ETV Bharat / bharat

নিৰ্বাচন আয়োগৰ সিদ্ধান্তক গণতন্ত্ৰৰ হত্যা আখ্যা শাৰদ পাৱাৰ গোটৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 11:00 PM IST

Nationalist Congress Party: প্ৰতিষ্ঠাপক শাৰদ পাৱাৰক বিমুখ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ নাম আৰু প্ৰতীক অজিত পাৱাৰ গোটক প্ৰদান কৰে ৷ এই কাৰ্যক গণতন্ত্ৰৰ হত্যা বুলি অভিহীত কৰিছে শাৰদ পাৱাৰে ৷

Nationalist Congress Party
Murder of Democracy

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী: অজিত পাৱাৰ ফৈদটোৱেই হৈছে প্ৰকৃত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি ৷ নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰদান কৰিলে এই ৰায় ৷ দলটোৰ প্ৰতিষ্ঠাপক তথা অজিত পাৱাৰৰ খুৰাক শাৰদ পাৱাৰৰ সৈতে কেইবামাহো ধৰি চলি থকা দলীয় যুঁজখনৰ লগতে অনেক জল্পনা-কল্পনাৰ অন্ত পৰিল । এক নিৰ্দেশত নিৰ্বাচন আয়োগে অজিত পাৱাৰৰ নেতৃত্বত গঠিত গোটটোক এনচিপিৰ চিম্বল ‘ৱাল ক্লক’ ব্যৱহাৰৰ অনুমতি দিয়ে ।

আয়োগে জনোৱা মতে, এনে আবেদনৰ ৰক্ষণাবেক্ষণ যোগ্যতাৰ বিস্তৃত পৰীক্ষাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে ৷ য’ত দলীয় সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰীক্ষা, দলীয় সংবিধানৰ পৰীক্ষা আৰু সাংগঠনিক আৰু বিধানসভা উভয়ৰে সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষা আদি অন্তৰ্ভুক্ত কৰা হৈছে ।

সমীক্ষা কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰে যে বিধায়িনী শাখাত সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষাই গোচৰৰ এই পৰিস্থিতিত অনুকূলতা লাভ কৰিছে ৷ য’ত দুয়োটা গোটে দলীয় সংবিধান আৰু সাংগঠনিক নিৰ্বাচনৰ বাহিৰত কাম কৰা দেখা গৈছে ।

শাৰদ পাৱাৰৰ নেতৃত্বত গঠিত গোটটোক আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বুধবাৰে বিয়লিৰ ভিতৰত নিজৰ ৰাজনৈতিক সংগঠনৰ নাম দাবী আৰু তিনিটা পছন্দ প্ৰদান কৰাৰ বাবে “এককালীন বিকল্প” প্ৰদান কৰি নিৰ্বাচন আয়োগে ৰেহাই দিয়ে ।

বিগত বৰ্ষৰ জুলাই মাহত এন চি পিৰ সংখ্যাগৰিষ্ঠ বিধায়ক লৈ অজিত পাৱাৰে মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত বিজেপি-শিৱসেনা চৰকাৰক সমৰ্থন কৰিছিল ।

বৰ্তমান মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে এই সিদ্ধান্তক নম্ৰতাৰে গ্ৰহণ কৰা বুলি কোৱাৰ বিপৰীতে শৰদ পাৱাৰৰ শিবিৰে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক “গণতন্ত্ৰৰ হত্যা” বুলি অভিহিত কৰে । নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰৰ গোটে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এই নামৰ লগতে দলীয় প্ৰতীক ৷

লগতে পঢ়ক: এনচিপিৰ অজিত পাৱাৰ গোটহে মূল: সিদ্ধান্ত দিলে নিৰ্বাচন আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.