ETV Bharat / bharat

১৯৯২ চনৰ ৬ ডিচেম্বৰত সংঘৰ্ষ হোৱা স্থানতে ৰাইজক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 12:15 PM IST

Ram Mandir Inaguration
১৯৯২ চনৰ ৬ ডিচেম্বৰত সংঘৰ্ষ হোৱা স্থানতে ৰাইজক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Ram Mandir Inaguration: শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে দেশ ৷ এই মাহেন্দ্ৰ ক্ষণৰ পিচতে আজি দুপৰীয়া প্ৰায় 1 বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক সম্বোধন কৰিব ৷ 1992 চনৰ 6 ডিচেম্বৰত সংঘৰ্ষ হোৱা স্থানতে ৰাইজক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : ভক্তিৰসত ডুব গৈছে শ্ৰী ৰামৰ চহৰ অযোধ্যা ৷ আজি বছৰজোৰা নিৰ্বাসনৰ পিচত ঘৰলৈ উভতি আহিব দশৰথ নন্দন শ্ৰী ৰাম ৷ মুঠতে এতিয়া শ্ৰী ৰামৰ বন্দনাৰে মুখৰিত হৈছে দেশৰ আকাশ-বতাহ ৷ প্ৰায় 500 বছৰৰ বাদ-বিবাদৰ পিচত অৱশেষত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ পাই আনন্দত আত্মহাৰা হৈছে দেশবাসী ৷

ইতিমধ্যে দেশৰ বিভিন্ন স্থানৰ বিশেষ অতিথিসকলে ৰামৰ জন্মভূমিৰ চৌহদত উপস্থিত হৈছেহি । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব ৷ এই বিশেষ কাৰ্যসূচীৰ বাবে মঞ্চৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকলে তেওঁলোকৰ অনুষ্ঠান আৰম্ভ কৰিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুপৰীয়া 12.20 ত প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান ৰামৰ মূৰ্তিৰ চকুৰ ওপৰত বান্ধি থোৱা ক’লা কাপোৰ আঁতৰ কৰিব, তাৰ পিচত আৰতি সম্পন্ন কৰা হ'ব । প্ৰধানমন্ত্ৰীয়ে প্ৰথম দৰ্শন কৰাৰ পিচতেই, অন্য ভক্তসকলে দুপৰীয়া প্ৰায় 1.00 বজাৰ পৰ ভগৱান ৰামৰ দৰ্শনৰ অনুমতি লাভ কৰিব ৷ তাৰ পিচতে প্ৰধানমন্ত্ৰী মোদীয়ে দুপৰীয়া 1 বজাত অযোধ্যাত 1992 চনৰ 6 ডিচেম্বৰত ৰাম মন্দিৰ আন্দোলনৰ সৃষ্টি হোৱা স্থানত এক জনসভা সম্বোধন কৰিব ৷

এই জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মোহন ভাগৱত আৰু শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি মহন্ত নৃত্য গোপাল দাসেও অতিথিসকলৰ মাজত উপস্থিত থাকিব। ইয়াৰ উপৰিও, এই জনসভাৰ সন্মুখৰ শাৰীত সমগ্ৰ দেশৰ পৰা বহুতো ডাঙৰ ব্যক্তিত্ব থাকিব, যি বিভিন্ন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত।

এই অনুষ্ঠানত বলীউডৰ বিখ্যাত তাৰকা অমিতাভ বচ্চন, অক্ষয় কুমাৰ, দক্ষিণৰ চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু চিৰঞ্জীৱিকে ধৰি সকলো তাৰকা থাকিব । ইতিমধ্যে কাৰ্যসূচী বাবে বৈদিক আচাৰ্যই প্ৰস্তুতি আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে ৰীতি-নীতি আৰম্ভ হ'ব । ভগৱান শ্ৰী ৰামক কাজল সনাৰ কাম সম্পূৰ্ণ হৈছে।

লগতে পঢ়ক: বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.