ETV Bharat / bharat

সলনি হ’ব নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ?

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 11:24 AM IST

ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ’ব বৰ্তমানৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ পত্নী কপলানা ছ’ৰেনক ৷ এই দাবী ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ নিশিকান্ত ডুবেৰ ৷ সোমবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ দিল্লীৰ বাসগৃহত বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াই তদন্ত চলায় ৷

Sorens wife as Jharkhand CM
হেমন্ত ছ’ৰেনৰ পত্নী কপলানা ছ’ৰেন

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ নিশিকান্ত ডুবেয়ে ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ পত্নী কপলানা ছ’ৰেন হ’ব বুলি দাবী কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্ৰশক্তিৰ সকলো বিধায়কক নিজৰ বয়-বস্তু লৈ ৰাঁচীলৈ যাবলৈ আহ্বান জনাইছে বুলিও গুবেই কয় ।

X ৰ এটা পোষ্টত ডুবেই প্ৰশ্ন কৰে যে পলাতক হৈ থকা এজন ব্যক্তিয়ে ৰাজ্যৰ জনসাধাৰণক কেনেদৰে সুৰক্ষা দিব ।

ডুবেই কয়, "মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনজীৰ নিৰ্দেশত ভুল কাম কৰাসকললৈ এটা পৰামৰ্শ, মুখ্যমন্ত্ৰীয়ে নিজকে পলাতক বুলি প্ৰমাণ কৰি আছে, তদন্তকাৰী সংস্থাৰ সন্মুখীন হোৱাৰ পৰা পলাই গৈছে, মানুহজন গোটেই দিনটো দেশে-বিদেশে অপমানৰ সন্মুখীন হৈছে । সেই মানুহজনে ৰাজ্যৰ বিষয়া বা জনসাধাৰণক কেনেকৈ সুৰক্ষা দিব ?"

তেওঁ লগতে কয়, "হেমন্ত ছ’ৰেনজীয়ে নিজৰ, জেএমএম, কংগ্ৰেছ আৰু মিত্ৰ বিধায়কক ফোন কৰি তেওঁলোকৰ বয়-বস্তু লৈ ৰাঁচীত উপস্থিত হোৱাৰ বাবে ফোন কৰিছে । তথ্য অনুসৰি কল্পনা ছ’ৰেনজী (হেমন্ত ছ’ৰেনৰ পত্নী) ক মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰাৰ সম্ভৱনা আছে ৷"

ইফালে সোমবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ দিল্লীৰ বাসগৃহত বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াই তদন্ত চলায় ৷ ঝাৰখণ্ড মুক্তি মৰ্চাৰ সাধাৰণ সম্পাদক সুপ্ৰিয় ভট্টাচাৰ্যই ভূমি কেলেংকাৰীৰ ধন সৰবৰাহৰ গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰী ছ’ৰেনে 31 জানুৱাৰীত বলবৎকাৰী সঞ্চালকালয়ত হাজিৰ হ’বলৈ সাজু আছিল বুলি জনায় ।

"মুখ্যমন্ত্ৰী ব্যক্তিগত কামৰ বাবে দিল্লীলৈ গৈছে আৰু তেওঁ উভতি আহিব । তেওঁক 31 জানুৱাৰীত মতা হৈছে । আমি 31 জানুৱাৰীৰ বাবে সাজু । আপুনি আমাক ঠাই আৰু সময় ক'বলৈ কৈছিল, আৰু আমি কৈছিলো কাংকে ৰোডত মুখ্যমন্ত্ৰীৰ বাসগৃহত দুপৰীয়া 1 বজাত বুলি । তেন্তে সকলো বিভ্ৰান্তিৰ সৃষ্টি কোনে কৰিছে? ৰাজনৈতিক পৰিস্থিতিৰ যি ধৰণে উপস্থাপন কৰা হৈছে সেয়া গণতান্ত্ৰিক মূল্যবোধৰ বিৰুদ্ধে "-ভট্টাচাৰ্যই কয় ।

ইয়াৰ পূৰ্বে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি 29 বা 31 জানুৱাৰীত জেৰাৰ তাৰিখ দিবলৈ কয়, নহ’লে ভূমি কেলেংকাৰী সম্বন্ধীয় অভিযোগটোৰ বাবে সংস্থাটোৱে নিজেই তেওঁৰ ওচৰলৈ সোধা-পোছাৰ বাবে যাব বুলি সংবাদ মাধ্যমৰ আগত জনাইছিল ।

উল্লেখ্য যে, কেন্দ্ৰীয় সংস্থাটোৱে মুখ্যমন্ত্ৰী ছ’ৰেনক জাৰি কৰা এয়া দশমখন চমন ।

লগতে পঢ়ক: হেমন্ত চোৰেণৰ দিল্লীৰ বাসগৃহত ইডিৰ অভিযান, জব্দ বিলাসী বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.