ETV Bharat / bharat

মধ্য প্ৰদেশৰ অবৈধ আতচবাজীৰ কাৰখানাত বিস্ফোৰণ, ৬ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:12 PM IST

Harda firecracker factory blast: মধ্য প্ৰদেশৰ হাৰদা জিলাত অবৈধ আতচবাজীৰ কাৰখানাত ভয়ংকৰ বিস্ফোৰণ । বৃহত্তৰ অঞ্চলটোত জুই বিয়পি পৰিছে । ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

Harda firecracker factory blast
মধ্য প্ৰদেশৰ অবৈধ আতচবাজীৰ কাৰখানাত বিস্ফোৰণ

নেশ্যনেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : মধ্য প্ৰদেশৰ হাৰদা জিলাত এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে এটা অবৈধ আতচবাজীৰ কাৰখানাত বিস্ফোৰণৰ পিচতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বাতৰি যুগুত কৰা পৰ্যন্ত এই ঘটনাত ৬ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ৪০ ৰো অধিক লোক এই ঘটনাত আহত হৈছে ।

কাৰাখানত সূত্ৰপাত হোৱা জুই অঞ্চলটোত বিয়পি পৰাৰ খবৰ পোৱা গৈছে । প্ৰাথমিক তথ্য অনুসৰি, চহৰখনৰ মাগাৰ্ডা ৰোডত এই অবৈধ আতচবাজী কাৰখানাটো আছিল । কাৰাখানাত বৃহৎ পৰিমাণৰ আতচবাজী মজুত আছিল । ফলত প্ৰচণ্ড বিস্ফোৰণ আৰু ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । দুৰ্ঘটনাটোত বহুতো লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে ।

এই অগ্নিকাণ্ডই ইমানে ভয়ংকৰ ৰূপ লৈছে যে ইয়াৰ ধোঁৱা কেইবা কিলোমিটাৰ দূৰৰ পৰা দৃশ্যমান হৈছে । কাৰখানাৰ পৰা সৃষ্টি হোৱা জুইৰ মাজতে প্ৰচণ্ড বিস্ফোৰণৰ ফলত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈছে আৰু জুই নিৰ্বাপণৰ চেষ্টা চলাইছে ।

ইতিমধ্যে আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কাৰাখানাৰ সমীপৰ পথেৰে যোৱা লোকসকলো ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে । সমীপৰ ৫০ তকৈও অধিক ঘৰত জুইত আৱৰি পৰিছে । প্ৰশাসনে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে । আটাইকেইজন আহতক জিলাখনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সমীপৰ বাসিন্দাৰ ঘৰবোৰো খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক : তেলেংগানা আৰক্ষীৰ বিশ্লেষণ, ৭৭ জন লোকে সংঘটিত কৰিছে ৯০০০ চাইবাৰ অপৰাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.