ETV Bharat / bharat

জয়পুৰৰ আমেৰ পেলেচ পৰিদৰ্শন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 6:07 PM IST

UNGA President: মঙলবাৰে জয়পুৰৰ আমেৰ পেলেচ পৰিদৰ্শন কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছে । আমেৰ পেলেচ পৰিদৰ্শন কৰি আমেৰ পেলেচৰ স্থাপত্যক আশ্চৰ্যজনক বুলি বৰ্ণনা কৰে । প্ৰাসাদৰ ইতিহাসৰ বিষয়ে তথ্য সন্দৰ্ভত বুজ লৈ যথেষ্ট প্ৰশংসা কৰে ডেনিছ ফ্ৰান্সিছে ।

President of UNGA visited Amer Palace in Jaipur
আমেৰ পেলেচ পৰিদৰ্শন ডেনিছ ফ্ৰান্সিছৰ

নেশ্যনেল ডেস্ক,২৩ জানুৱাৰী: দুদিনীয়া ভ্ৰমণসূচীৰে জয়পুৰত উপস্থিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি ডেনিছ ফ্ৰান্সিছ । মঙলবাৰে আমেৰ পেলেচ পৰিদৰ্শন কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষগৰাকীয়ে । ইয়াৰোপৰি তেওঁ পৰিদৰ্শন কৰে দিৱান-ই-আম, দিৱান-ই-খাছ, শীষ মহল আৰু আমৰ মহলৰ মন সিং মহল । সভাপতিগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি আমেৰ পেলেচত বৃদ্ধি কৰা হয় নিৰাপত্তা ব্যৱস্থা । তেওঁ চিটি পেলেচ, যন্তৰ-মন্তৰ আৰু হাৱা মহলো পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ডেনিছ ফ্ৰান্সিছে আমেৰ পেলেচৰ ইতিহাসৰ বিষয়ে অনুসন্ধান কৰি আমেৰ পেলেচৰ ইতিহাসৰ বিষয়ে ভালদৰে জানি তেওঁ পেলেচৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ দিৱান-ই-আম, দিৱান-ই-খাছ, শীষ মহল, আমৰ মহলৰ মনসিং মহল ভ্ৰমণ কৰি ইয়াৰ স্থাপত্য আশ্চৰ্যজনক বুলি অভিহিত কৰে ৷ তেওঁৰ ভ্ৰমণৰ সময়ছোৱাত সংগ দিয়ে আমেৰ পেলেচৰ অধীক্ষক পংকজ ধৰেন্দ্ৰৰে ।

জানিব পৰা মতে ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে জয়পুৰ ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে ২৫ জানুৱাৰীত বিয়লি ৩:১৫ বজাৰ পৰা সন্ধিয়া ৫:১৫ বজালৈ আমেৰ ফৰ্ট ভ্ৰমণ কৰিব । ইয়াৰ পিছতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যন্তৰ-মন্তৰ ভ্ৰমণ কৰিব ।

প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ জয়পুৰ ভ্ৰমণক কেন্দ্ৰ কৰি জিলা প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । আমেৰ ৰোড আৰু আমেৰ পেলেচ পৰিষ্কাৰ কৰাৰ কাম কৰা হৈছে এই ভ্ৰমণক লৈ । আমেৰ পেলেচৰ মেৰামতিৰ কাম আৰু চিত্ৰাংকনৰ কাম যুদ্ধগতিত অব্যাহত আছে । ২৪ জানুৱাৰীত, মুখ্যমন্ত্ৰী ভজন লালে ব্যৱস্থাবোৰৰ বুজ ল'বলৈ আমেৰ পেলেচ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আমেৰ ৰোডৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱস্থা আৰু পথৰ পোহৰ ব্যৱস্থাৰ বুজ ল'ব । আমৰ মহলৰ নিৰাপত্তা ব্যৱস্থাও পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

২৫ জানুৱাৰীত ২:৩০ বজাত বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন । বিমানবন্দৰৰ পৰা,বিয়লি ৩:১৫ বজাত আমেৰ পেলেচত উপস্থিত হ'ব । বিয়লি ৩:১৫ বজাৰ পৰা সন্ধিয়া ৫:১৫ বজালৈ, আমেৰ পেলেচ ২ ঘণ্টাৰ বাবে পৰিদৰ্শন কৰিব । সন্ধিয়া ৫:৪৫ বজাত অম্বৰৰ পৰা যন্তৰ-মন্তৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী । সন্ধিয়া ৬:১৫ বজাত হাৱা মহল পৰিদৰ্শন কৰিব । সন্ধিয়া ৬:৪৫ বজাত, প্ৰধানমন্ত্ৰী মোদীয়ে হাৱা মহলৰ পৰা ৰামবাগ প্ৰাসাদত উপস্থিত হ'ব । ইয়াৰ পিছতে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে ৰামবাগ প্ৰাসাদত নৈশ ভোজৰ আয়োজন কৰিব ।

লগতে পঢ়ক: 5 বছৰ পিছত ভাৰতৰ ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক হ'ব: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.