ETV Bharat / bharat

নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ জিম্মা ১৭ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:08 PM IST

NewsClick case: চীনাপন্থী প্ৰচাৰৰ অভিযোগত নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইছ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক যোৱা বছৰৰ ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল । সোমবাৰে আদালতে তেওঁলোক দুয়োৰে জিম্মা ১৭ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে ।

NewsClick case
নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ জিম্মা ১৭ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : দিল্লীৰ পাটিয়ালা হাউচ আদালতে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু এইছ আৰ মুৰব্বী অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ১৭ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰদীপ কৌৰে এই সন্দৰ্ভত ৰায় প্ৰদান কৰে । সোমবাৰে প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা সমাপ্ত হৈছিল । পিচত দুয়োকে আদালতত হাজিৰ কৰোৱা হয় । ২০ জানুৱাৰীত আদালতে তেওঁলোক দুয়োৰে ন্যায়িক জিম্মা ২৯ জানুৱাৰীলৈ বৃদ্ধি কৰিছিল ।

২০২৩ চনৰ ২২ ডিচেম্বৰত আদালতে তেওঁলোক দুয়োকে ২০ জানুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ২২ ডিচেম্বৰত আদালতে নিউজ ক্লিকৰ বিৰুদ্ধে ইউএপিএ-ৰ অধীনত অভিযোগৰ তদন্ত কৰিবলৈ দিল্লী আৰক্ষীৰ বিশেষ কোষক অতিৰিক্ত ৬০ দিনৰ সময় দিছিল । দিল্লী আৰক্ষীয়ে কৈছিল যে বিষয়টোৰ তদন্ত কৰিবলৈ তেওঁলোকক অধিক সময়ৰ প্ৰয়োজন । দিল্লী আৰক্ষীৰ বিশেষ কোষে তদন্তৰ বাবে ৯০ দিনৰ সময় বিচাৰিছিল । ৯ জানুৱাৰীত আদালতে অমিত চক্ৰৱৰ্তীক চৰকাৰী সাক্ষী হ'বলৈ অনুমতি দিছিল ।

প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক দিল্লী আৰক্ষীয়ে ২০২৩ চনৰ ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল । নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদনৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল । নিউয়ৰ্ক টাইমছে প্ৰতিবেদন দিছিল যে নিউজ ক্লিকে চীনা প্ৰচাৰৰ বাবে ধন লাভ কৰিছিল । বাতৰি অনুসৰি, আমেৰিকান মিলিয়নেয়াৰ নেভিল ৰয় সিংঘমে চীনৰ প্ৰচাৰৰ বাবে নিউজ ক্লিকক ধন দিছিল ।

২০২৩ চনৰ ৩ অক্টোবৰত এই গোচৰত কেইবাগৰাকী সাংবাদিক, ইউটিউবাৰ আৰু কাৰ্টুনিষ্টৰ বিৰুদ্ধে তালাচী চলোৱা হৈছিল । ইয়াৰ পিচত দিল্লী আৰক্ষীয়ে প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে । দিল্লী আৰক্ষীৰ বিশেষ কোষৰ মতে নিউজ ক্লিক পৰিচালনা কৰা পিপিকে নিউজক্লিক ষ্টুডিঅ' প্ৰাইভেট লিমিটেডে দেশক বদনাম কৰিবলৈ পৰিশোধিত বাতৰিৰ জৰিয়তে বিদেশৰ পৰা পুঁজি লাভ কৰিছিল ।

লগতে পঢ়ক :Newsclick Contoversy : প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মা ২৫ অক্টোবৰলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.