ETV Bharat / bharat

পাৰাদ্বীপত বিতৰ্কিত জাহাজ গ্ৰেপ্তাৰৰ নিৰ্দেশ ওড়িশা উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 12:33 PM IST

শুকুৰবাৰে ওড়িশা উচ্চ ন্যায়ালয়ে পাৰাদ্বীপ আন্তঃৰাষ্ট্ৰীয় কাৰ্গো টাৰ্মিনেল (পিআইচিটি)ত পঞ্জীয়নভুক্ত মালবাহী জাহাজ এখনক ‘গ্ৰেপ্তাৰ’ কৰাৰ নিৰ্দেশ দিয়ে । পিআইচিটিয়ে এডমিৰালটি (জুৰিচিডিকচন এণ্ড চেটলমেণ্ট অৱ মেৰিটাইম ক্লেইমছ) এক্ট, 2017 ৰ অধীনত সামুদ্ৰিক দাবী বলৱৎ কৰাৰ বাবে জাহাজখনক আটক কৰাৰ বাবে মামলা দাখিল কৰিছিল । পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব অহা 7 মাৰ্চত । 2023 চনৰ 30 নৱেম্বৰত পাৰাদ্বীপ বন্দৰৰ জাহাজৰ বাৰ্থৰ পৰা শুল্ক বিভাগে 22 কিলোগ্ৰাম কোকেইন জব্দ কৰিছিল ।

Orissa HC Orders arrest of Cocaine ship in Paradip
পাৰাডিপত বিতৰ্কিত জাহাজ গ্ৰেপ্তাৰৰ নিৰ্দেশ উৰিষ্যা উচ্চ ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী: ওড়িশা উচ্চ ন্যায়ালয়ে পাৰাদ্বীপ বন্দৰত বিতৰ্কিত জাহাজ এম ভি দেৱীক আটক কৰিবলৈ নিৰ্দেশ দিছে । শুকুৰবাৰে ওড়িশা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই আদেশ ৷ উচ্চ ন্যায়ালয়ে এমভি দেৱী জাহাজৰ বাৰ্থ পেমেণ্ট সমস্যাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । 2023 চনৰ 30 নৱেম্বৰত এম ভি দেৱী জাহাজৰ পৰা প্ৰায় 220 কোটি টকাৰ 22 কিলোগ্ৰাম কোকেইন পাৰাদ্বীপ বন্দৰত ডক কৰে ।

পাৰাদ্বীপ ইণ্টাৰনেশ্যনেল কাৰ্গো টাৰ্মিনেল প্ৰাইভেট লিমিটেডে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে । পাৰাদ্বীপ ইণ্টাৰনেশ্যনেল কাৰ্গো টাৰ্মিনেল প্ৰাইভেট লিমিটেডে দাবী কৰিছে যে, এমভি দেৱী জাহাজ কৰ্তৃপক্ষই পাৰাদ্বীপ বন্দৰলৈ বৃহৎ পৰিমাণৰ ধন 7,95,47,170/- টকা আদায় দিব লাগিছিল । আবেদনকাৰীয়ে আঙুলিয়াই দিয়ে যে বাৰ্থৰ ভাড়া, জৰিমনা, সুত, আইনী খৰচ আদিকে ধৰি মুঠ 7 কোটি 95 লাখ 47 হাজাৰ 170 টকাৰ পৰিশোধ এম ভি দেৱী জাহাজে আদায় দিব লাগে । আবেদনযোগে জাহাজখনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে কাৰ্গো টাৰ্মিনেল প্ৰাইভেট লিমিটেডে ।

উল্লেখযোগ্য যে, 2023 চনৰ 30 নৱেম্বৰত পাৰাডিপ বন্দৰৰ জাহাজৰ বাৰ্থৰ পৰা শুল্ক বিভাগে 22 কিলোগ্ৰাম কোকেইন জব্দ কৰে । জাহাজখন ইণ্ডোনেছিয়াৰ পৰা আহি ডেনমাৰ্কলৈ যাব ওলাইছিল ।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ভি নৰসিংহই এই অন্তৱৰ্তীকালীন নিৰ্দেশ গৃহীত কৰে । পিআইচিটিয়ে এডমিৰালটি (জুৰিচিডিকচন এণ্ড চেটলমেণ্ট অৱ মেৰিটাইম ক্লেইমছ) এক্ট, 2017 ৰ অধীনত সামুদ্ৰিক দাবী বলৱৎ কৰাৰ বাবে জাহাজখনক গ্ৰেপ্তাৰ কৰাৰ বাবে মামলা দাখিল কৰিছিল । পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব অহা 7 মাৰ্চত ।

লগতে পঢ়ক: অষ্ট্ৰেলিয়ালৈ কোকেইন ৰপ্তানিৰ অপৰাধত 33 বছৰৰ কাৰাদণ্ড ভাৰতীয় মূলৰ দম্পতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.