ETV Bharat / bharat

কিশোৰী নিৰ্যাতনৰ গোচৰত চিআইডি সন্মুখত হাজিৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পা - Former Karnataka CM Yediyurappa

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 1:56 PM IST

Updated : Apr 13, 2024, 2:08 PM IST

POCSO case against Yediyurappa: কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা POCSO গোচৰৰ সন্দৰ্ভত শুকুৰবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয় । অভিযোগৰ ভিত্তিত চি বি আইয়ে য়েদিযুৰাপ্পাৰ কণ্ঠৰ নমুনা সংগ্ৰহ কৰে ৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এইয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷

POSCO case against Yediyurappa
কিশোৰী নিৰ্যাতনৰ গোচৰত চিআইডি কাৰ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পা

নিউজ ডেস্ক, ১৩ এপ্ৰিল: কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰুজু হোৱা গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চি আই ডিয়ে । চি আই ডিয়ে এই গোচৰৰ ভিত্তিত শুকুৰবাৰে য়েদিয়ুৰাপ্পাৰ কণ্ঠৰ নমুনা সংগ্ৰহ কৰে ।

কিশোৰীগৰাকীৰ মাতৃয়ে ২ ফেব্ৰুৱাৰীত য়েদিয়ুৰাপ্পাৰ ঘৰলৈ যোৱাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল ৷ তেওঁ এজাহাৰৰ লগত গোচৰটোৰ সৈতে জড়িত কিছু ভিডিঅ’ আৰু অডিঅ’ জমা দিয়ে । এজাহাৰৰ ভিত্তিত ১৪ মাৰ্চত সদাশিৱনগৰ থানাত শিশুৰ বিৰুদ্ধে যৌন অপৰাধ প্ৰতিৰোধ আইনৰ(POCSO) ৮ নং ধাৰা আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (এ) ধাৰাত গোচৰ ৰুজু কৰা হয় ।

পিচত চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰে । তদন্তকাৰী বিষয়াসকলে ইতিমধ্যে CrPC 164 ৰ অধীনত ন্যায়াধীশৰ সন্মুখত নাবালিকাগৰাকীৰ বক্তব্য ৰেকৰ্ডিং কৰিছে । ইয়াৰ পিচতে য়েদিযুৰাপ্পাৰ কণ্ঠৰ নমুনা সংগ্ৰহ বাবে জাননী জাৰি কৰা হয় ।

চি আই ডিৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰে পেলেচ ৰোডস্থিত চি আই ডিৰ কাৰ্যালয়ৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হয় কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা । সূত্ৰই জনোৱা মতে, তদন্তকাৰী বিষয়াই তেওঁৰ কণ্ঠৰ নমুনা সংগ্ৰহ কৰি আহিবলৈ দিয়ে ।

ইফালে ১৪ মাৰ্চত গোচৰ ৰুজু হোৱাৰ পিচত য়েদিয়ুৰাপ্পাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এগৰাকী মহিলাই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু POCSOৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । মই আইন অনুসৰি গোচৰৰ সন্মুখীন হ'ম ।'' এইয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: কৰ্ণাটকৰ মুখ্য়মন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা আদালতৰ

Last Updated : Apr 13, 2024, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.