ETV Bharat / bharat

পদপথৰ কুকুৰৰ বাবেই চৰকাৰী চাকৰি ত্যাগ ছোনিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 4:27 PM IST

Dog lover in Meerut : পদপথৰ কুকুৰৰ সেৱাত ব্ৰতী ছোনিয়া ৷ কুকুৰৰ বাবেই ছোনিয়াই ত্যাগ কৰিছে দুটাকৈ চৰকাৰী চাকৰি ৷ পিছে কোন এই ছোনিয়া ?

Dog lover in Meerut
পদপথৰ কুকুৰৰ সেৱাত ব্ৰতী ছোনীয়া
পদপথৰ কুকুৰৰ সেৱাত ব্ৰতী ছোনীয়া

নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী : উত্তৰ প্ৰদেশৰ গংগানগৰৰ আই ব্লকৰ বাসিন্দা ছোনিয়া ৷ মানুহৰ মাজত ছোনিয়া পৰিচিত ৰাস্তাৰ কুকুৰপ্ৰেমী বুলি । কিয়নো ৰাস্তাত যদি আঘাতপ্ৰাপ্ত বা বিপদত পৰা কুকুৰ দেখে তেন্তে ছোনিয়াই তেনে কুকুৰক নিজৰ ঘৰলৈ লৈ আহে । তাৰ পাচত ছোনিয়াই তেনে কুকুৰৰ যত্ন লয় ৷ কুকুৰৰ বাবে ইতিমধ্য়ে ছোনিয়াই দুটা চৰকাৰী চাকৰিও ত্যাগ কৰিছে ।
২০২১ চনত অৰ্ধসামৰিক বাহিনীত চাকৰি পাইছিল :

Dog lover in Meerut
পদপথৰ কুকুৰৰ সেৱাত ব্ৰতী ছোনীয়া

ছোনিয়াই ২০২১ চনত অৰ্ধসামৰিক বাহিনীত চাকৰি পাইছিল । কিন্তু একমাত্ৰ কুকুৰ সেৱাৰ বাবে ছোনিয়াই চাকৰিত যোগদান নকৰিলে ৷ জানিব পৰা মতে, বৰ্তমান ছোনিয়াৰ লগত ২৫টাতকৈও অধিক অংগ-প্ৰত্যংগক্ষত ৰাস্তাৰ কুকুৰ আছে । তাৰে কিছুমান কুকুৰৰ যদি ভৰি নাই, আন কোনোবাটোৱে আকৌ দেখা নাপায় ৷

ছোনিয়াই কয় যে যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশ পুলিচত চাকৰি পাইছিল, তেতিয়া তেওঁ কুকুৰক সেৱা কৰিবলৈকে চাকৰিটোত যোগদান কৰা নাছিল । ইয়াৰ পিচত তেওঁ আকৌ এটা চৰকাৰী চাকৰি পালে । পিতৃ-মাতৃৰ অনোৰোধ মৰ্মে তেওঁ সেই চাকৰিটোত যোগদান কৰে ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ সেই চাকৰিটোও ত্যাগ কৰে ৷

শ শ কুকুৰক জীৱন দিলে :

Dog lover in Meerut
কুকুৰৰ বাবেই চৰকাৰী চাকৰি ত্যাগ

ছোনিয়াই কয় যে য’তেই কোনো জন্তু দুৰ্ঘটনাৰ সন্মুখীন হয় বা কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হয় মানুহৰৰ খবৰৰ ভিত্তিত তেওঁ তাত উপস্থিত হৈ উদ্ধাৰ কৰে কুকুৰ ৷ এই ক্ষেত্ৰত ছোনিয়াক কাষৰীয়াসকলেও সহায় কৰি আহিছে ৷

ছোনিয়াৰ পিতৃয়ে এইক্ষেত্ৰত কয় যে ছোনিয়াক তেওঁ বাৰম্বাৰ চাকৰি ত্যাগ নকৰিবলৈ বুজাইছিল ৷ কিন্তু ছোৱালীজনীয়ে তেওঁৰ কথা নুশুনিলে । তেওঁৰ ছোৱালীজনী কুকুৰৰ সৈতে সময় অতিবাহিত কৰি, কুকুৰৰ শুশ্ৰূষা কৰি ভাল পায় ৷ সেয়ে ছোৱালীজনীৰ সুখতে আজি সুখী তেওঁৰ পিতৃ ৷

লগতে পঢ়ক : প্ৰসংগ: বিহাৰৰ ৰাজনীতি; আজি বিয়লি ৪ বজাত পাটনাত বিজেপি বিধায়িনী দলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.