ETV Bharat / bharat

8.5 ফুট দৈৰ্ঘৰ জোতা তৈয়াৰ কৰিবলৈ ব্যয় কৰিলে ডেৰ লাখ টকা - Eight and a half feet Jooti

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 12:49 PM IST

Eight and a half feet Jooti : ৰাজস্থানৰ যোধপুৰত এহাল মাতৃ-পুত্ৰৰ আশ্চৰ্যকৰ উদ্ভাৱন ৷ 8.5 ফুট দৈৰ্ঘৰ জোতা তৈয়াৰ কৰিলে মাতৃ-পুত্ৰই ৷ সমগ্ৰ জোতাপাতত মধুবনী কলা আধাৰিত এম্ব্ৰইডাৰী কৰিছে 68 বছৰীয়া মাতৃগৰাকীয়ে । পঢ়ক সবিশেষ

Eight and a half feet Jooti
মাতৃ-পুত্ৰৰ তিনিমাহযোৰা কষ্ট, প্ৰস্তুত কৰি উলিয়ালে 8.5 ফুট দৈৰ্ঘ্যৰ বিশেষ জোতা (ETV Bharat Rajasthan)

নেশ্যনেল ডেস্ক, 8 মে’ : কষ্টৰ ফল মিঠা - এই আপ্তবাক্যশাৰী প্ৰমাণ কৰিলে এহাল মাতৃ-পুত্ৰই ৷ ৰাজস্থানৰ যোধপুৰত মাতৃ-পুত্ৰৰ যুটিয়ে তিনি মাহৰ কষ্টৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এপাত 8.5 ফুট দৈৰ্ঘৰ জোতা ৷ জোতাপাতত মধুবনী কলা আধাৰিত এম্ব্ৰইডাৰী কৰিছে 68 বছৰীয়া মাতৃয়ে ৷

উল্লেখ্য যে, মাৰোৱাৰী মোচ্চি (জুট্টি) ইয়াৰ এম্ব্ৰইডাৰীৰ বাবে বিখ্যাত । চহৰখনৰ নিবাসী এই মাতৃ-পুত্ৰই এম্ব্ৰইডাৰীৰ অতুলনীয় কলাৰ সহায়ত 8.5 ফুট দৈৰ্ঘৰ জোতাপাত তৈয়াৰ কৰিছে । প্ৰায় তিনি মাহ ধৰি 68 বছৰীয়া চন্দ্ৰা দেৱীয়ে এই জোতাপাতত মধুবনী কলাৰে এম্ব্ৰইডাৰী কৰিছে । সম্প্ৰতি এই বিশেষ জোতাপাতৰ বাবে বিশ্ব ৰেকৰ্ডত স্থান অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে মাতৃ-পুত্ৰই ৷

কেনেকৈ প্ৰস্তুত কৰা হৈছিল এই জোতা ?

চন্দ্ৰা দেৱীৰ পুত্ৰ মোহনলালে কয় যে, এয়া তেওঁলোকৰ পৈতৃক কলা ৷ তেওঁলোকে বহুবছৰ জোতা প্ৰস্তুত কৰাৰ কাম কৰি আহিছে ৷ তেওঁলোকে প্ৰথমে চাৰে চাৰি ফুটৰ জোতা প্ৰস্তুতৰ কথা ভাবিছিল ৷ এই লক্ষ্য আগত ৰাখিয়েই মাতৃ-পুত্ৰই কাম আৰম্ভ কৰিছিল ৷ প্ৰায় 3 মাহতকৈ অধিক সময় ধৰি প্ৰায় ডেৰ লাখ টকা খৰচ কৰি এই বিশাল আকাৰৰ জোতাপাত প্ৰস্তুত কৰা হৈছিল ৷ তেওঁৰ মাতৃয়ে জোতাপাতৰ ওপৰত এম্ব্ৰইডাৰী কৰাৰ কাম কৰে ৷ তেওঁলোকৰ এম্ব্ৰইডাৰী ইমানেই সুন্দৰ আছিল যে. তেওঁলোকক প্ৰায় গ্ৰাহকেই জোতাৰ বাবে অৰ্ডাৰ দিছিল ৷

Eight and a half feet Jooti
চন্দ্ৰা দেৱী (ETV Bharat Rajasthan)

ৰাষ্ট্ৰপতিৰ সন্মান লাভ :

মোহনলালে কয় যে, নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজী (এনআইএফটি) আৰু ফুটৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট (এফডিডিআই) ৰ দৰে প্ৰতিষ্ঠানসমূহে তেওঁলোকক কাৰুশিল্প শিকোৱাৰ বাবে আহ্বান জনায় । চন্দ্ৰা দেৱীয়ে কয় যে, তেওঁ বহুতো মহাবিদ্যালয়ত কাৰুশিল্পৰ অধ্যাপনা কৰে । যোধপুৰৰ এন আই এফ টি ছাত্ৰীসকলেও তেওঁৰ পৰা এম্বইডাৰীৰ প্ৰশিক্ষণ লৈছে ৷ চন্দ্ৰা দেৱীৰ কাৰুশিল্পই মালয়েছিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছে । মাতৃ-পুত্ৰ দুয়োকে ক্ৰাফ্ট আৰ্টৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে । চন্দ্ৰা দেৱীক ৰাষ্ট্ৰপতিয়ে সন্মানিত কৰিছিল ।

প্ৰথমে দুই ফুট, তাৰ পিচত 6 আৰু এতিয়া আঠ ফুট জোতা প্ৰস্তুত কৰিছে :

মোহনলালে কয় যে, তেওঁলোকৰ প্ৰয়াস হৈছে এনে এটা কাম কৰা যি তেওঁলোকৰ পৰিচয়ৰ লগতে মানুহক আকৰ্ষিত কৰে ৷ এইপাত জোতা তৈয়াৰ কৰাৰ পূৰ্বে তেওঁলোকে দুই ফুট, চাৰি ফুট আৰু 6 ফুটৰ জোতাও তৈয়াৰ কৰিছিল ৷ দিল্লীত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ছেমি ফাইনেল ৰাউণ্ডৰ এটা খণ্ডত সকলো মডেলে তেওঁলোকৰ পৰম্পৰাগত পোছাকৰ সৈতে যোধপুৰী জোতা পিন্ধিছিল । যিবোৰ মাতৃ-পুত্ৰই একেলগ হৈ তৈয়াৰ কৰিছিল ৷

লগতে পঢ়ক: শ্বাহী ঈদগাহেই শ্ৰী কৃষ্ণৰ জন্মস্থান; উচ্চ ন্য়ায়ালয়ত দাবী হিন্দু পক্ষৰ অধিবক্তাৰ - Shahi Eidgah case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.