ETV Bharat / bharat

বিশ্ব ধৰিত্ৰী দিৱসৰ উপলক্ষে গুগলৰ বিশেষ ডুডল প্ৰদৰ্শন; জানেনে গুগলৰ প্ৰত্যেক অক্ষৰৰ অৰ্থ... - World Earth Day

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 4:21 PM IST

WORLD EARTH DAY: বিশ্বব্যাপী অনুসন্ধান ইঞ্জিন গুগলে বিশ্ব ধৰিত্ৰী দিৱসৰ উপলক্ষে পৃথিৱীৰ প্ৰাকৃতিক সৌন্দৰ্য সমৃদ্ধ জৈৱ বৈচিত্ৰ্য প্ৰদৰ্শন কৰিবলৈ বিহংগম দৃষ্টিৰে তোলা কেইখনমান ফটো ব্যৱহাৰ কৰিছে ৷ গ্ৰহটোৰ কল্যাণ আৰু ই সমৰ্থন কৰা সকলো জীৱনৰ প্ৰতি প্ৰত্যাহ্বানৰ বিষয়ে বিশ্বব্যাপী জনসজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি 22 এপ্ৰিলত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে ৷

Google Doodle Showcases Planet Natural Beauty; Here's What Each Letter Represents
বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস ৷ প্ৰতি বছৰে ২২ এপ্ৰিলত এই দিৱস পালন কৰা হয় । সোমবাৰে সমগ্ৰ বিশ্বৰ নাগৰিকসকলে বিশ্ব পৃথিৱী দিৱস পালন কৰাৰ সমান্তৰালকৈ গুগলে এক ডুডলৰ জৰিয়তে গ্ৰহটোৰ প্ৰাকৃতিক সৌন্দৰ্য উদযাপন কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিহংগম দৃষ্টিৰে সংগ্ৰহ কৰা ফটো প্ৰদৰ্শন কৰিছে ৷

এই ল’গ’টোৱে জনসাধাৰণ আৰু চৰকাৰে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে কৰি থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে ৷ গুগলে ডুডলৰ লগত এটা চমু ভিডিঅ’ও প্ৰচাৰ কৰে ৷ এই ভিডিঅ’টোত গুগলৰ ল’গ’টো প্ৰস্তুত কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা কেনেদৰে এই ছবিসমূহ বাছনি কৰা হৈছিল তাকেই দেখুওৱা হৈছে ৷

গুগল ডুডল কি?

গুগল ডুডল হৈছে গুগল ল’গ’ৰ এক সাময়িক পৰিৱৰ্তন ৷ গুগল ডুডলত সাময়িকভাৱে এটা বিশেষ বন্ধৰ দিন, এক গুৰুত্বপূৰ্ণ তাৰিখ, অথবা সমাজলৈ ইতিবাচক অৱদান আগবঢ়োৱা কোনো প্ৰভাৱশালী ব্যক্তিৰ ফটো আদি প্ৰস্তুত কৰি সেই বিশেষ দিনটোত উচৰ্গা কৰা হয় ৷

ডুডলৰ প্ৰতিটো আখৰৰ অৰ্থ :

জি (G): তুৰ্ক আৰু কাইকোচ দ্বীপপুঞ্জ । এই দ্বীপবোৰত গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্য অঞ্চল আছে যাৰ উদ্দেশ্য হৈছে চলিত পাৰিপাৰ্শ্বিক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা ৷ ইয়াৰ ভিতৰত আছে প্ৰাকৃতিক সম্পদ আৰু তুৰ্ক আৰু কাইকোচ দ্বীপপুঞ্জৰ ৰ’ক ইগুয়ানাৰ দৰে দুৰ্লভ প্ৰজাতিসমূহ পুনৰুদ্ধাৰ কৰা ।

অ’ (O): স্কৰ্পিয়ন ৰীফ ৰাষ্ট্ৰীয় উদ্যান, মেক্সিকো । এই উদ্যানখনক আৰেচিফে ডি আলাক্ৰেইন বুলিও জনা যায় ৷ ই হৈছে মেক্সিকোৰ দক্ষিণ উপসাগৰৰ সৰ্ববৃহৎ প্ৰাচীৰ আৰু ইউনেস্কো জৈৱমণ্ডল সংৰক্ষিত অঞ্চল । এই সুৰক্ষিত অঞ্চলটোত কেইবাটাও বিৰল প্ৰজাতিৰ চৰাই আৰু কাছৰ প্ৰজাতিয়ে আশ্ৰয় লৈ আছে ৷

অ’ (O): Vatnajökull ৰাষ্ট্ৰীয় উদ্যান, আইচলেণ্ড। কেইবা দশকৰ বিবাদৰ পিচত 2008 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে এই উদ্যানখনে ৷ এই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰখনে ইউৰোপৰ সৰ্ববৃহৎ হিমবাহৰ আশে-পাশে পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰে । এই উদ্যানখনত আগ্নেয়গিৰি আৰু হিমবাহৰ বৰফৰ মিশ্ৰণৰ ফলত এক বিৰল দৃশ্য দেখা যায় লগতে বহুতো ভিন্ন প্ৰজাতিৰ উদ্ভিদো পোৱা যায় ৷

জি (G): Jaú ৰাষ্ট্ৰীয় উদ্যান, ব্ৰাজিল । ই পাৰ্ক নাচিওনেল ডো Jaú নামেৰেও জনাজাত ৷ ই দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ বন সংৰক্ষিত অঞ্চল আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ ভিতৰত এখন । আমাজন বৰ্ষাৰণ্যৰ কেন্দ্ৰত অৱস্থিত এই উদ্যানখন ই লতামাকৰি বাঘ, নাহৰফুটুকী বাঘ, বিশাল আকাৰৰ ছীল, আমাজনিয়ান মানেটি ধৰি বহু প্ৰজাতিৰ জীৱৰ বাসস্থান ৷

এল (L): গ্ৰেট গ্ৰীণ ৱাল, নাইজেৰিয়া । 2007 চনত আফ্ৰিকান ইউনিয়নৰ নেতৃত্বত আৰম্ভ হোৱা এই গ্ৰীণ ৱালে মৰুভূমিকৰণৰ দ্বাৰা প্ৰভাৱিত ভূমি পুনৰ সজীৱ কৰি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা কৰি আছে ৷ বহনক্ষম ভূমি ব্যৱস্থাপনা পদ্ধতি সঠিকভাৱে ৰূপায়ণ কৰিবলৈ অঞ্চলটোত গছ-গছনি ৰোপণ কৰা হয় । ই অঞ্চলটোৰ লোক আৰু সম্প্ৰদায়সমূহক অৰ্থনৈতিক ক্ষেত্ৰত সুযোগ বৃদ্ধি কৰাৰ লগতে, খাদ্য সুৰক্ষা আৰু জলবায়ুৰ স্থিতিস্থাপকতাও প্ৰদান কৰি আহিছে ।

ই (E): পিলবাৰা দ্বীপপুঞ্জ নেচাৰ ৰিজাৰ্ভছ, অষ্ট্ৰেলিয়া । ই অষ্ট্ৰেলিয়াৰ 20 টা নেচাৰ ৰিজাৰ্ভছৰ ভিতৰত অন্যতম ৷ এই নেচাৰ ৰিজাৰ্ভছে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে, বিৰল প্ৰাকৃতিক সম্পদৰ বাসস্থান, আৰু কেইবাটাও বিৰল প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান,যাৰ ভিতৰত আছে একাধিক প্ৰজাতিৰ সামুদ্ৰিক কাছ, তীৰ চৰাই আৰু সাগৰীয় চৰাই ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস- গ্ৰহ বনাম প্লাষ্টিক - Earth Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.