচনৰ অভিযান ৷ ইয়াৰ পিছত দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিব ।

উল্লেখ্য যে ৰাজস্থান সেইখন ৰাজ্য, য’ত বিগত দুটা লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৫ খন লোকসভাৰ আসনৰ ভিতৰত ২৫ খন আসনেই লাভ কৰি আহিছে । কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগৌৰ লোকসভাৰ সমষ্টিত মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰা হৈছিল যদিও এইবাৰ বিজেপিয়ে ২৫খন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । ৰাজস্থান লোকসভা মিছন ২৫ লৈ আগবাঢ়িছে বিজেপি ।

ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, বিধানসভাৰ অধ্যক্ষ বাসুদেৱ দেৱনানী, উপ মুখ্যমন্ত্ৰী ড° প্ৰেমচান্দ বৈৰৱা, মন্ত্ৰী কিৰোডিলাল মীনা, অবিনাশ গেহলট আৰু ৰাজেন্দ্ৰ ৰাথোদেও বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় ।

লগতে পঢ়ক: বিহাৰত প্ৰৱল জোকাৰণি ! বিজেপিত যোগদানৰ সম্ভাৱনা নীতিশ কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.